প্ৰত্যুষ বাঁহী
ৰঞ্জন বর্মন
কোনে বজালে
সেই আৱাহনী সংগীত
যাৰ স্বৰ
জিলীৰ মাততকৈ তীব্ৰ
পৰিবৰ্তনৰ
কোনে ফু দিলে
সেই প্ৰত্যুষ বাঁহীত
যাৰ সুৰে
তিমিৰ ৰাতিক পিন্ধাই
আলোকৰ চাদৰ
হালধীয়া গছ পাতবোৰ সৰুৱাই
বাট কাটি দিয়ে
সেউজীয়া দলিচাৰ
কোন সেই নৱ আলোকৰ যাত্ৰী
যিয়ে এলান্ধুৱে গৰ্ভস্থ কৰা
ইতিহাস খান্দি
নিজৰ গাত তেল ঢালি
চুবৰীটোক পোহৰাই ৰাখিছিল ওৰেটো ৰাতি
বাট হেৰুৱাই অবাটে যাওঁতে
হঠাৎ শুনিলোঁ সেই স্বৰ, সেই সুৰ
সেই বিজুলি চমক
এতিয়া মোৰ তেজত এহেজাৰ এটা
ৰণোৱা ঘোঁৰা
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment