শীতল পানী
অপৰূপা দত্ত
অৰুণাচল প্ৰদেশ
গ্ৰীষ্মৰ আগমনৰ লগে লগে বায়ুমণ্ডলত উত্তাপৰ মাত্ৰা বাঢ়ি আহে। শৰীৰৰ উত্তাপৰ পৰা তৃষ্ণা দূৰ কৰিবলৈ মানুহে শীতল পানীৰ সহায় লয়। যাক কোৱা হয় ‘COLD DRINKS’ বাৰিষাৰ লগে লগে নদীৰ পানী বাঢ়ি অহাৰ দৰে প্ৰতিখন দোকান, ৰেষ্টোৰেন্ট, আনকি সৰু সৰু পান তামোলৰ দোকান বোৰতো গৰম দিন আহাৰ লগে লগে শীতল পানীৰ বটল আৰু পেকেট পোৱা যায়।
শীতলপানীৰ উৎপাদনৰ মাজতো এই লৈ যেন প্ৰতিযোগীতা হয়। কোনে কিমান মনোগ্ৰাহীকে বটলবোৰ সজাব। বিজ্ঞাপনত কাক দিলে ক্ৰেতা আকৰ্ষিত হ’ব ? ওপৰত কি কি লেবেল লগাব ? কেনে কালাৰ দিলে বেছি লাভ কৰিব পাৰিব ইত্যাদি। এই শীতল পানী সমুহৰ নাম বিভিন্ন ধৰনৰ থাকে যেনে- পেপছি, ক’কক’লা, স্পাইট, মিৰিণ্ডা, মাজা, থা্ মছ আপ, মাউন্টেন দিউ, মনষ্টাৰ, ডাইতক’ক আদি বহুতো। এনেকৈ বহু ৰাষ্ট্ৰীয় কোম্পেনীবোৰে বিভিন্ন নামেৰে ভাৰতবৰ্ষৰ বজাৰত শীতলপানী যোগান ধৰি বছৰি কৌটি কৌটি টকা উপাৰ্জন কৰি আহিছে। মাজে সময়ে আকৌ কল্ডড্ৰিংকছ বটলৰ লগত দিয়া উপহাৰৰ কুপনবোৰে বিক্ৰীৰ ক্ষেত্ৰত আৰু সহায় কৰি আহিছে।
বহু সংখ্যক লোকে এই পনী খিনি খাবলৈ বৰ ভালপায়। কিন্তু এবাৰো ভাবি নাচায় যে ইয়াত কি কি দিয়া থাকে। মাত্ৰ চায় সময়সীমা (বহুতে আকৌ তাকো নাচায়), নাম আৰু ফ্ৰী কিবা আছেনে লগত বা তাৰ মূল্য কিমান।
জানিব পৰা মতে এহমেদাবাদৰ ‘কনজুমাৰ এডুকেশ্বন এণ্ড ৰিচাৰ্জ চেন্টাৰ’ত সদ্যহতে বিভিন্ন শীতলপানীয় বটলৰ ওপৰত পৰীক্ষা চলাই কাৰ্বনিক এছিড, বেঞ্জয়িক এছিড আদিৰ উপস্থিতি ধৰা পেলাইছে। এই এছিডৰ উপস্থিতিৰ বাবে মানুহৰ ডিঙিৰ লগতে পেটৰ জ্বলন, উগাৰ অহা, অলপতে খং উঠা তথা মানুহবিলাক খিংখিঙিয়া স্বভাৱৰ হয় আৰু এচিডিটি বাঢ়ে।
এই বজৰত উপলব্ধ দেহা হাত পৰা শীতল পানীত কেফাইন দিয়া হয়। যিটো বেছি পৰিমাণে সেৱন কৰিলে অস্থিৰতা, অনিদ্ৰা আৰু মুৰৰ বিষ হয়। এই পানীবোৰ বহুদিন ভালে ৰাখিবলৈ কিছুমান দ্ৰৱ্য মিহলি কৰে। যিবোৰে স্বাস্থ্য ৰ অপকাৰ কৰা দেখা যায়। কেতিয়াবা বিক্ৰী নোহোৱা সমুহ ওপৰত নতুন লেবেল লগাই পুনৰ পৰীক্ষা নকৰাকৈ বজাৰলৈ এৰি দিয়ে ফলত মানুহৰ লিভাৰত প্ৰভাৱ পেলোৱাৰ কথা জানিব পৰা যায়। আমাৰ শৰীৰৰ বাবে শীতল পানীত থকা উৎপাদান সমুহ হ’ল - আৰ্চেনিক, কেডমিয়াম, মিথাইল, প্লুটামেট, পটেছিয়াম, ছডিয়াম, চৰ্বেট, ব্ৰমিনেটেড ভিজিটেৱল অইল ইত্যাদি। শুনিবলৈ পোৱা মতে পৰীক্ষা অনুসৰি নিয়মিত শীতলপানী সেৱনকাৰী সকলৰ হাড় থুনুকা হয়, বৃদ্ধ বয়সত হৃদৰোগ, বক্ক নষ্ট হোৱা আদি বেমাৰত ভোগা দেখা যায়।
বহুদিন ভালে ৰাখিবলৈ মিক্স কৰা সংৰক্ষণকৃত দ্ৰৱ্য আৰু ৰংসমুহ সময় পাৰ হোৱাৰ লগে লগে বিহৰ সমতুল্য হয়। কিছুমান অসাৱধানতা বা পুৰনি বটল ব্যৱহাৰৰ ফলত বটলত শেলাই, কণ কণ জীৱাণুৱে বংসবৃদ্ধি কৰা কেতিয়াবা কেতিয়াবা আমাৰ চকুত নপৰা নহয়।
এইখিনিতে আৰু এটা কথা যে কেৱল শীতল পানীতেই যে বেয়া গুণ আছে এনে নহয়। নিদিষ্ট সময়সীমা আৰু পৰিস্কাৰ যিকোনো স্বাস্থ্যসন্মত পানীয়েই আমাৰ দেহলৈ সজীৱতা আনে। এই পানীবোৰে দেহলৈ শীতল ভাৱ কঢ়িয়াই অনাৰ বাবেই ইয়াক শীতলপানী বুলি কোৱা হয়।
অতিকৈ আচৰিত কথা যে তেনেই সৰু এবটল ১৫/২০ টকীয়া শীতলপানী উৎপাদনৰ অনুমানিক ভাৱে খুউব বেছি খৰচ হয় ২/৫ টকা। তেনেস্থলত আমি তাৰ বিকল্প হিচাপে কুঁহিয়াৰ ৰস আৰু ডাবৰ পানী খাব পাৰো। এনেবোৰ গছৰ পৰা আমাৰ পৰিবেশো সেউজ হ’ব লগতে স্বাস্থ্যও ভালে থাকিব। বিভন্ন ফল যেনে - তৰবুজ, কৰদৈ, কমলা, আম, ডালিম, নেমু আদিৰে ঘৰতে চৰ্বত তৈয়াৰ কৰি খোৱাৰ লগতে আমাৰ জীৱিকা নিৰ্বাহৰ পথো সুগম হয়। এনে শীতল পানীৰ মূল্য কম আৰু গুণগতভাৱে যথেষ্ট উচ্চতমানৰ। ঘৰতে তৈয়াৰ কৰা শীতলপানীত শৰীৰৰ বাবে প্ৰয়োজনীয় বহুতো উৎপাদন থাকে। এনে পানী বিভিন্ন বেমাৰৰ প্ৰতিষেধ হিচাপেও আমি ব্যৱহাৰ কৰো।
Doksiri দকচিৰি, আগষ্ট, ২০২৫

No comments:
Post a Comment