দিব্যাংগ সন্তানঃ এক শুভ লক্ষণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

দিব্যাংগ সন্তানঃ এক শুভ লক্ষণ

 

দিব্যাংগ সন্তানঃ এক শুভ লক্ষণ


লহৰজ্যোতি মৰাণ


    দিব্যাংগ সন্তান জন্ম লাভ কৰাটো কেৱল এটা বিশেষ ঘটনাই নহয়; ই এক নতুন আশাৰ, সাহসৰ আৰু সহানুভূতিক অনুভৱৰ সূচনা। সমাজৰ সাধাৰণ ধাৰণাৰ বিপৰীতে, দিব্যাংগ সন্তানক যেনে দুখৰ প্ৰতীক বুলি ধৰা হয়, কিন্তু সঁচাকৈয়ে এইসকল শিশুই হয় জীৱনৰ এক বিশেষ আশীৰ্বাদ। সিহঁতৰ ভিতৰত লুকাই থাকে এক অনন্য শক্তি, যি সাধাৰণ দৃষ্টিত ধৰা নপৰে।


    এজন দিব্যাংগ সন্তানৰ জন্মে পিতৃ-মাতৃ আৰু পৰিয়ালৰ সকলো সদস্যৰ জীৱন এক নতুন অভিজ্ঞতাৰ ফালে লৈ যায়। সিহঁতৰ প্ৰতি দৃষ্টিভংগী, ধৈৰ্য্য আৰু সহানুভূতিৰ দিশে এক আশ্চৰ্যজনক পৰিবৰ্তন আনে। এইসকল সন্তানেই নিজৰ সাহসেৰে, প্ৰতিভাৰে আৰু অক্লান্ত প্ৰচেষ্টাৰে বহু সময়তে সমাজক চমকিত কৰে। এনে সন্তানৰ লগত জীৱন কাটোৱাটো এক শিক্ষামূলক অভিযানৰ দৰেই।


    পিতৃ-মাতৃয়ে প্ৰথমতে হয়তো বিস্মিত, চিন্তিত বা ভয়ানক অনুভৱ কৰিব পাৰে, কিন্তু সময়ৰ লগে লগে তেওঁলোকে উপলব্ধি কৰে যে, তেওঁলোকৰ সন্তানটো অন্য কোনো সাধাৰণ শিশুৰ তুলনাত কম নহয়। প্ৰকৃততে, সিহঁতে বিভিন্ন ক্ষেত্ৰত এক উদাহৰণ হিচাপে আগবাঢ়ি আহে— সংগীত, কলা, শিক্ষাৰ লগতে খেলা-ধূলাৰ ক্ষেত্ৰতো।


   এই সময়ত পৰিয়ালৰ আৰু সমাজৰ সহায়-সহযোগ, মৰম আৰু উৎসাহ একান্তই প্ৰয়োজন। দিব্যাংগ সন্তানক কেতিয়াও দয়া বা তুচ্ছতাৰ দৃষ্টিৰে চাব নালাগে; তেওঁলোকক আত্মবিশ্বাস, স্নেহ আৰু সঠিক পথনির্দেশ দিয়াটো অতি জৰুৰী। সমাজে যদি সদিচ্ছাৰে আগবাঢ়ে, তেন্তে এইসকল সন্তানেই এদিন সমাজৰ বাবে গৌৰৱ হ’ব পাৰে।


  সেয়ে, দিব্যাংগ সন্তান জন্ম লাভ কৰাটো এটা ‘শুভ লক্ষণ’ বুলিয়েই গণ্য কৰিব লাগে। ই এনে এটা সুযোগ, যিয়ে এটা পৰিয়ালক ভালপোৱা, সহানুভূতি, উৎসৰ্গা আৰু উদ্যমৰ পথত আগবাঢ়ি লৈ যায়। ই এক নতুন আশাৰ, সাহসৰ আৰু জীৱন জয় কৰাৰ অভিযানৰ আৰম্ভণি। এই শিশুসমূহক মৰম কৰক, উৎসাহিত কৰক, আৰু চাওঁক—সিহঁতে কেনেকৈ নিজৰ পাখি মেলি আকাশৰ উচ্চতালৈ উৰি যায়।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages