ক-খ-গ-ঘ
পৱন বৰ্মন
‘ক’ খ-ৰ ভাৱনাৰ পৃথিৱী
‘ক’ গ-ৰ বাবে এটা ৰেঙনি
আচলতে আপুনি বা মই ভবাৰ দৰে কথাবোৰ নহয়
ক, খ, গ-ৰ খেল খনত
ঘ-ই নিৰ্ণায়কৰ ভূমিকা ল’লে
‘ঘ’ অবোধ হ’লে ‘ক’ নিৰুপায়
সকলো থাকিও ক-ৰ কিবা এটা নাই
সকলো বুজিও ঘ-ই কিবা এটা বুজা নাই
ঘই
ক-ৰ পিনে চাই খ-ৰ পিনে গতি কৰাহেঁতেন গ বাহিৰ হৈ গ'লহেঁতেন
কিন্তু তেনে নহ’ল
ঘই গতি কৰিলে গ-ৰ পিনে
গ সোমাই পৰিল সামান্তৰীকটোত
এতিয়া
ক-নিৰ্জীৱ
খ- বিকৃতমস্তিষ্ক
গ-ভীতিগ্ৰস্ত
ঘ-চেতনাহীন
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment