এক শৰণ নৱ বৈষ্ণৱ ধৰ্ম
ললিত দৈমাৰী
তেজপুৰ
উওৰপূৰ্বাঞ্চলৰ সাতভনী ৰাজ্যৰ ভিতৰত সোণোৱালী অসম ভূমিৰ ৰূপোৱালি বালিচৰত সঁজাল ৰোপিত কৰি অসমীয়া কলা-কৃষ্টি সংস্কৃতিৰ বাৰেৰহণীয়া চিৰৰোমাঞ্চকৰ শস্য-শ্যামলাৰে ভৰা, এইখন সুন্দৰ অসমৰ নন্দন বনৰ কাননত ফুলি থকা এপাহী সতেজ ফুলৰ নিচিনাকৈ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাই নৱতম সৃষ্টিৰ অমোঘ বাণীৰে সূৰ্য্য আৰু চন্দ্ৰৰ দৰে অসমীয়া ভাষা সাহিত্যৰ জগতখনত জাতি বৰ্ন ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকেই একত্ৰিত কৰি তোলাৰ মানসেৰে গুৰু শংকৰদেৱে জীৱনৰ কালছোৱাত ভকত বৈষ্ণৱ সকলক লগত লৈ। অসম ৰাজ্যৰ উজনি-নামনি সকলোতেই কৃষ্টিৰ বন্য ধাৰা বোৱাই নিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে। কিন্ত ঈশ্বৰৰ প্ৰতি থকা ভক্তি ভৰা শ্ৰদ্ধাৰে গুনানুকীৰ্তনৰ যোগেদি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল।
আজিওঁ গুৰু দুজনাই বিলাই যোৱা জ্ঞান, বিদ্যা, ধৰ্ম, সমন্বয় মীলা-প্ৰীতিৰে একেলগে জীৱন-যাপন কৰাৰ লগতে অসমীয়া জনগনৰ হৃদয়ৰ কোমল অন্তৰখনত সজীৱ হৈ আছে। নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰতা যথেষ্টভাৱে বহু গুনেই ইয়াৰ পৰিসৰ বৃদ্ধি পাই উঠিছে।
তেখেত সকলে আমাৰ মাজত দি যোৱা অমৰ কীৰ্তি সমূহক আমি সকলোৱে আপুৰুগীয়া সম্পদ হিচাপে সাঁচি ৰখাটো অতিকৈ প্ৰয়োজন আছে। কাৰণ নৱ বৈষ্ণৱ ধৰ্মক কটকটীয়াকৈ বান্ধি ৰাখি বহু মহান মনীষী পণ্ডিত সকলে বিভিন্ন সময়ত মন্দিৰ আৰু নামঘৰৰ পুদুলিত নতুনকৈ আশাৰ ৰেঙণিৰ লহৰ তুলি গাঁৱলীয়া মানুহৰ মন প্ৰাণক পুলকিত কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু মহাসত্যক সুন্দৰকৈ সু প্ৰতিষ্ঠিত কৰাৰ লগতে আকৰ্ষিত কৰি তুলিলে। নামঘৰৰ গোঁসাইৰ মনিকূটৰ সাতশলপীয়া সিংহাসনৰ থাপনাতঐশ্বৰিক দৈৱীক শক্তিৰ গুনাৱন্তৰ ৰূপলৈ ভগৱন্তৰ শ্ৰী চৰণত পদ ধূলাদি আমি সৱে স্মৰণ কৰিছোঁ।
পৱিত্ৰ মনেৰে ঈশ্বৰক সোঁৱৰী জনাইছো কোনোৱা এটি ক্ষণত শত কোটি প্ৰনাম পুৱা-গধূলি সময়ত নাম-কীৰ্তন ভক্তি ৰত্নাৱলী গুনমালা পুথিৰ নামৰ প্ৰতিধ্বনিৰে ঢোল, তাল, খোল, মৃদংগৰ সমস্বৰৰ শব্দৰ নিজৰাৰে সাগৰ সংগমত আৰু আকাশে-বতাহে ভকত জনাৰ ঘৰে-ঘৰে তুলসীৰ তলত চাকি বন্তিৰ পোহৰ দেখা পাওঁ। সকলোৰে মুখত নামধৰ্মৰ ঘোষা শুনো যেনে- নামঘৰ শুৱনি চন্দ্ৰতাপ এখনি ইত্যাদি। নৱ বৈষ্ণৱ ধৰ্মৰ অমূল্য সম্পদবোৰ সদায় চিৰযুগমীয়া হৈ ৰ’ব !!
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment