ঈশ্বৰৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

ঈশ্বৰৰ কবিতা

 

ঈশ্বৰৰ কবিতা


                    গায়ত্ৰী দেৱী বৰঠাকুৰ

                  তেজপুৰ, শোণিতপুৰ


গেৰ ধৰা

শস্যলৈ চাই 

ঈশ্বৰে লিখিব খোজে 

এটা সেউজীয়া কবিতা


বহুদিন হ’ল লিখো বুলিও 

লিখিব পৰা নাই 

এটাও শব্দ


কাৰণ 


সীমাহীন ব্যস্ততা


কবিতাটো এদিন হালধীয়া হ’ব


ৰৈ- বৈ যাব ঈশ্বৰৰ খ্যাতি


আৰু ঈশ্বৰে শপত খাব

কবিতাৰ 


(নিজৰ নামতো পাৰে, কিন্তু নাখায় !!??)


এতিয়াৰ পৰা হাতত কলম ল’লেই 

আঁওৰাব লাগিব 

কবিতা লিখাৰ চৰ্টকাট ফৰ্মূলা


ঈশ্বৰ সুখী


আৰু আমি 


আমাৰ  মাজতেই ওপঙি ফুৰা

প্ৰশ্নবোধকৰ ধূসৰ কিছু ছবি...???!!!


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages