জীৱন অভীক্ষা
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা
মানুহ কেতিয়া দুখি হয়
যেতিয়া মনৰ মাজত চলে ধুমুহা
পোৱা-নোপোৱা, সঁচা-মিছাৰ...।
জীৱনৰ জতিল তৰিত
আমিবোৰ অসহায়, অনিৰ্বাণ আমাৰ মূৰ্ত ভাৱনা
লংতৰী জীৱন জিজ্ঞাসা
সপোন অভীক্ষা।
আমি কেতিয়া নিজৰ বাবে ভাৱো
যেতিয়া গম পাওঁ সকলো বিৰোধী আমাৰ
সকলো কেৱল নিজৰ সুখ, দুখৰ ভৰত গধূৰ মনৰ অধিকাৰী
আমি তেতিয়া কেৱল নিজৰ হৈ পৰো
জনম জনমলৈ নিজৰ হৈ থকাৰ প্ৰতিশ্ৰুতি ৰাখোঁ...
জীৱন এনেকুৱাই
পোৱা-নোপোৱাৰ দুমোজা
সুখ-দুখৰ প্ৰাচীন অৱকাশ এই জীৱন
এই জীৱনে আমাক সুখী হবলৈ শিকাই
সকলো পাহৰি আগুৱাই যাবলৈ শিকাই, সদায়ে, অহৰ্নিশে... অসীমলৈ…!
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment