মানুহৰ পৰা গৈ প্ৰণৱ এদিন পুলিচ হ’লগৈ
প্রণব কুমাৰ পেগু
এ.পি.এছ
প্ৰণৱ, তুমি কুশলে আছানে?
বহুদিন হ’ল তোমাক ভালদৰে নোপোৱা
কলেজীয়া উত্তাল দিনৰ দৰেই এতিয়াও বলীয়ান হৈ আছানে
আপোচহীন খৰশ্ৰোতাৰ দৰে
এতিয়াও হৈ আছানে
সেই হাঁহি-স্ফূৰ্তিৰে ৰঙীয়াল আপোনভোলাজন হৈয়ে!
তুমি পুলিচ অফিচাৰ হোৱাৰ খবৰটো পাইছো।
পুলিচত সোমোৱাৰ পৰা হয়তো সলনি হ’লা, নহয়নে? আগতকৈও উগ্র, আগতকৈও বলীয়ান হ’লা চাগে ক্ষমতাৰ পোছাকযোৰৰ জুৰত!
ৰাইজৰ উপকাৰ সাধি
অপৰাধ নির্মূল কৰি বিভাগটোৰ নাম-যশ ৰাখি
আত্মসন্তোষ্টিৰে আগুৱাব পাৰিছা চাগে!
তুমি বাৰু কিমান সলনি হ’লা?
বহুতৰ মান-সমীহ পাই গপতে গংগাটোপ হৈ পৰা নাইতো?
ক্ষমতাৰ চাবুকেৰে নিৰিহৰ পিঠিও ৰক্তাক্ত কৰা নাইতো?
সাধাৰণ অপৰাধতে এনকাউণ্টাৰ কৰি দিয়া নাইতো! কৰা নাইতো তুমি কর্তব্যত হেমাহি
অপৰাধীৰে মিতিৰালি
আৰু উপঢৌকনেৰে নিজকে ধনী?
মানুহে কোৱা শুনিছো; পুলিচবোৰ হেনো বৰ নিষ্ঠুৰ
আৰু ঘোচখোৰ!
প্ৰণৱ, তুমি আক'বেয়া নেপাবা দেই পুলিচৰ কথা কোৱাৰ বাবে
দিন-ৰাতি একাকাৰ কৰি
উৎসৱ-পাৰ্বন বিসর্জি ঘৰ-পৰিয়াল দূৰতে এৰি
কৰ্তব্যৰ তাগিদাত ৰুগীয়া হৈ পৰা পুলিচৰ বাস্তৱো জানো দিয়া
বুজো কষ্ট আৰু ক্ষমতাৰ সীমাবদ্ধতা
গাদীৰ হেঁচাত হাউলি যোৱা খাকী
খাদী-গাদী নমনা সিংহম খাকী
এই দুয়োধৰণৰ পুলিচৰে দশাবোৰো দেখিছো দিয়া! প্ৰণৱ, কিয়যে পলিচ হলা তুমি!
মুখত চালা’ম দূৰত বদনাম
এক অপবাদতে এশ সুবাদৰ নাশ
এটি ভুলতে হেজাৰ শুদ্ধৰ বিনাশ
অকৃতার্থ প্রাপক আম্পায়াৰ-বেফাবি।
সকলো সমস্যাৰ নিমিষতে সমাধানৰ সামৰ্থ নেৰাখি জাদুকৰী যন্ত্রমানব নোহোৱাকৈয়ে তুমি কিয় হ’লা আৰক্ষী?
কিয় যে হ’লা তুমি আৰক্ষী!
প্রণৱ, তুমি পুলিচ হৈয়ো কুশলে আছাতো?
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment