জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

জীৱন

 


জীৱন

             ববী দত্ত

                টীয়ক


মই ফটা জোতা এযোৰ পিন্ধি গৈ আছোঁ

গৈ আছোঁ,

বহুদূৰ গৈ আছোঁ আৰু গৈ থাকিম

জোতাত সোমাই মোক আমনি কৰা শিলগুটি দুটামান আঁতৰাই  মই নিজকে সুধিছোঁ

মই বাৰু কলৈ গৈ আছোঁ?

মই কিয় গৈ আছোঁ?


হয় মই গৈ আছোঁ...


অভিশাপৰ দিনবোৰ ঘৈয়াই ঘৈয়াই মই গৈ আছোঁ

তেজবোৰ দেখোন  মুগা বৰণীয়া 

গোন্ধটোও পুৰণি হৈছে 

পতান পকেটৰ প্ৰেমৰ সুহুৰিৰ কি মূল্য আছে?


চন্দ্ৰৱলী হাঁহি দুটামান ওঁঠত পিন্ধিবলৈ বৰ মন যায় অ’

কিন্তু ওঁঠত আঠা নাই

নৰয়,সুলকি পৰিব । ফাগুনৰ পকা পাত সৰাৰ দৰে


আপোনাৰ তেজাল হাতৰ তলুৱাখনত মই মোৰ 

পৃথিৱীখন আঁকি চাব খোজোঁ

নজহা নপমা পৃথিৱীৰ সুখ

আপুনি বা মোক কি বুলি ভাবিছে

মৰিজাজী?

নে জাহ্নৱী।


মোৰ মুখত এখন বিকৃত মানচিত্ৰ সকলোৱে দেখা পায়

ঠিক মোৰ সংগীয়ে দেখি ঘোষণা পত্ৰ পাঠ কৰাৰ দৰে

মূৰৰ ওপৰত ৰখা হৈছে এটা ফটা ছাতি

ইচ্ছাৰে আকাশখন চাব পৰাকৈ মই সদায় প্ৰস্তুত

ৰ'দ আৰু বৰষুণৰ খেলা

ছাঁ আৰু পোহৰৰ মেলা।


উকা ! উকা মোৰ বুকু সদায় উকা।


মই  বতাহত হাউলি নপৰা চেচুকৰ ডেমদেউকা।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages