সুপ্রকাশ ভূঞাদেৱৰ এটা গল্পৰ আঁত ধৰি
শতাব্দী শৰ্মা
আমোলাপট্ৰি, নগাঁও
২০২৫ চনৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰা লেখক সুপ্ৰকাশ ভূঞাৰ “কুঁচিয়ানামা” এক উল্লেখযোগ্য গল্প সংকলন। এই গল্প সংকলন xunasunখনৰ পাত লুটিয়ালে বাস্তৱ পৃথিৱীৰ এক উন্মত্ত ৰূপ এটা চকুত ধৰা দিয়ে। লেখক ভূঞাদেৱ যেন নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে সম্ভাৱনা প্ৰকট কৰিব পৰা সাহিত্যৰ সাধক, তেনে অনুভৱ হয়। গল্প এটা সমাজমুখী হোৱাৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ মানুহে পঢ়িব পৰা হোৱা উচিত। সহজে বোধগম্য সৃষ্টিৰ প্ৰতি মানুহৰ আগ্ৰহো অধিক। “কুঁচিয়ানামা”ত প্ৰত্যেকটো গল্পৰ আধাৰ অথবা বিষয়বস্তুৰ গভীৰ পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চৈধ্যটা গল্পৰে পৰিবেষ্টিত উক্ত সংকলনখনত মন চুই যাব পৰা বহুকেইটা গল্প আছে ,তাৰ ভিতৰত
“দ্য ষ্ট’ৰী অব এ লনলি ঘ’ষ্ট” শীৰ্ষক গল্পটোৱে এক নতুনত্ব দিলে।
এই ধৰি লওঁক, গোচৰ এটা চলি আছে আদালতত, বহু সমস্যা পাৰ কৰিও চলি আছে, কোনো সমাধান নাই। তেনেতে কিবা এটা হঠাৎ হৈ গ’ল, যি চলি থকা গোচৰটোৰ ওজন কমাই দিলে। সমাধান উলিয়াবলৈ সহজ হৈ পৰিল। ঠিক তেনেদৰে, ভূঞাদেৱৰ সকলো গল্পৰ ভিতৰত এই গল্পটোৰ প্ৰচেষ্টাও তেনেকুৱা। পঢ়ুৱৈয়ে পঢ়ি পঢ়ি গৈ থাকে, কথাবোৰ সাধুৰ দৰে পৰিষ্কাৰ ঠিক “এখন দেশত এজন ৰজা আছিল”ৰ দৰে। প্ৰথম শাৰীটো কোনোবা এজন ইংৰাজ লেখকৰ, “In the end, we'll all become stories.” আমি একো একোটা কাহিনীয়ে হৈ পৰোঁ শেষত। আমি এইখন জীৱন নাটকৰ ভাৱৰীয়া। ভাও লৈ লৈ নাটক শেষ হ’লেই নিজৰ ঠাইলৈ যাওঁগৈ। আমাৰ মৃত্যুৰ পিছত কাহিনী হৈয়েই মানুহৰ মুখে মুখে বাগৰি ফুৰে আমাৰ কথা, “অমুক এনেকুৱা আছিল, “অমুক ছবি অঁকাত ভাল আছিল, এৱাৰ্ড পাইছিল টো” । এনেকৈয়ে লেখকে অনুভৱ কৰাইছে, গল্পটোৰ যথাৰ্থতা। চাৰিজন যুৱক-যুৱতীয়ে কথা পাতি আছিল, তেওঁলোকে জুইয়ে পুৰি শেষ কৰা কাৰোবাৰ আশাৰ শলিতা ৰু-ৰুৱাই জ্বলা এটি ব্যৱসায় “পাটঘৰ” ৰ বাখ্যা কৰি আছিল। তাতেই ৱেছিছ নামৰ উদ্যোগী যুৱকজনৰ সফলতাৰ চানেকি দাঙি ধৰা হৈছে । ঠিক যেন তেওঁলোকৰ মাজত দুৰ্দান্ত গতিত চলিছে কাহিনীটো ৰহস্যৰ ফালে ঠেলি দিয়াৰ আখৰা। পাঠকেও ভাবিছে “স্কুলীয়া দিনৰ অফ পিৰিয়ডত সমনীয়া লগ খাই কোৱা ভয় লগা কাহিনী” ৰ দৰে এইটোও এটা থ্ৰীল, ৰহস্যৰ কাহিনী। কিন্তু আগবাঢ়ি গৈ থকা গল্পটোৱে এটা নতুন গল্পৰ জন্ম দিছে, যাক ইংৰাজীত কোৱা হয় “ story within a story, অন্যভাৱে ইয়াক কোৱা হয়, “ফ্ৰেম নেৰেটিভ” বা “ফ্ৰেম ষ্ট’ৰী”। ইয়াৰ উদাহৰণ পোৱা গৈছিল, চাউচাৰৰ “কেণ্টাৰবেৰী টেলছ”(canterbury Tales) ত। লেখক ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে এনে উপাদান তেওঁৰ গল্প থকাটো একো আচৰিত হ’বলগীয়া কথা নহয়। কিন্তু গোটেই গল্পটোৰ গভীৰভাৱে অধ্যয়ণ কৰিলে, পাঠকে নিজকে প্ৰশ্নৰ মাজত ৰাখিব বুলি নিশ্চিত। কিয়নো সহজ-সৰল বুজিব পৰাকৈ গল্পকাৰে গল্পটো লিখিলেও তাত এটা টুইষ্ট আছে। মানুহ অকলশৰীয়া হয়, কিন্তু ভূত এটা অকলশৰীয়া হ’ব পাৰে জানো ! অশৰীৰি আত্মাৰ কি অস্তিত্ব আছে ?
শেষত গল্পকাৰে এটা কথা কৈছে যে এই চাৰিজন বন্ধুৰ গোটেই বাৰ্তালাপখিনি ৱেছিছ নামৰ ভূতটোৰ মনত চলা কল্পনা। সিয়েই সেই চাৰিজন বন্ধুৰ ৰূপ লৈ লৈ নিজৰ মাজতে কথা পাতি থাকে। আমাৰ ভাষাত “বলিয়া” বা “পাগল”। লেখকে শেষত কৈছে এইদৰে, “প্ৰিয় পাঠক, আচলতে ওপৰৰ গোটেই কথাবোৰেই আছিল ৱেছিছৰ ভূতটোৱে অকলে অকলে আগুলি - পাগুলি থকা গাজাখুৰি গল্প । সিয়ে কেতিয়াবা আইনু নহ’লেবা লাতু; আন কেতিয়াবা আকৌ নীলু নাইবা প্ৰতীক!” গল্পটো চাই তাত থকা চৰিত্ৰকেইটা সঁচা যেনেই লাগিছিল, কিন্তু আকৌ পিছপাকতে এনেকৈ লেখকে টুইষ্ট দিলে যে তেখেতৰ লিখন পদ্ধতিৰ আগত পাঠকৰ ধাৰণাই খোপনি পুতিবলৈ বিশেষ স্থান এটা পালে। কিন্তু সেইয়াও পাঠকে নিজকে অবিশ্বাস কৰি, গল্পটোত মনোনিৱেশ কৰাৰ পিছৰ কাহিনী। পঢ়ি যাওঁতে সাধাৰণ ৰহস্য থকা যেনেই লাগে, কিন্তু শেষলৈ কম শব্দেৰে বহু কথা প্ৰকাশ কৰি যোৱা গল্পটোৰ শিৰোনামতে সোমাই আছে অৰ্থবহ কাৰণ। গল্পৰ শিৰোনাম, “দ্য ষ্ট’ৰী অব এ লনলি ঘ’ষ্ট”, অৰ্থাৎ এটা অকলশৰীয়া ভূতৰ কাহিনী। মোৰ বোধেৰে দুটা কথা ইয়াত সোমাই আছে, হয়তো হ’ব পাৰে;
“পাটঘৰ”ৰ দৰে সফল উদ্যোগ এটাৰ মাজত সপোনৰ আছুতীয়া কোঠালি সজা ৱেছিছে যেতিয়া হঠাতে পাটৰ কাপোৰৰ লগতে জুইত পৰি মৃত্যুক সাৱটি ল’লে, সেই ব্যৱসায়টো ধ্বংসৰ আঁৰত থকা মানুহবোৰক এশিকনি দিবলৈকে কিজানি তাৰ অশান্ত আত্মাটো ঘূৰি ফুৰে, অকলে অকলে। নতুবা অন্য এটা কথা হ’ব পাৰে, সেই যুৱক-যুৱতীকেইজনক ৱেছিছৰ ভূতটোৱে হত্যা কৰিলে আৰু সি নিজেই এটা কাহিনী সজাই তেনেকৈয়ে ভাবি থাকে ! মুঠতে সি নিজেই নিজৰ বাবে এটা গল্প। গল্পকাৰ তেওঁৰ গল্প লিখাৰ শৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰা এজন অধ্যয়ণপুষ্ট লোক। তেওঁৰ গল্পই আকাশ চুৱক তাৰেই ফলস্বৰূপে তেওঁৰ “কুঁচিয়ানামা” ই সমাজত প্ৰসিদ্ধি লাভ কৰক। সুন্দৰ কথকতাৰ সাক্ষী সমগ্ৰ গল্প সংকলনখন সমাজ জীৱনৰ বাস্তৱ পটচিত্ৰ।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment