নাজল নাথল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

নাজল নাথল

 

নাজল নাথল


                      ববী কলিতা

                 কামৰূপ, গ্ৰাম্য


কলিজাৰ ব্যাথাভৰা 

আৰ্তনাদ শুনিবলৈ

আজিচোন কোনোৱে নাই

আলৰজনৰ লাখুটি হৈ,

নিচেই অকলশৰীয়া এই পৃথিৱীত

সপোনবোৰ ৰংহীন হৈ পৰিল।

খাদ্য যোগাও সিহঁতক 

নিজৰ দেহত প্ৰস্তুত কৰি,

এঢাপ এঢাপকৈ ডাঙৰ হ’ল

বীজৰ পোখাবোৰ,

ঠাল ঠেঙুলি ওলাল পোখাবোৰত,

সুন্দৰ হৈ পৰিল সিহঁতবোৰ।

ঠাল ঠেঙুলিবোৰত

ন ন পাতেৰে ভৰি পৰিল

উৎসাহ উদ্দীপনাৰে,

পাতনি মেলিছে নতুনবোৰে

আকাশলৈ আগুৱাব বিচাৰে

সিহঁতবোৰে হেপাঁহেৰে।

ঠাল ঠেঙুলিবোৰ ভৰপূৰ হৈ

পোখা মেলিলে,

সৌন্দৰ্যৰে ভৰি পৰিল

নিত্য নতুন ৰূপত,

এতিয়া যে ভোগ বিলাসৰ সময়

সিহঁতবোৰৰ।

অকামিলা হৈ আহিল

মূল বৃক্ষ জোপা,

এতিয়া আৰু 

কোনো কামত নাহে তাৰ

অস্তিত্বহীন সি নিজৰ

পুলি পোখাৰ ওচৰতে।

পূৰণিলৈ কাৰোৱে নাযায় চকু

নিঃশেষ হৈ আহিল 

ক্ৰমান্বয়ে,

চেপেনাৰে চেপিলেও  যে নোলায় 

ৰস আগৰদৰে,

নাজল নাথল অৱস্থা তাৰ।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages