আপোনাক ক’ত দেখিছিলোঁ....
ৰাজদ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ
আপোনাক ক’ত দেখিছিলোঁ
মনত পৰা নাই মোৰ।
দেখিছিলোঁ ক'তবা। চকুৰ পলকতে।
আন্ধাৰ-ৰাতি নে দিন-দুপৰত!
একে সম চকীত বহি কথা পতা
সমনীয়াৰ নামো
দিন ভটিয়ালে মনত নাথাকে।
আপোনাক ক’ত দেখিছিলোঁ!
ক’ত লগ পাইছিলোঁ!
ঠিক মনত পৰা নাই মোৰ।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment