অপেক্ষাৰ অন্তৰালত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

অপেক্ষাৰ অন্তৰালত


 অপেক্ষাৰ অন্তৰালত


জুনুকা পাঠক

বৰপেটা


  এই পুৱাই পুৱাই কোনে ফোন কৰে অ’

: ঐ বাবা ফোনটো ৰিচিভ কৰচোন। বাবা..অ’ বাবা… মুখেৰে নামত কিয় ? নাই দেখোন; ক’ত গ’ল ল’ৰাটো? বহু বাৰ মাতিয়ো পুতেকৰ মাত নাপায় ৰুবীয়ে বাচনবোৰ তাতেই এৰি ফোনটো তুলি ল’লে। স্ক্ৰীনত বান্ধৱী বিভাৰ নামটো দেখি ভাল লাগিল।

: ঐ পাগলী আজি কি মনত পৰিল অ’? কি! সঁচা; কোনদিনা….? ভাস্কৰ আহিব তোৰ লগত ? ভাল লগা খবৰ এটা দিলি দে। খুব সুখী হ’লো। কিমান সময়ত আহি পাবি? অ’ অ’....

১০টা মান বাজিব।

: কিমান দিন যে তোক কাষত পোৱা নাই। শকত হে হলি চাগে দিল্লীৰ হাৱা খাই। কিমান দিনলৈ বুলি আহিছ?

: অ’ হয় দেচোন। বহুত দিনৰ মূৰত আহিছ যে… এইকণ সময় লাগিব দে। খুড়ীৰ লগত কেইদিনমান থাকি যাবি।

: অ’ হয় নেকি, ঠিক আছে থওঁ তেনেহঁলে। সোনকালে আহিবি। ৰৈ থাকিম কিন্তু!

   সেইফালৰ পৰা বিভাই ফোনটো কাটি দিলে।

: মা কোন আহিব ?- ইতিমধ্যে বাবাই মাকৰ ওচৰতেই থিয় হৈ কথাবোৰ শুনি আছিল। 

: কাইলৈ বোলে বিভা আমাৰ ঘৰলৈ আহিব। তই গধূলি বজাৰ অলপ কৰিব লাগিব। ভাত খাব বুলি কৈছে।

   বিভাৰ কথা নাই বাৰু। নতুন মানুহ ভাস্কৰক যেনেকৈ তেনেকৈ খুৱাব নোৱাৰি। পুৱাৰ পৰাই ৰুবী পাকঘৰত ব্যস্ত হৈ পৰিল। মনৰ তৃপ্তিত মাংস, মাছ সকলোৰে আয়োজন কৰিছে।

     ঘড়ীৰ কাটা দেখোন তিনি পাৰ হ’ল। বিভাৰ দেখা-দেখি নাই। ‘আলহীক আৰু কিমান ৰৈ থাকিবা। দেউতা আৰু মোক ভাত দিয়া। জানাই দেখোন; দেউতাৰ খং উঠিব; দেৰি হ’লে।’

: অ’ হয়তো… আলহীৰ নামত সিহঁতক ভালকৈ খাদ্য খাবলৈ দিয়া নাই। অতিথিক ন-ৰৈ বাপেক পুতেক দুয়ো খাই বৈ উঠিল।

: ইমান দেৰি হ’ল। চাৰিয়ে বাজিল এতিয়া। কি হ’ল মা; বিভা মাহী আহিয়ে পোৱা নাই। ফোন এটা কৰি নোচোৱা কিয়? 

: তিনিটা মান বজাত কৰিছিলো; ৰিচিভ নকৰিলে। ঘুৰি আছে বোধহয়। বাৰে বাৰে ফোন কৰিবলৈ ভাল নালাগে।

   মাকে উৎকণ্ঠাৰে বাৰে বাৰে বাহিৰলৈ চাই আছে। সময়বোৰ গৈ আছে। মনটো চম্ভালিব পৰা নাই। পাকঘৰলৈ গৈ ঢাকি থোৱা আঞ্জাবোৰ আকৌ এবাৰ চালে। কিমান যে আগ্ৰহেৰে ৰান্ধিছে। সকলোবোৰ তেনেই চেচাঁ পৰিল। মনটো সেৰেঙি উঠিল। কিয় বা ইমান দেৰি কৰিলে? কিবা অসুবিধাত পৰিল নেকি ? নে নহাকৈয়ে গুচি গ’ল ? এনেকুৱাটো বিভাই নকৰে। তাই নিজেই কৈছিল; আহি ভাত খাব বুলি। তেনেস্থলত...... তাইৰো বৰ ভুক লাগিছে। বেলি গৈ পশ্চিমত বহিল। কিন্তু অতিথিৰ ছাঁ-টোও পৰা নাই। আহক বা নাহক; সেওঁতা ফালি মৰ। এনেকুৱাই হ’ব গৈ নেকি ? চাহ কাপ লৈ তাই ৰাষ্টাৰ ফালে চালে। আমো নাই, দলিও নাই। চাহকাপৰো সোৱাদ নাই। এনেয়ে পি থ’লে।

   পদূলি ওলাই তাই যিমান দূৰলৈকে চাব পাৰি ৰাষ্টাটোলৈ চকুযুৰি সিমানদূৰলৈকে টানি পেলালে। খালি পথ। গাড়ীৰ উমঘাম নাই। পথৰ দাঁতিত টাংগুটি খেলি থকা সৰু সৰু ল’ৰাকেইজনক সুধিলে; সিহঁতৰ ঘৰ বিচাৰি কোনোবা আহিছিল নেকি? সিহঁতে চকু মুখ জোকাৰী কোনো অহা নাই বুলি ইংগিতেৰে বুজাই ক’লে। ৰুবীৰ মনটো গধুৰ হ’ল। অস্থিৰ হৈ বাৰাণ্ডাৰ পকীতে বহি ফোনটো লগালে।

: হেল্ল’ বিভা.. বিভা হেল্ল’ গধূলিয়ে হ’ল, ইমান দেৰি তহঁতে ক’ত আছ? ভোক লগা নাই নে? বহু সময়ৰ পিছতহে ফোনত বিভাৰ মাতটো শুনা গ’ল।

  সিফালৰ পৰা বিভায়ে তাইৰ কথাৰ উত্তৰ নিদিয়াকৈ ভাস্কৰক কৈ উঠিল– দেখিছা ভাস্কৰ; কথাটো ৰুবীক ক’বলৈ সময়ে পোৱা নাই। পাহৰি আছো। তাই বেচেৰি ৰৈ ৰৈ ভাগৰত লেবেজান হৈছে।

: অ’ শুনচোন ৰুবী; এটা কথা হ’ল নহয়। তই বেয়া নাপাবি হা। মানে কি জাননে; আগতে বৌৰ মাকৰ ঘৰত সোমালো। তেওঁলোকে বৰকৈ জোৰ কৰাত তাতেই খালো ভাত। আৰু কি জান তই বেয়া পাৱ বুলি কোৱা নাছিলো। ভাস্কৰে তহঁতৰ ঘৰত গৈ ভাল নাপাব। এওঁৰ আদব-কায়দাবোৰ জানই দেখোন; পাশ্চাত্যৰ ঢং বুলি। তহঁতৰ খাম খেয়ালিবোৰ ভাল নাপাব। মোৰো ভাল নালাগে দেচোন তেওঁৰ ওচৰত তোক সৰু কৰিবলৈ। তই আৰু বেয়া পাই নাথাকিবি।

: হেল্ল’ ৰুবী কি হ’ল...হেল্ল’... - শেষৰ এটা কথাও ৰুবীৰ কাণত নোসোমাল। তাই খচপকৈ ফোনটো কাটি দিলে।

   খং অভিমানত তাই বন্ধ কোঠাত সোমাই পৰিল। তাইৰ ইমান নাটকৰ কোনো প্ৰয়োজন নাছিল। আগতে পোনচাটে নাহো বুলি ক’লে কাৰো একো ক্ষতি নহ’লহেঁতেন। তাইতো বিভাক উপযাচি মতা নাই। তাই কোৱা কাৰণে মনটো আনন্দৰে সজাইছিল। বুকুখন বিষাই উঠিল। এজাপ পইতা চৰায়ে আচোৰা যেন লাগিল। সাচতীয়া অভিমানবোৰ অবুজ চকুৰে সৰসৰকৈ বাহিৰ ওলাব খুজোতেই তাই বাধা দিলে। এই এখুদমান কথাৰ বাবে তাইৰ মূল্যৱান চকুৰ পানীক আলৈ-আথানি হ’ব দিব নোৱাৰে। তথাপিও ভিতৰি ভিতৰি ৰুবী দেইপুৰি গ’ল। বিদ্ৰূপে হাঁহি এটা মাৰিলে। তাইৰে কিবা বেচেৰি বিভালৈ পুতৌ জন্মিল। তাইক ক’বৰ মন গ’ল – আৰে বিভা মোৰ যি আছে তাতেই মই সু্খী। সেয়া মোৰ জন্মগত সমল, প্ৰাচুৰ্য্য। মোৰ সুখ স্বাভিমান আনন্দ, আত্মবিশ্বাস, শান্তি তোৰ দিল্লীৱালা পতিৰ লগত তুলনা নকৰিবি। ধেই; কেনেকুৱা কথা অ’। আপোনা আপোনি তাইৰ মুখখন কিঞ্চিত বেকা হ’ল। কৰুণ ছায়াই তাইক বেঢ়ি ধৰিলে। মূৰৰ আউলি বাউলি চুলিবোৰ হাতেৰে মোহাৰি পিছফালে পিহি থৈ দিলে। তাইৰ মনটো ভাৰাক্ৰান্ত হ’লে, তাৰ পৰা পৰিত্ৰাণ পাবলৈ এয়া তাইৰ নিজস্ব কৌশল। মূৰটো গৰম হৈ উঠিল। ইমান সময়ে হেন্দোলনী দি থকা আনন্দবোৰে বুকুতে তুলা ধুনা দিলে।

: বিভাহঁত কিমানখিনি পালে? গধূলিয়ে হ’ল। ইমান দেৰিলৈকে মানুহক ৰখাই থয় নে ? একেলগে ৰাতিৰ সাজকে খালে হয়চোন। — গিৰীয়েকৰ কথাৰ উত্তৰ দিবলৈ ৰুবীৰ ভাষা নাই। কেনেকৈ দিব....? তথাপিও মিছাকৈ কৈ থ’লে–

: ঘূৰোতে ঘূৰোতে গধূলিয়ে হ’ল বোলে। আমাৰ অসুবিধা হ’ব বুলি নাহিলে।

: কি কোৱাহে--? সেই ৰাতিপুৱাৰ পৰা ৰান্ধি-বাঢ়ি, এইটোহে কৰিলে নে ?

    লাজ অপমান, খঙত তাই নিৰবে থাকিল। ধন সম্পত্তি নহ’লে; মানুহবোৰ সমাজত অলিয়ে-গলিয়ে ঘূৰি ফুৰা ছাল-ছিগা কুকুৰৰ দৰেই; যলৈ যায় তাতেই লেই-লেই ছেই-ছেই। অভিজ্ঞতাৰ পৰাহে জীৱনৰ আদিপাঠ পঢ়া হয়। আজি এইটোকে তাই উপলদ্ধি কৰিলে; প্ৰকৃততে সম্বন্ধবোৰ সমকক্ষ হ’লেহে চিৰস্থায়ী হয়। আত্মীয়তা, বিশ্বাস, ভালপোৱা, মৰমে বন্ধুত্ব নগঢ়ে। নহ:লেনো সৰুৰ পৰা এখন কাঁহিত ভাত খোৱা, এটা বগৰী, জলফাই ভগাই খোৱা বিভাই প্ৰতিপত্তি স্বামীৰ আগত লাজ পাব বুলি ৰুবীৰ ঘৰলৈ আনিবলৈ লাজ পালে। 

   বুকুত ক্ষোভ এটা উজাই আহে। বিভাক ক’বৰ মন যায় — তোৰ এই ডাংকোপ মৰা কথাবোৰে মোক আঘাট দিছে হয়; সমান্তৰাল ভাবে মোক দৃঢ় আৰু সবল কৰিয়ো তুলিলে। কিন্তু এটা কথা বিভা তোলৈ মোৰ পুতৌহে জন্মিছে, তই দেখো আভিজাত্যৰ মেৰপাকত পৰি অস্তিত্ব হেৰাই পেলালি। — কৃত্ৰিম আশ্বাসে আত্মবিশ্বাস সৃষ্টি নকৰে।

   ভূৱা প্ৰলোভনত আত্ম প্ৰত্যয়ৰে ক’ব পৰা মনোবল ক’ত হেৰাই দিলি– সাহসেৰে ক’ব নোৱাৰিলি কিয় ? এয়া মোৰ বাল্য সঙ্গী, বৰ মৰমৰ ৰুবী, টকাৰ চহকী নহ’লেও আনক নিস্বাৰ্থ মৰম ভালপোৱাৰে পুতি ৰখা মনৰ গৰাকী। দুয়োয়ে দুয়োৰো দোষবোৰ ঢাকি মা-দেউতাৰ গালিৰপৰা যে কিমান ৰেহাই পাইছিলো।

    প্ৰশ্নবোৰ মনতে গুমৰি থাকিল। তথাপিও তাই শান্ত হৈ সকলো সহিব পাৰে। তাই তেনেকুৱাই। ধৈৰ্য্যই মানুহক স্থিতপ্ৰজ্ঞ কৰি তোলে। মৌন ওঁঠৰ ভাষা আনে নুশুনিলেও তাইৰ সত্বাত শুই থকা শুদ্ধ আত্মাইটো শুনিব। মনটো উৎফুল্লতাৰে ভৰি পৰে। কোন কাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ সেয়া ডাঙৰ কথা নহয়, তেওঁ তেওঁৰ লগত থাকি কিমান সফল বা সুখী সেইটোহে ডাঙৰ কথা। বাহিৰৰ মুক্ত বতাহে অলপো কৃপণালি নকৰাকৈ তাইক এখন সুকোমল আকাশ দিছে য’ত তাই বিচাৰি পায় মন মন্দিৰৰ পবিত্ৰ অনুভূতি।


Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages