লোক আদালত
ৰমেন বৰা
গহপুৰ
ৰাষ্ট্ৰীয় লোক আদালতত কি কি গোচৰ নিষ্পতি হয় সেইয়া হয়তো বহু সংখ্যক লোক ভালদৰে জ্ঞাত নহয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত জিলা আইন প্ৰাধিকাৰীৰ উদ্যোগত জিলা ন্যায়িক আদালতত ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰা হয়। লোক আদালতৰ জৰিয়তে ন্যায়িক আদালত সমূহত আপোচযোগ্য বিভিন্ন গোচৰ নিস্পতিৰ ব্যৱস্থা কৰা হয়। উক্ত লোক আদালতৰ জৰিয়তে ফৌজদাৰী গোচৰ অৰ্থাৎ criminal Cases, দেৱানী গোচৰ অৰ্থাৎ Civil Cases, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী ন্যায়ধিকৰণৰ গোচৰ, চেক বাউঞ্চ গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন, খৰতকীয়া নিষ্পতিৰ ব্যৱস্থা কৰা হয়। উপৰোক্ত গোচৰ সমূহৰ উপৰিও উক্ত লোক আদালতৰ জৰিয়তে বেংকৰ লেন দেন অৰ্থাৎ ঋণ সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাছুল, ট্ৰেফীক চালান সম্পৰ্কীয় বিবাদ সমূহৰো নিষ্পতিৰ ব্যৱস্থা কৰা হয়। জিলা ন্যায়িক আদালত সমুহত নিৰ্দিষ্ট এটা দিনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে আপোচযোগ্য বিভিন্ন গোচৰ নিস্পতিৰ ব্যৱস্থা কৰা হয়। যাৰ দ্বাৰা বিভিন্ন গোচৰত অভিযুক্ত বহু সংখ্যক লোকে গোচৰ মুক্ত হোৱাৰ সুবিধা লাভ কৰে।
Doksiri দকচিৰি, আগষ্ট, 2025
No comments:
Post a Comment