সন্ধ্যাতৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

সন্ধ্যাতৰা


 সন্ধ্যাতৰা 


                      ৰূপা গগৈ 


বিচৰা নাই এদিন চকুলোৰে মালা গাঁথি পিন্ধাবা

মোৰে ছবিত

সোঁৱৰিবা বুলি মোক

সেয়ে মৃত্যুকো বন্ধকত ৰাখি

জী আছোঁ কেৱল তোমাৰ বাবেই।


যাওঁ যদি কেতিয়াবা দৈৱ দুৰ্বিপাকত 

অজানিতে হেৰাই 

সন্ধিয়া পশ্চিম আকাশলৈ চাই মাথোঁ 

এবাৰ সোঁৱৰিবা 

মইও আছিলোঁ এদিন

জীৱনৰ কোনোবা এটি সন্ধিক্ষণত 

তোমাৰ মনাকাশৰ এটি সন্ধ্যাতৰা।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages