পথাৰ আৰু বজাৰ
প্ৰশান্ত কুমাৰ দাস
ভৱানীপুৰ
কথা নিদিয়া হলে ভাল আছিল!
সি মোক আশা দিছিল,
আৰু মই তাইক কথা দিছিলো।
কথাত নহয় লেঠাবোৰহে দেখি
দীঘলকৈ কাঢ়িছিল তাই তাঁত বাটি।
সূতা ছিগিলেও বাটি নিছিঙে
বাটি ছিঙিলে সূতা জোৰা দিবলৈ,
ফনিয়াই সৰোওৱা থুত্কুৰিয়াই বেৰত খুচি থোৱা,
নৈখনত পৰুৱাৰ মাখাটো হেন হৈ উটি অহা মথাউৰিৰ কাষৰ আহতৰ শুকান ডালত ওলোমি ৰোৱা চুলিৰ চৰাইৰ বাহটো
শালিকাজনীয়ে লৈ আহে
তাতঁ-বাটিখনলৈ,
তাতো গীত আছে,
সুৰ আছে,
আছে নাচ,
তথাপি কন্ঠ নসৰে
কাৰোবাক কথা দিবলৈ।
তাই কথা দিয়াৰ আগতে চাট দিছিল।
চাটকে মাত আৰু মাতকে ভাত বুলি সিঁচি দিব বিচাৰিছে পথাৰখনত সি তাৰ দৃষ্টি,
পথাৰত ভাত নগজে,
তথাপি সেই ভুলৰে ফুল কাইটত ছটিয়াই ৰাতিৰ বাট বুলে।
পথাৰে নিচিনে বজাৰখন,
বানে ভঙা পজাৰ ছালৰ কামিহাড়ৰ যন্ত্ৰণাত
বজাৰ খনেহে চিনি পায় পথাৰখন,
মানুহৰ ভিৰত জিনিবলৈ কাৰোবাৰ মন্ত্ৰণাত।
পথাৰে নাজানে মানুহৰ নাম,
চকুৱে চাই থাকে কৃষকৰ কপালৰ ঘাম।
কৃষক হও বুলিৱেটো হব নোৱাৰি,
বোকাৰ প্ৰেমিক হৈ চিনাকী হব লাগিব তই
ৰদ, বতাহ বৰষুণত পিঠি পাতি।
বিজ্ঞাপনত গজিব জানোঁ সেউজীয়াৰ গুটি,
নাঙলত নেথাকিলে কৰ্ষনৰ শক্তি (?)
সেই বাবে কৈছো--
ভৰাল ভৰাবলৈ কাকোৱে নিদিবি কথা
উভতাইটো লব নোৱাৰি নিৰাশাৰ ব্যথা,
দিব খোজা যদি জুইকে দিবি বৰফবোৰ গলাবলৈ,
কেতিয়াও নিদিবি পানী,
বৰফ হবলৈ।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment