সন্ত্ৰাসবাদী
কিশোৰ দাস
কি পাবা ?
আনৰ জীৱন কাঢ়ি ?
মাথো পাপ আৰু অভিশাপ,
ভৰ্ৎসনা আৰু ধিক্কাৰহে গোটাবা।
মানুহ বুলি নকয় কোনেও,
তোমাৰ পৰিচয় সন্ত্ৰাসবাদীহে।
অস্ত্ৰ সঞ্চালন ঠিকেই কৰা,
এবাৰ বিবেকৰ দ্বাৰা
সঞ্চালিত হৈ চোৱাচোন।
সাৱধান,
অনুশোচনাৰ জুইৰ তাপ
অতি ভয়ংকৰ।
পাপৰ বোজা লৈ
পাৰিবানে জীয়াই থাকিবলৈ ?
ঈশ্বৰৰ দৰৱাৰত
থিয় দিয়াৰ সাহসেইবা
আছেনে তোমাৰ ?
সৰগ বা নৰক
ক'তোৱেই নাই
তোমাৰ বাবে ঠাই।
কাৰণ
তোমাৰ পৰিচয় সন্ত্ৰাসবাদী।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment