ছন্দামিতা
ৰিতুপৰ্ণ শৰ্মা
উকা কাগজখনত লিখিব উলাইছো
অন্তহীন নীলা খামৰ চিঠি
চিয়াহিৰ টোপোলবোৰ গাঢ়কৈ লাগি ধৰিছে
লাহে লাহে লিখিব আৰম্ভ কৰিলো
কিয়নো নাজানো হাতখন কঁপিবলৈ ধৰিছে
মনটো স্থিৰ কৰি দৃঢ় হ’লো
স্থিতপ্ৰজ্ঞ মনৰ আপোচবিহীন কনিস্ক
হেৰুৱাই যাব ধৰা উন্মেষবোৰ
চকুৰ পৰ্দাত পুনৰবাৰ প্ৰতিবিম্ব
তাই মোক সান্তনা দিয়ে
অভদ্য ৰূপত থিয় হৈ থাকে
মৰিচীকাৰ মাজত বিলীন হলেও
তাই বিচাৰি পাই মোক হৃদয়ৰ অন্বেষত
পৃথক হবলৈ নিদিয়া বট বৃক্ষৰ ছাঁৰূপী
কি সুভাগ্য মোৰ কি অভিমান উষ্মান ৰূপত নিৰ্লজ অকথ্য
ছন্দামিতা তুমি মোৰ বিতাড়িত প্ৰহৰী
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment