শাওণীয়া পথাৰত সপোনে নাও বান্ধে
অমল দাৱ
শাওণ মাহৰ আবেলিত ডাৱৰবোৰে সভা পাতে
নীৰ মুখী বগলী জাক আমন্ত্ৰিত অতিথি
কালীদাসৰ মেঘদূতৰ পৃষ্ঠা লুটিয়াই
ডাৱৰৰ আঁৰে আঁৰে লুকাভাকু খেলি খেলি
জীৱন ডিঙা মেলিছো তালৈকে
সৌখন বেলিবহা গাওঁ
য"ত বেলিৰ পোহৰ জালিকটা ৰং ৰঙা
পথাৰৰ শেষ সীমা
য’ত কোৰখন মাকো
জীৱন নেওতাৰ দীঘ -বাণী বোৰ বোৱা হয়
একলাফুল বোকা লেতিয়াই
কলাফুলৰ বোকাফুলো সহজাত লগৰী
এ’ৰা এক সৰল সপোনৰ আওতাত সুখে দুখে জীৱন ডিঙা বান্ধো
ৰ’দে বৰষুণে জীপাল কৰো ঘৰ্মাক্ত দেহ ৰুৱাবোৰ এদিন ধান হ’ব
চাবি অ আইজনীৰ মাক
পথাৰখনো গেঁৰ ধৰিব তোৰ সমানে সমানে
আশাই সপোন আমাৰ
সপোনেই পালতৰা নাও
ভালকৈ মন কৰ সৌখন শাওণীয়া চিলত কোন থাকে ভিতৰত
জীৱনৰ অংক বোৰ ইয়াতে কৰা হয় স্কুললৈ নোযোৱা বোৰো যোৱা বোৰো
কোৰখনেই আমাৰ
জীৱন কঠিয়া
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment