কবিতাঃ মই বিচাৰোঁ
অঞ্জলী বৰদলৈ
গোলাঘাট
মই বিচাৰোঁ
সকলোৰে অন্তৰ
শিশুসুলভ হওক
কোনো কুটিলতা নাথাকক
মই বিচাৰোঁ
মাতৃ- পিতৃৰ
সকলো বাধ্য হওক
বিশ্বাস অটুট ৰাখক
মই বিচাৰোঁ
শিক্ষাগুৰুৰ প্ৰতি
ভক্তি ৰাখক
শ্ৰদ্ধা প্ৰদৰ্শন কৰক
আমাক ভাল সমাজ লাগে
লাগে উন্নত দেশ - প্ৰদেশ
তোমাৰ - মোৰ পৰাই
শুভাৰম্ভ হওক
মোৰ তোমাৰ প্ৰতি
তোমাৰ মোৰ প্ৰতি
সহানুভূতি জাগ্ৰত হওক
মৰমবোৰে পোখা মেলক
ফুলাৰ মন্ত্ৰ হেনো
সৌন্দৰ্যতে থাকে
পৃথিৱীৰ নীলা -সেউজীয়াবোৰ
মনুষ্যৰ হৃদয়ৰ পৰাই হওক
বিচাৰোঁ মই
সহস্ৰজনৰ চকু
সুদৃষ্টিৰে পূৰ্ণ হওক
অধৰত সুশব্দ বিয়পি পৰক
মই বিচাৰোঁ
সকলোকে জীৱিত অৱস্থাতে
সন্মান- স্বীকৃতি দিব লাগে
সমাধিত মূল্যহীন হৈ পৰে
সুস্থিৰ চিন্তাই সকলোৰে
মগজুত থিতাপি লওক
তেনেকৈয়ে সকলো
সুন্দৰ হৈ পৰক
মই বিচাৰোঁ সকলো
সুন্দৰ হওক
সুন্দৰ হৈ উঠক
সুন্দৰ হৈ পৰক।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment