দলং
ৰিজু মণি বৰা
নগাঁও
কাহিনী এটাৰ হাতত ধৰিয়েই
আন এটা কাহিনী আগবাঢ়ে
মদৰুৱা হৈ ৰোৱা বহু কাহিনীত
ধূলিকণাই ঘৰ সাজে,
সাধু কোৱা মানুহবোৰো
এদিন সাধুকথাৰ মানুহ হৈ ৰয়
উৱলি যোৱা ঘৰবোৰত
পৰি ৰয় তেওঁলোক
এটি এটি সাধু হৈ…
(এটা যুগৰ পৰা আন এটা যুগৰ) দলংখন পাৰ হৈ
ওফৰি আহে পুৰণি ভ্ৰমবোৰ
বৰষুণ বৰষুণ গোন্ধোৱা ৰাতিবোৰত
নুফুলে বুকুত সাঁচ পেলাব পৰা ফুল
ভ্ৰমবোৰ বতাহত উৰি ফুৰে
কেতিয়াবা কাগজত নিচান দিয়ে
দলংখন পাৰ হৈ আহোঁতেই
ভ্ৰমবোৰে
অন্য এক পোছাক পিন্ধে
শূন্যতাত জাল গোঁঠে
আৰু…
সৃষ্টি কৰে এটা নতুন পথ
চোতালত জৰাজীৰ্ণ হৈ পৰি ৰয় ৰুমালবোৰ
কংক্ৰিটৰ চহৰত
দেৱালবোৰত লিখা থাকে
“মানুহৰ লগতে থাকিবা
মানুহকে খুলি খুলি খাবা!”
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment