কৰ্মসূৰ্য ড° শশীকান্ত শইকীয়া ছাৰক মই কেনেকৈ জানিছিলো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

কৰ্মসূৰ্য ড° শশীকান্ত শইকীয়া ছাৰক মই কেনেকৈ জানিছিলো

 

কৰ্মসূৰ্য ড° শশীকান্ত শইকীয়া ছাৰক মই কেনেকৈ জানিছিলো


নৱজ্যোতি বৰা 


    লপতে আমি বিশেষ এক কামৰ বাবে চৰাইদেউ জিলালৈ গৈছিলো মৃদুল কুমাৰ চাহু দাৰ নিমন্ত্ৰৰ্ণ ৰক্ষা কৰি। চৰাইদেউলৈ মোৰ লগত  দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াও গৈছিল। আমি যেতিয়া চৰাইদেউ পৰা ঘৰলৈ উভতি আহিছিলো তেতিয়া ডিব্ৰুগৰ লোহোৱাল থকা দৈনন্দিন বাৰ্তা তথা লাহোৱাল প্ৰেছ ক্লাৱৰ সম্পাদক দিৱাকৰ দও তাতে ৰাতিটো কতালো। পিছদিনা দিৱাকৰ দাই আমাক প্ৰথমে  মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগানত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্মস্থা দেখাবৰ বাবে লৈ গৈছিল। জ্যোতিপ্ৰসাদৰ জন্মস্থানৰ  ঘৰটো আজিও বৰ সুন্দৰ ভাবে ৰাখিছে। জ্যোতিপ্ৰসাদে জীৱিত অবস্থাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী ঘৰটোতোত বৰ সুন্দৰ ভাবে সংৰক্ষন কৰি ৰখাৰ লগতে তেওঁ সোৱা বিছনাৰ লগতে আচ-বৰবোৰ আজিও পৰি-পাতি কৰি ৰাখিছে। কিছু সময় আমি জ্যোতিপ্ৰসাদৰ ঘৰটোত কটোৱাৰ পাছত নিজৰ অনুভৱ এখন বহীত লিখি আমি  ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধক্ষ ড° শশীকান্ত শইকীয়াৰ লগ কৰিবলৈ আহিলো ।

     শশী ছাৰ তেতিয়া নিজৰ কক্ষতে আছিল। আমি গৈ পোৱাত তেওঁ কিছু সময় আমাক বহিৱ কৈ নিজৰ যাবতিয় কামবোৰ কৰি আমাৰ উচৰ পালেহি। ছাৰে আমাৰ ভাল বেয়া খৱৰ বোৰ লোৱাৰ পাছত তেখেতৰ কলেজখন দেখাবলৈ  লৈ গ’ল। কানৈ মহাবিদ্যালয়ত  কি নাই। ছাএ-ছাএীত শিক্ষা দিয়াৰ লগতে এখন ঘৰত যিবোৰ উপাদান থাকে এই আটাইবোৰ কানৈ মহাবিদ্যালয়ত দেখিব পালো। শশী ছাৰে মহাবিদ্যালয় খনত এক সেউজীয়া পৰিবেশ গঢ় দিয়াৰ লগতে মহাবিদ্যালয় চৌহদতে মেটেকাৰে ভৰি থকা এটি পুখুৰিক ন-ৰূপ দি সেই পুখুৰিত হাহঁ  পুহাৰ লগতে মাছ পালন কৰি আহিছে। তাৰ লগে লগে মূৰ্গীও পালন কৰে। পুখুৰিত পুহা মাছ, হাহঁ-মূৰ্গী বোৰ বিক্ৰী কৰি পোৱা পইছাবোৰ শশীছাৰে মহাবিদ্যালয় উন্নতিৰ কামত লগাই। শশীছাৰৰ এক সপোন নিজৰ মনত পুহি ৰাখিছে যে অন্য নহলেও বিশ জন মান ছাএ-ছাএীক বিনামূলীয়া ভাবে মহাবিদ্যালয় খনত নাম ভৰ্তি কৰাব পাৰে। 

    ইয়াৰ লগতে ছাৰে মহাবিদ্যালয় ভিতৰতে এখন কাজী নেমুৰ বাগান গঢ় তোলাৰ উপৰিও মহাবিদ্যালয়ৰ চৌহদত এখন ধূনীয়া ফুলৰ বাগিছা গঢ়ি তোলে। সেই বাগিছাত বহিব পৰাকৈ বেঞ্চ তৈয়াৰ কৰাৰ লগতে তিনিটাকৈ ক্ষুদ্ৰ পুথি ভড়ালৰ ব্যৱস্থা ৰাখিছে। সেই পুথি ভড়ালৰ পৰা ছাএ-ছাএীৰ লগতে মহাবিদ্যালয়লৈ অহা বিভিন্ন মানুহে বাতৰি কাকত পঢ়াৰ লগতে কিতাপো পঢ়ি সময় অতিবাহিত কৰিব পাৰে।

   কানৈ মহাবিদ্যালয় পাছফালে থকা চেন্টেল পুথিভৰালটো দেখাৱৰ বাবে শশীছাৰে আমাক লৈ গ’ল। পুথিভঁৰালটো বনোৱাৰ আগতে সেই স্থানত পুখুৰি আছিল। ছাৰে সেইবোৰ পুতি ছাএ-ছাএীৰ পঢ়াত সুবিধা হোৱাকৈ তিনি মহলিয়া  আটক ধুনিয়া পুথিভৰাল নিৰ্মাণ কৰে। পুথিভৰাললৈ যোৱাৰ কৰিডৰতে সকলো বিভাগৰে প্ৰাচীৰ-পএিকাৰ ব্যৱস্থা কৰিছে যাতে বিভাগে বিভাগে প্ৰাচীৰ-পএিকাত  লেখা পঢ়িবৰ বাবে গোটেই মহাবিদ্যালয় খনত ঘূৰি ফুৰিব নালাগে। ইয়াত একে লগে মুঠ ২২ খন প্ৰাচীৰ-পএিকা আছে। তৰ লগতে মহাবিদ্যালয়ৰ পুথিভৰালত শ্ৰীমদ্ভ ভাগৱদতৰ এক ডিজিটেল ৰিডাৰৰ ব্যৱস্থা ৰাখিছে। যিটো ৰিডাৰ কিতাপ খনৰ যি কোনো এটি দফাট লগাই দিলে আপোনা আপোনি সেই দফাটো শুনিবলৈ পোৱা যায় । এই ৰিডাৰ সহায়ত মুঠ ১৭ টা ভাষাত শ্ৰীমদ্ভ ভাগৱদ খন শুনিব পাৰি। আজিও এনে ব্যৱস্থা বহু মহাবিদ্যালয়ত উপলব্দ নহয়। এই পুথিভৰালত ১৮০০ শতিকাৰ কিতাপ পোৱাৰ লগতে বহু পুৰণি সাধু কথা তথা অসমীয়া বিভিন্ন পুৰণি কিতাপৰ লগতে সাচিপাতৰ পুথিও সংৰক্ষণ কৰি ৰাখিছে। সময়ৰ লগত খাপ খাব পৰালৈ উক্ত পুথিভৰালটোক ডিজিটেল পুথিভৰাল হিচাবে গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে ।সেই পুথিভৰালৰ কাষতে আমাৰ উওৰ পূৰ্বৰ একমাএ আধুনিক বিজ্ঞান গবেষনা কেন্দ্ৰ আছে। যত গবেষনাৰ বাবে বিভিন্ন মহাবিদ্যালয়ৰ পৰা ছাএ-ছাএী সকল ইয়ালৈ আহে।

    তাৰ পাছত ছাৰে শিক্ষাগুৰু সকলৰ জিৰণী কোঠা দেখোৱালে। কোঠাবোৰ বৰ পৰিপাতি। ছাৰে আমাক জনালে যে শিক্ষাগুৰু সকলে ব্যৱহাৰ কৰা প্ৰসাৱগাৰ শশী ছাৰে নিজে পৰিষ্কাৰ কৰে। ছাৰৰ এই কাম কৰা একাগ্ৰতাৰ বাবে ছাৰক কৰ্মসূৰ্য উপাধি প্ৰদান কৰে। ছাৰে অকল মহাবিদ্যালয় ভিতৰৰ ভাগকে পৰিস্কাৰ কৰাই নহয় মহাবিদ্যালয় প্ৰতিটো চুক-কোণ পৰিস্কাৰ কৰি পৰিপাটিকৈ ৰাখে। ছাৰৰ আৰু এটি কথাই আমাক বৰ আৰ্কষন কৰিলে সেইটো হ’ল শশী ছাৰ সময়ৰ প্ৰতি দায়বদ্ধতা। ছাৰে যদি মহাবিদ্যালয় যি কোনো কাৰ্যসূচী সথিক সময়ত আৰম্ভ কৰে। যদি ১০ বজাৰ কিৱা অনুষ্ঠান আছে তেন্তে সেয়া ১০ বাজিবলৈ দুই-তিনিমিনিত মান থাকোতেই আৰম্ভ হ’ব। কিন্তু তিনিমিনিতৰ পাছত নহয়। লাগিলে ছাৰ  নিজে সথিক সময় আহি উপষ্ঠিত নহলেও কাৰ্যসূচী সময়ৰ মতে আৰম্ভ হবয়েই। শশী ছাৰে কয় – “সময়ৰ মূল্য বুজি যদি নাপাও তেন্তে সেই অধ্যক্ষৰ কি কাম।” সেই বাবে সময়ৰ কাম ছাৰে সময়ত কৰে। হয়তো এই সময়ৰ মূল্য বুজি উঠাৰ বাবে সম্প্ৰতি মহাবিদ্যালয়খনে ‘গ্ৰীণ অডিটেড কলেজ’, “স্বচ্ছতাৰ কলেজ,’' শ্ৰেষ্ঠ শৃংখলাবদ্ধ কলেজ, অসমৰ পৰিস্কাৰ মহাবিদ্যালয় নামেৰে সুনাম আৰ্জিছে।

  ড° শশীকান্ত শইকীয়াৰ জন্ম হয় ১৯৬৭ চনত ৩১ জুলাই তাৰিখে ডিব্ৰুগড় জিলাৰ মোহনবাৰীৰ হাৰাবাৰী গাঁৱত। পিতৃ হৰিপদ শইকীয়া মাতৃ সুনীতি শইকীয়া। ছাৰে ফিল’বাৰীৰ বিজুলীবন পদুমপথাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহন কৰাৰ লগতে ডুমডুমা মহাবিদ্যালয়ৰ পৰা বি.কম, গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোওৰ আৰু ২০০৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰ্যটন বিভাগৰ পৰা পি এইচ ডি লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পৰ্যটন বিষয়ত পি এইচ ডি লাভ কৰা তেওঁৱেই প্ৰথমজন গৱেষক।

  বৰ্তমান সময়ত ড°শশীকান্ত শইকীয়া কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত আছে। শশীছাৰে ডিব্ৰুগড় হনুমানবক্ম সুৰজমল কানৈ মহাবিদ্যালয়খন একাগ্ৰতা আৰু সুচাৰুৰূপে পালন কৰি থকা বাবে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত  তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতেৰে ‘কৰ্মসূৰ্য-২০২০’ উপাধি প্ৰদান কৰে। ইয়াৰ লগতে অসম চৰকাৰৰ দ্বাৰা পঞ্জীয়ভূক্ত গুৱাহাটীত থকা ‘ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বন’ৰ তৰফৰ পৰি শিক্ষা, সিহিত্য, সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ২০ জুন ২০২৩ চনত’ অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। লগতে মাজুলীৰ জনপ্ৰিয় আলোচপনী ‘পলস’ৰ উদ্যোগত ছাৰক ২০২৩ চনৰ ৩ এপ্ৰিলত ‘দীনবন্ধু’ উপাধি প্ৰদান কৰে। উক্ত অনুষ্ঠানটিত মোৰ লগতে দৈন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াও উপস্থিত থাকে। শ্বহীদ কুশল কোঁৱৰ স্মৃতি ৰক্ষা সমিতিয়ে ১১৯ সংখ্যক শ্বহীদ কুশল কোঁৱৰ জন্ম-জয়ন্তীৰ দিনা ডিব্ৰুগড়ৰ সমিজ জীৱন, সাহিত্য ক্ষেএলৈ আগবঢ়োৱা অৱদানৰ বাবে ২১ মাৰ্চ ২০২৩ চনত ‘ডিবৰু হিতৈষী’ সন্মান প্ৰদান কৰে। শৈক্ষিক আৰু সামাজিক নেতৃত্বৰ ক্ষেএত দেখুৱা উৎকৃষ্ট পাৰদৰ্শিতাৰ বাবে ছাৰক ৪ জুন ২০২৩ চনত ভাৰত চৰকাৰৰ অনুমোদিত ‘ৱৰ্ল্ড হিউমেন ৰাইট প্ৰটেকশ্যন কমিশ্যন’ৰ অন্তৰ্ভূক্ত’ ইন্টাৰনেশ্যনেল পীচ এম্বেছেদৰ এৱাৰ্ড কাউঞ্চিল’ৰ তৰফৰ পৰা নতুন দিল্লীত সন্মানীত কৰা হয়। ২০২২ নৱেম্বৰ ২৭ জুলাইত ভিয়েটনামাত ‘অতি উৎসাহি ব্যক্তি’ হিচাপে সন্মানিত হোৱাৰ উপৰিও ২০২৩ চনৰ ৮ এপিলত মেঘালয়স্থিত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে ‘Academic Leadership Award-2022’ বটা প্ৰদান কৰে। ছাৰক নতুন দিল্লীত থকা হিডাৰ তৰফৰ পৰা Republic of Seychelles High Commissioner H. E.Mr. Waven William য়ে ২০১২ চনৰ ১৫ জুনত ‘Best Principal Performance Award’ প্ৰদান কৰে।

      শশী ছাৰে কেৱল মহাবিদ্যালয় খনৰ উন্নতিৰ কথা নাভাবি সমাজখনৰ বাবেও ইতিবাচক চিন্তা-চৰ্চাৰ কথাও ভাবে। সেই সমাজৰ হ’কে ইতিবাচক চিন্তা-চৰ্চাৰে সেৱা কৰি থকাৰ বাবে কানৈ মহাবিদ্যালয়ৰ ছাএ একতা সভাই ২০১৯-২০ চনত ‘হাচান ছৰিফ আহমদ সমন্বয় বঁটা’ ছাৰলৈ আগবঢ়াই আৰু ২০২০ চনৰ ৯ ছেপ্তেম্বৰত এই প্ৰদান কৰি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কৈছিল– ভাৰতবৰ্ষৰ ভিতৰত ছাএ-ছাএীৰ যোগেদি অধক্ষক এনে সন্মান প্ৰদান কৰাতো এক প্ৰকাৰ বিৰল বুলিব পাৰি। এইখিনিতে শশীছাৰে সমগ্ৰ পৃথিৱীত হৈ থকা অসমীয়া মানুহখিনিক একএিকৰণ কৰিবলৈ ২০২১ চনৰ পহিলা জুলাইত গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন ‘স্নেহবন্ধন অসম’ৰ সাধাৰণ সম্পাদক, ঐতিহাসিক ডিব্ৰুগড় সাহিত্য সভাৰ দুটা কাৰ্যকালৰ  সভাপতি, ভাৰতীয় ইতিহাস সন্মিলন ডিব্ৰুগড় জিলাৰ উপ-সভাপতি, ডিব্ৰুগড় ছেচ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, অসমৰ সাংস্কৃতিক অনুষ্ঠান ‘বৰভেটি’ৰ উপ-সভাপতি, ২০২২ চনত প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় গ্ৰন্থাগাৰিক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি , ২০২৩ চনৰ ৫ মাৰ্চত ডিব্ৰুগড়ত গঠন হোৱা ‘বিয়িং ব্লিচ’ৰ প্ৰতিষ্ঠাপক সভাপতি, ‘মানুহে মানুহৰ বাবে’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সক্ৰিয় সদস্য, ২০২৩ চনৰ ৪ জানুৱাৰীৰ পৰা শ্বহীদ কুশল কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি, গ্ৰাম্য সাংবাদিক সংস্থা, অসমৰ উপদেষ্টা, অসম লেখিকা সমাজৰ উপদেষ্টা, ২০২৩ চনৰ ২৮ মাৰ্চত গঠন হোৱা সদৌ অসম সএ মহাসভা ডিব্ৰুগড় জিলা সমিতিৰ, মহীয়সী সেউজু সাহিত্য মঞ্চৰ উপদেষ্টাৰ গুৰু দায়িত্বও পালন কৰি আছে।

  সদৌশেষত ছাৰৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলো।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages