এখনি নদীৰ প্ৰেমত
টুনিৰাম মেদক
বৰষুণৰ গানেৰে সেউজীয়া হৈ উঠা
জীপাল মাটিৰ চিনাকি গোন্ধত,
সুদীৰ্ঘ নদীৰ প্ৰেমত পৰি
মই প্ৰায়েই ইয়ালৈ আহিছিলো।
নদীখনৰ উত্থিত হাতৰ স্পৰ্শ নেওচি
বসন্তৰ সেউজী সাজ পিন্ধা,
ইয়াৰ প্ৰতিটো গছ,লতা,ফুলে
এক আৰণ্যক সঙ্গীতৰ মুৰ্চনাৰে
মোক প্ৰায়েই হাতবাউল দি মাতিছিল।
তুমিতো নাজানা,ইয়াত আছিল
ইয়াত এখন নদী আছিল,
সেই নদীখনেই এদিন
জোনটো কপালত পিন্ধি
গৌৰৱদীপ্ত পাহাৰ বগাই
ইতিহাসৰ জয়তিলক পিন্ধিছিল।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment