বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা আৰু গীতত বৈপ্লৱিক চিন্তাধাৰাঃ এটি অৱলোকন
নাছিৰ আহমেদ
শিমলাবাৰী, গোৱালপাৰা
প্ৰতি বছৰে ২০ জুন আহিলেই আমাৰ ৰাজ্যত চৰকাৰী বা বেচৰকাৰী ভাৱে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জাকজমকতাৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱসটিক “ৰাভা দিৱস” হিচাপে উদযাপন কৰি থকা হৈছে। নিঃসন্দেহে, এয়া এটা জাতিৰ বাবে খুবেই সুন্দৰ পদক্ষেপ। সাধাৰণতে, এই দিৱসটিত বিষ্ণু প্ৰসাদ ৰাভা দেৱক এজন কলাৰ পূজাৰী বা কলাগুৰু ৰূপে মূল্যায়ন কৰা হয়। কিন্তু, এয়াই একমাত্ৰ ৰাভা দেৱৰ প্ৰকৃত পৰিচয় নে? নে ইয়াৰ মাজতো কোনো ৰাজনৈতিক অভিসন্ধি লুকাই আছে? এদিন কোচবিহাৰৰ এখন মহাবিদ্যালয়ৰ দেৱালে দেৱালে লিপিবদ্ধ তেওঁৰ অগ্নি-বৰ্ষী লেখাৰ বাবে
“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা,
দেশেৰ যদি মঙ্গল চাও
দুইটি পাঠাই বলি দাও।”
বৃটিছ শাসক তথা দেশৰ শাসক গোষ্ঠীৰ হৃদয়ত প্ৰৱাহিত হৈছিল তীব্ৰ কম্পন। তেওঁৰ এই বিপ্লৱী সত্তাক স্বাধীন ভাৰতৰ চৰকাৰেও যে নিশ্চয়কৈ জনগণৰ মাজত জাগ্ৰত কৰাৰ বাবে কোনো অগ্ৰগামী ভূমিকা পালন কৰিব বুলি আশা কৰা মানে পৰ্বতত কাছকণী বিচৰা। কাৰণ, বিষ্ণু প্ৰসাদ ৰাভাই সক্ৰিয় কমৰেড হিচাপে অংশ গ্ৰহণ কৰা বিপ্লৱী কমিউনিষ্ট দলক (Revolutionary Communist party) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ বাবে ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈকে অসমৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভাই হালোৱা -হুজুৱাৰ বেশেৰে আত্মগোপন কৰিবলগীয়া হৈছিল। আত্মগোপন কৰি থকাৰ সময়তো বিষ্ণু ৰাভাৰ সমগ্ৰ কবিতা আৰু গীতত শাসক তথা শোষক শ্ৰেণীৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ ফুটি উঠিছে, –
“দুখীয়াৰ কলিজা নিঙাৰি ল’ব,
টুপি টুপি তেজ শুহি শুহি পিব,
ৰুকি ৰুকি মঙহ চোবাই খাব,
কুৰুকি হাড় কেইডালো চোবাব ,
হুচিয়াৰ! হুচিয়াৰ!
ধনী! মহাজন! জমিদাৰ!
হুচিয়াৰ! হুচিয়াৰ! হুচিয়াৰ !!
বিপ্লৱ পথেৰে যাত্ৰী আমি।”
যাৰ ফলত ভাৰতৰ শাসক শ্ৰেণীটোৱে বিষ্ণু প্ৰসাদ ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈ পৰিছিল।
এনেকি সেই সময়ৰ অসমৰ কংগ্ৰেছ শাসিত ৰাজ্যিক চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণু ৰাম মেধিয়ে খঙত অগ্নিশৰ্মা হৈ তেওঁৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। অৱশেষত ১৯৫২ চনত অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমান কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত অসম চৰকাৰৰ পুলিচ প্ৰশাসনে তেওঁক সপত্নীক গ্ৰেপ্তাৰ কৰি দুহাতে ৰছীৰে বান্ধি জেললৈ প্ৰেৰণ কৰিছিল; অথচ সেই সময়ত তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ দুৰ্বিসহ যন্ত্ৰণা ভুগি আছিল।
সাম্যবাদী ভাৱধাৰাৰ বিপ্লৱী বিষ্ণু প্ৰসাদ ৰাভাই কেতিয়াও শাসক তথা শোষক শ্ৰেণীৰ ওচৰত নতজানু নহৈ প্ৰতি মুহূৰ্ত্তত কবিতা আৰু গীতৰ মাজেৰে সমূহ শাসক আৰু শোষক শ্ৰেণীৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ ফুটি তুলিছিল।
“ধনী! মহাজন! জমিদাৰ!!
হুচিয়াৰ! হুচিয়াৰ! হুচিয়াৰ!
বিপ্লৱ পথেৰে যাত্ৰী আমি
সৰ্বহাৰাৰে মুক্তিকামী
চুৰ্ণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ --পণ আমাৰ।
হুচিয়াৰ! হুচিয়াৰ! হুচিয়াৰ!!”
বিষ্ণু ৰাভাই কৃষক -বনুৱাৰ প্ৰকৃত সত্তাও বিভিন্ন কবিতা আৰু গীতৰ মাজেৰে প্ৰকাশ কৰিছে।
“তই নিজে অনন্ত বিশাল !
দহ শত ফণা তুলি এৰি বিষ -জাল
তই অগ্নিগিৰি
অগনি উগাৰি
জ্বলা জ্বলা শত লক্ষ পাপ অনৰ্গল
হই দাবানল।”
অৰ্থাৎ তেওঁৰ মতে কৃষক-বনুৱাৰ ভিতৰত থকা অন্তৰ্নিহিত গুণ সমূহ হ’ল, তেওঁলোক সীমাহীন বিশাল পৰিসৰৰ। প্ৰয়োজন সাপেক্ষে শত সহস্ৰ ফণা তুলি সমস্ত বিষ-জাল এৰি দি এক জ্বলন্ত অগ্নিগিৰি হৈ অগ্নি উদ্গাৰণ কৰি জুইৰ লেলিহান শিখা বিস্ফোৰণ ঘটাই সকলো এপিনৰ পৰা ধ্বংসস্তুপত পৰিণত কৰাৰ অটুট শক্তি কৃষক -বনুৱাৰ মাজত আছে।
কেৱল সেয়ে নহয়, বিষ্ণু প্ৰসাদ ৰাভাই উল্লেখ কৰিছে যে, কৃষক-বনুৱা সকল হিম-গিৰি-শৃংগ গগণ চুম্বন উচ্চতা মৌন গম্ভীৰতা, প্ৰশান্তৰ গম্ভীৰতা,উৰ্মিময় সাগৰৰ মহা অসীমতা,
কল্লোলময়ী বিশালতা।
কৃষক-বনুৱা সকল হৈছে শক্তিৱান ক্ষীণ ঋষি দধীচি মহান; যাৰ অস্থি মহা-অস্ত্ৰ,শোষকৰ মহা শস্ত্ৰ”
ইয়াৰ আগলৈকে কোনোৱে কৃষক-বনুৱা সকলৰ মাজত থকা এনে অনন্ত বিশালতা, গভীৰতা, উচ্চতা, অগ্নিগিৰি দাবানল, ঋষি দধীচিৰ মহা শক্তিশালী অস্থি মহা-অস্ত্ৰ, শোষকৰ মহা শস্ত্ৰ বুলি গণ্য কৰা নাছিল।
বিষ্ণু ৰাভাই কৃষক সকলক বাৰে বাৰে সোঁৱৰাই দিছে–
“হেৰউ কৃষক
প্ৰথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক
পোনে পোনে তয়ে লখিমীক লভিছিলি।” অৰ্থাৎ বিশ্বৰ বুকুত কৃষক সকলেই হৈছে প্ৰথম বিপ্লৱী; যিয়ে প্ৰকৃতিৰ বুকু ফালি প্ৰথমতে সোণৰ লখিমী ৰূপী সেউজ -সোণোৱালী শস্য উৎপাদন কৰিছিল। অথচ,
“আজিনো লখিমী ক'ত? ক'ত হেৰুৱালি? —
লোকৰ ফাঁকিত পৰি বলি
শোষণৰ দাস-মজুৰ- শ্ৰমিক।
ধিক্ ধিক্ জীৱনত ধিক্ !”
তেওঁ কৃষকৰ মনত ক্ষোভৰ উদ্গীৰণ ঘটোৱাৰ বাবে লিখিছে —
“হেৰউ নিলাজ!
মুকুতিৰ সেনা-সাজে সাজে সাজ!
ব’ল ব’ল ব’ল আগবাঢ়ি
কৰিব লাগিব আজি লখিমী উধাৰ।”
“হেৰউ কমাৰ!
বিদ্ৰোহী বিপ্লৱী যুগান্তৰ মথ-সৃষ্টিকৰ।
মহতী সভ্যতা তোৰে দান।
জগতৰ নৱ নৱ যুগ সভ্যতাৰ
মহা মহা স্ৰষ্টা সৃষ্টিকাৰ।”
বিষ্ণু ৰাভাৰ মতে শ্ৰমিক ৰূপী কমাৰ সকলেই হৈছে যুগ-যুগান্তৰৰ বিদ্ৰোহী বিপ্লৱী মহতী সভ্যতাৰ স্ৰষ্টা, জগতৰ নৱ নৱ সভ্যতাৰ তেওঁলোকেই হৈছে মহা মহা স্ৰষ্টা। বিষ্ণু ৰাভাই কৃষক -বনুৱা সকলক সোঁৱৰাই দিছে –
“তয়েই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান
তয়েই যুগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা -কল তোৰেই সৃজন
পথাৰ সুবহল।
নাঙল, কাঁচি, হাতুৰী, দাৰ
যাদুকৰী ফল।
তোৰ বাহুতে আগবাঢ়ি যাওঁ।”
অৰ্থাৎ কৃষক সকলে শস্য উৎপাদন কৰি বিশ্বৰ সকলো মানুহক খাদ্য-সামগ্ৰী যোগান ধৰে। শ্ৰমিক সকলে শ্ৰম কৰি এই পৃথিৱীৰ সকলোকে অত্যাৱশ্যকীয় সামগ্ৰী, যান-বাহন, বহল যাতায়ত ব্যৱস্থা, বৃহৎ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান, অত্যাধুনিক ভৱন আদি নিৰ্মাণ কৰি মানৱ-সভ্যতাক ক্ৰমে উত্তৰোত্তৰ সমৃদ্ধিশালী কৰি আহিছে; অথচ তেওঁলোক সদায় লাঞ্চিত, বঞ্চিত, শোষিত, নিৰ্যাতিত-নিপীড়িত হৈ আছে। সেয়ে সাম্যবাদী ভাৱধাৰাৰ জনতাৰ শিল্পী বিষ্ণু ৰাভাই এখন শোষণহীন সৰ্বহাৰা শ্ৰেণীৰ সমাজ ব্যৱস্থা গঢ়াৰ মানসেৰে কৃষক-বনুৱা সকলক বিপ্লৱী কবিতা আৰু গীতেৰে জাগ্ৰত কৰিব বিচাৰিছিল, এনেদৰে —
“জাগ জাগ জাগ মজদুৰ নজোৱান
নিৰ্যাতিত -নিপীড়িত কৃষক শক্তিমান,
তোৰ বাহুতে আছে লুকাই অসীম শক্তিবল,
ৰণৰ শিঙা বাজে শুন ও
আগবাঢ়ি যাওঁ বল।”
নিৰ্যাতিত-নিপীড়িত কৃষক -বনুৱাৰ সকলৰ মাজতেই লুকাই আছে অসীম শক্তি। সেয়ে তেওঁলোকে ৰণৰ শিঙা বজাৰ লগে লগে যুদ্ধৰ সাজেৰে সাজিকাচি ওলাই যাবলৈ হ’ল।
ৰাইজেই ৰজা “অসমীয়া সমাজৰ এই প্ৰাচীন সাম্যবাদী ভাৱধাৰা আৰু সংস্কৃতিৰ স্বৰূপ বিষ্ণু ৰাভাই ভালকৈ উপলব্ধি কৰিছিল। তেওঁৰ বিপ্লৱী জীৱনৰ অজ্ঞাত বাসৰ সময়ৰ কথা কওঁতে তেওঁ নিজেই কৈছে —
‘ৰাইজৰ মৰম-চেনেহ আমাৰ ৰক্ষাকৱচ, ৰাইজৰ আশীষেই আমাৰ পাশুপাত অস্ত্ৰ। এই ৰক্ষাকৱচ আৰু পাশুপাত অস্ত্ৰ লৈয়েই বিষ্ণু ৰাভাই এখন শোষণহীন সৰ্বহাৰা শ্ৰেণীৰ সমাজ ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছিল।
সেয়ে, বিষ্ণু ৰাভাই কৃষক-বনুৱাক বৈপ্লৱিক গীতেৰে আহ্বান জনাইছে –
“ব’ল্ ব’ল্ ব’ল্ ব’ল্
কৃষক শক্তিৰ দল
অ’ বনুৱা সমনীয়া
আগ বাঢ়ি যাওঁ ব’ল।
জাগ্ জাগ্ জাগ্ জাগ্
মজদুৰ ন-জোৱান।
নিৰ্যাতিত-নিপীড়িত
কৃষক শক্তিমান।”
নিৰ্যাতিত-নিপীড়িত কৃষক-বনুৱা সকলে টোপনিত লালকাল যোৱাৰ এয়া সময় নহয়, যুদ্ধৰ সাজেৰে সাজিকাচি ওলাই আগবাঢ়ি আহি যুদ্ধক্ষেত্ৰত উপস্থিত হোৱাৰ এয়া সময় সমাগত।
আকৌ তেওঁ উদাত্ত ভাৱে গাইছে, -
ধ্বংস কৰ্ ধ্বংস কৰ্
ধনীৰ অহংকাৰ।
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল।
হাল,কোৰ দা, হাতুৰি লৈ
ৰণলৈ যাওঁ ব’ল।”
বিপ্লৱী শিল্পী বিষ্ণু ৰাভাই বাৰে বাৰে কৃষক বনুৱা সকলক যুদ্ধক্ষেত্ৰত আগবাঢ়ি যাবলৈ কৈছে যদিও তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লবলৈ তেওঁলোকক আহ্বান জনোৱা নাই। ধ্বংসাত্মক আগ্নেয় অস্ত্ৰ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনোৱা নাই; যুদ্ধক্ষেত্ৰত কৃষক-বনুৱা সকলৰ সমল হাল, কোৰ, দা, হাতুৰি লৈহে যাবলৈ কৈছে। কিন্তু, এটা ক্ষেত্ৰত তেওঁ দৃঢ়ভাৱে অনুভৱ কৰিছিল যে, ধনী, মহাজন আৰু জমিদাৰ শ্ৰেণীৰ শোষণ বন্ধ কৰিব নোৱাৰিলে কৃষক-বনুৱা সকলে কেতিয়াও অৰ্থনৈতিক মুক্তি লাভ কৰিব নোৱাৰিব। সেয়ে সাম্যবাদী ভাৱধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ধনী, মহাজন আৰু জমিদাৰ শ্ৰেণীৰ শোষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰয়োজন সাপেক্ষে সশস্ত্ৰ সংগ্ৰামৰ পথো বাচি লব লগা হ’ব পাৰে। সেয়ে বিষ্ণু ৰাভাই বিপ্লৱী গীতৰ ঝংকাৰ সৃষ্টি কৰি কৃষক -বনুৱা সকলক সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ তীব্ৰ ভাৱে আহ্বান জনাইছে —
“ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ্
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসৰ বান্ধোন ছিঙ্
খোল খোল খোল খোল
কাৰাৰ ফাটক খোল,
ভাঙ্ ভাঙ্
দুৱাৰৰ দাং।”
এইখিনিতে বিষ্ণু ৰাভাই সম্পূৰ্ণ ৰূপে সশস্ত্ৰ সংগ্ৰামৰ পথত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে; যাৰ বাবে তেওঁ ভাৰতৰ স্বাধীন চৰকাৰৰ হাতত প্ৰহৃত হ'ব লগা হৈছিল। ছদ্মবেশেৰে কেইবা বছৰ আত্মগোপন কৰিবলগীয়া হৈছিল। শেষত কাৰাবাস খাটি অতি শীঘ্ৰে কৰুণ মৃত্যুক আকোঁৱালি লৈছিল।
সাম্প্ৰতিক কালতো অসম তথা ভাৰতীয় সমাজত শাসক আৰু শোষক শ্ৰেণীৰ দেশৰ কোটি কোটি আপাম’ নিৰীহ জনতা আৰু কৃষক-বনুৱা আদি শোষিত শ্ৰেণীৰ ওপৰত বিভিন্ন ধৰণে অন্যায়, অবিচাৰ, অত্যাচাৰ, শোষণ, নিৰ্যাতন, হত্যা, লুট, ধৰ্ষণ আদি অনৈতিক কাৰ্য্যসমূহ তীব্ৰতৰ ভাৱে বৃদ্ধি পাই আছে। সাম্যবাদী ভাৱধাৰাৰ জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ বৈপ্লৱিক চিন্তাধাৰাৰ এতিয়াও প্ৰাসংগিকতা আছে। সেয়ে, প্ৰগতিশীল চিন্তাধাৰাৰ কবি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাম্যবাদী ভাৱধাৰাৰ বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভাক উদ্দেশ্য কৰি লিখিছে -
“বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?
ডাচকেপিটেলৰ বহু পৃষ্ঠা বাকী।”
(বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?)
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment