আমাক নতুন বিষ্ণু ৰাভা লাগে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

আমাক নতুন বিষ্ণু ৰাভা লাগে

 

আমাক নতুন বিষ্ণু ৰাভা লাগে


ৰঞ্জু গায়ন বৰুৱা

নামৰূপ


    সমৰ ইতিহাসৰ বুকুত চিৰযুগমীয়া হৈ মহানবিপ্লৱী শিল্পী বিষ্ণু ৰাভা হেৰাই গ’ল। বিষ্ণু ৰাভাৰ সকলো কাম, সকলো চিন্তাই যে বাস্তৱত ৰূপায়িত হ’ল এনে নহয়। আধৰুৱাকৈ বহু কাম থাকিল। তদুপৰি বিষ্ণু ৰাভা সম্পৰ্কে বিভিন্ন দিশত ডাঙৰ হৈ তোমালোকে আৰু বহু কথা পঢ়িব লাগিব। যিমানেই পঢ়িবা যিমানেই তোমালোকৰ বিষ্ণুৰাভা সম্পৰ্কে অধিক জানিবলৈ ইচ্ছা যাব আৰু সমূহ দিশ খৰচি মাৰি পঢ়িলেহে বিষ্ণু ৰাভা সম্পৰ্কে জনা সম্পূৰ্ণ হ’ব।

   যিজন ব্যক্তি সুন্দৰ সুঠাম দেহৰ, কেঁকোৰা চুলিৰ, বহল মুখৰ, সদায় হাঁহি থকা বহল মনৰ, কোমল অন্তৰৰ সেই শিল্পী গৰাকীৰ ছবিখন নিশ্চয় তোমালোকে দেখিছা। তেওঁৰ গীতবোৰ যাক আমি “ৰাভা সংগীত” বুলি কওঁ — তোমালোকে হয়তো গাইছা বা শুনিছা। তেওঁ লিখা কবিতাও নিশ্চয় তোমালোকে আবৃত্তি কৰিছা।

    তোমালোকক অতি দুখেৰে কবলৈ ওলাইছো যে বৰ্তমান অসমত অলেখ শিল্পী আছে কিন্তু বিষ্ণু ৰাভাৰ চিন্তা কৰ্মৰ প্ৰতিফলন ঘটাব পৰা দ্বিতীয় এজন বিষ্ণু ৰাভা আজিও নাই। ৰাইজৰ হিয়াৰ আমঠুহৈ দৰিদ্ৰ জনতাৰ মাজে মাজে গৈ সংস্কৃতি মৌকোঁহ গোটাই অসমীয়া সমাজৰ মৌ বিচনী তৈয়াৰ কৰা অসমীয়া সংস্কৃতি চিৰসুন্দৰ ৰূপৰ মাধুৰী পান কৰি বৰ্তমান বৈজ্ঞানিক যুগত ইয়াৰ পৰিবৰ্তন সাধনৰ বাবে, আঁচনিগতভাৱে আগবঢ়া সচাঁ শিল্পী এতিয়া অসমত নাই বুলিয়েই ক’ব পাৰি। বিষ্ণু ৰাভাৰ সমস্ত চিন্তা কৰ্মৰাজি অধ্যয়ন কৰি তোমালোকে নতুন যুগৰ নতুন বিষ্ণুৰাভা হ'বলৈ আগবঢ়াৰ সময় হৈছে আৰু তেতিয়াহে অসমৰ ভাষা, সাহিত্য, শিল্পৰ ক্ষেত্ৰত নতুন সূৰ্য্যৰ উদয় হ’ব। বিষ্ণু ৰাভাৰ দৰে শিল্পী হোৱাৰ সংগ্ৰামী প্ৰচেষ্টা সৰুৰে পৰা আৰাম্ভ কৰিব লাগিব, তেতিয়াহে সফল হ’ব পাৰিবা।

      বিষ্ণু ৰাভাদেৱৰ লিখনি এটা বৰকৈ মনত পৰে — “কোনো প্ৰতিক্ৰিয়াশীল শক্তিয়ে যেনেকৈ ব্ৰক্ষপুত্ৰক ভেটিব নোৱাৰে, তেনেকৈ কোনো চক্ৰান্তকাৰী ষড়যন্ত্ৰকাৰীয়ে অসমীয়া কৃষ্টি, সংস্কৃতি, সাহিত্য সৰ্বনাশ সাধন কৰিব নোৱাৰে। যদি কোনোৱাই ভেটা দিয়ে, হেঙাৰ দিয়ে, ব্ৰক্ষপুত্ৰই সেই ভেটা ভাঙি মহাসাগৰৰ ফালে ঢাল খুৱাবই। বিষ্ণু ৰাভাদেৱেৰ এই কথা অতীত বৰ্তমান আৰু ভৱিষ্যত সকলো কালৰ বাবে সত্য।


Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages