ঘামি থকা মানেই
প্ৰসন্ন কুমাৰ তালুকদাৰ
গুৱাহাটী
ক্ষীণকায় মানুহজন ঘামিছে
অথচ এযুগ ধৰি তেওঁ মৃত আছিল
তেওঁৰ দেহত তেজ আছে বাবেই ঘামিছে
তেওঁক ঘমা দেখি আমিও এনেয়ে ঘামিছোঁ নেকি!
কিন্তু তেওঁ কিয় ঘামিছে
আমি কিয় ঘামিছোঁ
সেইটো তেওঁৱো নাজানে
আমিও নাজানো
জানো মাথোঁ এটাই কথা
ঘামি থকা মানেই
জী থকা
মনত অহেতুক ভাবনা
মৃত মানুহবোৰ কেনেকৈ ঘামে!
নীৰৱে প্ৰাৰ্থনা কৰোঁ
সকলোৱে ঘামি থাকক
জী থাকক
কিন্তু মৃত মানুহক জী তুলিব পৰাকৈ
আমাৰ সকলোৰে হাতত জানো আছে সঞ্জীৱনী
যাৰ মৌন প্ৰাৰ্থনাত মৃত শৰীৰ উঠিব ঘামি।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment