ছন্দামিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

ছন্দামিতা

 

ছন্দামিতা


                       ৰিতুপৰ্ণ শৰ্মা 


উকা কাগজখনত লিখিব উলাইছো

অন্তহীন নীলা খামৰ চিঠি

চিয়াহিৰ টোপোলবোৰ গাঢ়কৈ লাগি ধৰিছে

লাহে লাহে লিখিব আৰম্ভ কৰিলো

কিয়নো নাজানো হাতখন কঁপিবলৈ ধৰিছে

মনটো স্থিৰ কৰি দৃঢ় হ’লো

স্থিতপ্ৰজ্ঞ মনৰ আপোচবিহীন কনিস্ক

হেৰুৱাই যাব ধৰা উন্মেষবোৰ

চকুৰ পৰ্দাত পুনৰবাৰ প্ৰতিবিম্ব

তাই মোক সান্তনা দিয়ে

অভদ্য ৰূপত থিয় হৈ থাকে

মৰিচীকাৰ মাজত বিলীন হলেও 

তাই বিচাৰি পাই মোক হৃদয়ৰ অন্বেষত

পৃথক হবলৈ নিদিয়া বট বৃক্ষৰ ছাঁৰূপী

কি সুভাগ্য মোৰ কি অভিমান উষ্মান ৰূপত নিৰ্লজ অকথ্য 

ছন্দামিতা তুমি মোৰ বিতাড়িত প্ৰহৰী


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages