ম‌ই যদি হলোঁ হেঁতেন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

ম‌ই যদি হলোঁ হেঁতেন


 ম‌ই যদি হলোঁ হেঁতেন


                                      দীপ্তি মণি গোস্বামী

                                      লালুক, লখিমপুৰ


ম‌ই যদি হলোঁ হেঁতেন 

জোনাকৰ পয়োভৰ,

আন্ধাৰবোৰ নাশি

সিঁচিলো হেঁতেন এচমকা শীতল জোনাক ।।


ম‌ই যদি হলোঁ হেঁতেন 

এচাতি উগ্ৰ বতাহ

ধুমুহাৰ  প্ৰৱল তাণ্ডবেৰে

মনত ললোঁ হেঁতেন সকাহ ।।

           

ম‌ই যদি হলোঁ হেঁতেন 

বেলিৰ দৰে একুৰা জুই

মোৰ অসহ‍্য তাপৰ প্ৰকোপত 

সুস্থ বিবেক বোৰ নাথাকিল হেঁতেন শুই ।।


ম‌ই যদি হলোঁ হেঁতেন এখন মহাকাশ

আমোল প্ৰতিষ্ঠাৰে কৰিলোঁ হেঁতেন বিকাশ,

ধুমকেতু পপীয়া তৰাবোৰৰ খণ্ডাই ইতিহাস

লক্ষ‍্যচূত স্থানচূত কৰিলোঁ হেঁতেন তাত ।।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages