ঘৰ গুচি বাঁহ তল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

ঘৰ গুচি বাঁহ তল

 

ঘৰ গুচি বাঁহ তল


                                 ধৰণী চেতিয়া

                         চিলাপথাৰ, ধেমাজি



ল’ৰাই আনে বোৱাৰী

বুঢ়াই আনে ছোৱালী

বোৱাৰীৰ পোৱালি হাতে পেটে দুটা ।।


ঘৈণী গুচি পৰকীয়াল হয়

অঙ্ক নিমিলিলে হয় জঙ্ক পঙ্ক 

ঘৰ গুচি হয় বাঁহ তল।।


হায় হায় হায় 

বিধিৰ কি বিপাক 

কথা আহি লাগক বুঢ়ীৰ কাণত 

বুঢ়ী আছিল আজলী-আকৰি 

শুনি কথা লাগক লেথা 

মুখত এখন সোমায় গোৱা চপক চপক কৰি

বিলাই দিলে ঘৰৰ কথা

চুবুৰীয়াক গৈ।।


পিছদিনা আহক বুঢ়ী

বুঢ়ীক দেখি বুঢ়াই 

ললে এখন কাঁচি 

বুঢ়ী উঠক খং

কিহৰ তই মতা

মৰিবলৈ মাজত মাথোঁ আছে দুটা দিন

বুঢ়া দেহাত লৰিছে পৰ্কতি 

আনিছ ফুলকুমলিয়া মালতী ।।


বুঢ়াৰ খং চুলিৰ আগ

আলচা কৰ্ম নহয় সিদ্ধি বাটত আছে কণা বিধি 

হাতৰ কাঁচি দিলে এৰি 

বুঢ়ীৰ ডিঙি গ'ল চিগি।।


হায় হায় হায়

অঙ্ক নিমিলিলে হয় জঙ্ক পঙ্ক 

ঘৰ গুচি হয় বাঁহ তল।।


বুঢ়াৰ খং থাম কাটিল

ভাবিলে গুণিলে বুঢ়াই

ৰাইজে মোক নথৈ নেৰে

ৰৌ ৰৌ নৰকত দিব

আনৰ কিল খুৱাতকৈ

নিজে মৰাই ভাল।।


বাৰীৰ কাষত নঙলা মুখত আছিল এজুপি আহত

গোহালিত আছিল পৰি বাৰ হাত মান এৰাল

তাকে আনি উঠিল গছত 

লগাই দিলে বুঢ়াৰ ডিঙিত 

বুঢ়া হ'ল ৰাম নাম সত্য।।


পিছদিনা গম পায় আহিল চুবুৰীয়া

দেখা পায় কুমলীয়া মালতীক

ৰাইজে নকৈ নোৱাৰিলে

অঙ্ক নিমিলিলে হয় জঙ্ক পঙ্ক

হায় হায় হায় 

বিধিৰ কি বিপাক 

ঘৰ গুচি হ’ল বাঁহ তল।।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages