জোনাক ফুলা লগন
ৰঞ্জিতা দাস
পাঠশালা
ববকাট চুলিখিনিত যদিও খোপা বান্ধিব পৰা নাই বগা পাটৰ সাজযোৰেৰে কইনাৰ ৰূপত নিধিক বৰ ধুনীয়া দেখাইছে। হয়তো তমসা আঁতৰাই এয়া জোনাক ফুলা লগন আদৰি অনাৰ সময়। পূৰ্ণিমাৰ জোনৰ স্নিগ্ধ পোহৰৰ মায়াময় সৌন্দৰ্য্যৰ দৰেই নিধিৰ সৌন্দৰ্য্যইয়ো ৰভাতল পোহৰাই তুলিছে। হৃদয় ভৰি যোৱা সুখৰ আৱেশ এটাই দুচকু জলমলাই তোলা ৰূপালী যেতিয়া নিধিৰ ওচৰ পাইছিল তেতিয়া নিধিয়ে ৰূপালীৰ হাতত খুৱ জোৰে খামুচি ধৰি বুকুৰ মাজত সোমাই পৰিছিল। ঠিক তিনি বছৰৰ আগতে চেন্নাই এপলোত ৰূপালীক সাৱটি ধৰাৰ দৰেই। এটা কথা কিন্তু ঠিক যে যিজনৰ সুখ-দুখৰ সমভাগী হ’ব পৰা এখন হৃদয় থাকে তেওঁ সময়ত অচিনাকিজনৰ কাষতো সাহস হৈ থিয় দিব পাৰে। নিধিৰ বাবে ৰূপালী একেবাৰে অচিনাকি আছিল অথচ তাই মানসিকভাবে ভাগি পৰাৰ সেই দুঃসময়ত ৰূপালীয়ে নিজৰ হাজাৰ দুখকো কাটি কৰি নিধিক তাইৰ অভিভাৱকৰ দৰেই মৰম আৰু সাহস যোগাই মনৰ যত্ন লৈছিল। আজি নিধিয়ে কেঞ্চাৰৰ দৰে বেমাৰৰ লগত যুঁজ দি অনুপলৰ সৈতে যুগ্ম-জীৱনৰ সুন্দৰ মুহূৰ্তখিনিত উপনীত হ'বলৈ সক্ষম হোৱা এই সময়খিনিলৈ ৰূপালীৰো যথেষ্ট অৰিহণা আছে।
ৰূপালীয়ে প্ৰথমবাৰৰ বাবে ইমান ওচৰৰ পৰা সাগৰ দেখিছে। বিশাল সাগৰৰ উত্তাল জলৰাশি অবিৰাম গতিত পাৰলৈ বাগৰি অহা দৃশ্যই ৰূপালীৰ হেজাৰ দুখকো নেওচি মনত আনন্দৰ ঢৌ তুলিছে। সাগৰৰ প্ৰতিটো ঢৌত ভৰি তিয়াই ৰৈ থকা ৰূপালীৰ হঠাতে এহাল যুৱক-যুৱতীলৈ চকু গ’ল। মনতে ভাবিছে কি বা হয় দুয়ো দুয়োৰে ? দেখিবলৈ কিন্তু দুয়ো বৰ মৰমলগা। ককালৰ তললৈ বৈ পৰা ডাঠ চুলিকোছা আৰু কুন্দতকটা দেহৰ গঠনে হয়তো তাত উপস্থিত থকা সকলোকে ছোৱালীজনীলৈ উভতি চাবলৈ বাধ্য কৰাইছে। পিন্ধন-উৰণত অসমৰ যেন লাগিছে সেয়ে ৰূপালীয়ে বাৰে বাৰে সিহঁতৰ পিনে চাইছে। অসমীয়া কথা কোৱা যেন পোৱাত এপাকত তোমালোক অসমৰ হয় নেকি বুলি সুধিয়েই দিলে। হয় সিহঁত অসমৰে হয়। ৰূপালীহঁতৰ একেবাৰে ওচৰৰ জিলাখনত সিহঁতৰ ঘৰ। ৰূপালীয়ে শুনিছিলহে চেন্নাইত অসমৰ মানুহ বহুত আছে আৰু গৈ থাকে বুলি। সিহঁতক লগ পাই ৰূপালীৰ মনটো ভাল লাগিল। কিন্তু সিহঁতেনো কিয় চেন্নাইলৈ আহিছে সেই বিষয়ে ৰূপালীৰ একো এটা সোধাহে নহ’ল।
পিছদিনাখন ৰূপালীয়ে তেওঁৰ বিভিন্ন পৰীক্ষা নীৰিক্ষাবোৰ কৰিবলৈ বুলি এপলোৰ এটা এৰি আনটো ফ্ল’ৰলৈ দৌৰিছে। এনেতে খৰধৰকৈ লিফ্টত সোমাবলৈ ধৰোতে আগদিনাখন দেখা পোৱা সেই লৰা-ছোৱালীহালক দেখা পালে। যদিও সিহঁতক এপলোত দেখি ৰূপালী আচৰিত হ’ল তথাপি লগে লগে সিহঁতক একো নুসুধিবলৈ তাইক তাইৰ ষষ্ঠ ইন্দ্ৰিয়ই সজাগ কৰি দিলে আৰু সেইবাবে সিহঁতক একো এটা নুসুধাকৈ মাথোঁ ছোৱালীজনীৰ পিনে চাই হাঁহি দিলে। কাৰণ কোনেও বিনা কাৰণত চেন্নাই এপলোলৈ নিশ্চয় নাহে। তাতে আকৌ সিহঁত পঁচিছ/ছাব্বিছ বছৰীয়া যুৱক-যুৱতী। ৰূপালীৰ মনৰ পৰা নিজে নিজেই ওলাই আহিল ভগৱানে সিহঁতক কুশলে ৰাখক।
দুদিন পিছত ৰূপালীৰ অপাৰেচন হ’ব সেয়ে ডাক্তৰে অপাৰেচনৰ প্ৰস্তুতিৰ বাবে যাৱতীয় পৰামৰ্শ দিবলৈ সিহঁতক মেডিকেললৈ মাতি পঠিয়াইছে। ডাক্তৰলৈ অপেক্ষা কৰি থকা সময়খিনিত ৰূপালীয়ে এইকেইদিন মোবাইলতে কিবা নহয় কিবা পঢ়িবলৈ যত্ন কৰিছে। নহলে যে তাইৰ মনটো বিষাদেৰে ভৰি উঠে, বাৰে বাৰে দুচকুৰ পানীয়ে পাৰ ভাঙে। এনেতে তেওঁৰ পিছপিনে কোনোবাই ফেকুৰি ফেকুৰি কন্দা শব্দ শুনি তেওঁ পিছলৈ ঘূৰি চালে। ই কি সেই মৰমলগা ছোৱালীজনীয়ে দেখোন ল'ৰাজনৰ বুকুত মূৰ থৈ কান্দি আছে আৰু ল'ৰাজনৰো চকুত চকুপানী। ল’ৰাজনে এখন হাতেৰে ছোৱালীজনীক আৰু আনখন হাতেৰে বায়স্পি ৰিপোৰ্টৰ পেকেটটো খামুচি ধৰি আছে। ৰূপালীৰ বুজিবলৈ বাকী নাথাকিল যে সিহঁত কোনোবা এজনৰ বায়স্পি ৰিপোৰ্ট পজিটিভ আহিছে বুলি। ৰূপালীৰ নিজৰ দুখতকৈও এই উঠি অহা ল’ৰা-ছোৱালী দুটাৰ দুখে মন ভাৰাক্ৰান্ত কৰি তুলিলে। ৰূপালীয়ে মনতে বাৰে বাৰে ভাবিছিল ভগৱান কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে ? বিষাদে হিয়া জহি-খহি নিয়া সেই মুহূৰ্তত ৰূপালীৰ কি কৰিব কি নকৰিব যেন লাগিছিল যদিও তৎক্ষণাত উঠি গৈ ছোৱালীজনীৰ কাষত বহি তাইৰ হাতত খামুচি ধৰিছিল আৰু চেন্নাইত থকা দিনবোৰত ছোৱালীজনী মানে নিধিৰ হাত এৰি দিয়া নাছিল। নিজৰ চিকিৎসাৰ লগতে নিধিকো সহায়-সহযোগিতা আগবঢ়াই গৈছিল। সেয়া মনৰেই হওক বা কামেৰেই হওক মুঠতে নিধিক ৰূপালীয়ে স্বচ্ছ মৰমৰ আৱৰণ এখনেৰে আৱৰি ৰাখিবলৈ যত্ন কৰিছিল। সেয়েহে তেজৰ কোনো সম্পৰ্ক নথকা ৰূপালী আৰু নিধি যদিও মাতৃ-পুত্ৰীৰ লেখীয়া আছিল তথাপি এনেকৈয়ে সিহঁতৰ মাজত তেতিয়াই বন্ধুত্বৰ দৰে এটি আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল।
নিধি আৰু অনুপল দুয়োজনে চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈ চিনাকি হৈছিল আৰু এদিন সেই চিনাকি প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। দুয়োটাই বিচৰা ধৰণে একেটা বিভাগতে চাকৰি পোৱাত সুখী হৈ পৰিছিল আৰু এদিন দুয়োখন ঘৰৰ সন্মতিক্ৰমে দুয়োৰো আঙঠি পিন্ধোৱা পৰ্ব সমাপ্ত হৈছিল। দুয়োখন ঘৰতেই বিয়াৰ যো-জা কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াই নিধিয়ে তাইৰ ব্ৰেষ্টত এটা সৰু চিষ্টৰ উপস্থিতি ধৰা পেলাইছিল। ডাক্তৰে বায়স্পি কৰিবলৈ পৰামৰ্শ দিছিল। অনুপল আৰু নিধি সচকিত হৈ পৰিছিল আৰু পলম নকৰাকৈ চেন্নাইলৈ উৰা মাৰিছিল। তাত নিধিৰ বায়স্পি ৰিপোৰ্টত পজিটিভ আহিছিল। ৰূপালীয়ে নিজৰ চিকিৎসা কৰিবলৈ গৈছিল যদিও নিজৰ মন দুখেৰে বেঢ়ি থকাৰ সেই মুহূৰ্তখিনিতো নিধিৰ প্ৰতিটো খোজতে সাহস হৈ ঠিয় দিছিল। অমায়িক আৰু ভদ্ৰ ল’ৰা অনুপলে নিধিক সুস্থ কৰি তুলিবলৈ চেষ্টাৰ কোনো ক্ৰটি এৰা নাছিল। এনেকুৱা দু:সময়ৰ মুহূৰ্তবোৰত হয়তো প্ৰতিজন মানুহেই জীৱনটো নিয়তিৰ হাতত এৰি দিবলৈ বাধ্য হৈ পৰে। কিন্তু যদিহে এখন সৱল হাত আৰু চৌপাশৰ কিছু মানুহে মন-মগজু, হৃদয় বিগলিত নোহোৱাকৈ সাহস হৈ ঠিয় দিব পাৰে তেতিয়া দুৰ্ভগীয়া জনেও নিষ্ঠুৰ নিয়তিক হাৰ মনাবলৈ সক্ষম হৈ পৰে।
Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:
Post a Comment