যুৱ প্ৰজন্মৰ দৃষ্টিত জনজাতিকৰণৰ ক্ষেত্ৰত জনগোষ্ঠীয় সংগঠনৰ কাৰ্যপ্ৰণালী কেনেধৰণৰ হোৱা উচিত? - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 1, 2025

যুৱ প্ৰজন্মৰ দৃষ্টিত জনজাতিকৰণৰ ক্ষেত্ৰত জনগোষ্ঠীয় সংগঠনৰ কাৰ্যপ্ৰণালী কেনেধৰণৰ হোৱা উচিত?


 
যুৱ প্ৰজন্মৰ দৃষ্টিত জনজাতিকৰণৰ ক্ষেত্ৰত জনগোষ্ঠীয় সংগঠনৰ কাৰ্যপ্ৰণালী  কেনেধৰণৰ হোৱা উচিত?


প্ৰতীক্ষা শৰ্মা

কটন বিশ্ববিদ্যালয় 


  পোন প্ৰথমে এটি ব্যক্তিগত প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ – ২১ ফেব্ৰুৱাৰীৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় ? বহুজনে উত্তৰটো সঠিকভাৱে দিব নোৱাৰাৰ মূলতে আছে সেইদিনটোক লৈ চৰকাৰৰ নিৰুৎসাহ তথা সমাজখনৰ অনীহা । সেইদিনা আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। বিশ্ব পৰিৱেশ দিৱস, বিশ্ব যোগ দিৱসৰ আড়ম্বৰতাৰ ধামখূমীয়াত মাতূভাষাৰ নামত পতা দিনটো এইটো বছৰত চৰ্চাত অহাৰ মূল কাৰণ হ’ল অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা। ঠিক তেনেকুৱাই এক বিচাৰ্যৰ বিষয় হ'ল “জনগোষ্ঠীয়কৰণ”। পৰম্পৰাক বুকুত খামুচি জীয়াই থকা এটা জনজাতিৰ সত্তা বচাই ৰাখিবলৈ নীতিগতভাৱে আইনী প্ৰক্ৰিয়াৰ যোগেদি সাংবিধানিক স্বীকৃতিকৰণেই হৈছে জনগোষ্ঠীয়কৰণ। অহোপুৰুষাৰ্থ কৰি পূৰ্বপুৰুষে এৰি যোৱা সংস্কৃতিসমূহৰ সুৰক্ষাৰ স্বাৰ্থত থিয় দিয়াটো আমাৰ বিশেষকৈ উঠি অহা যুৱ প্ৰজন্মৰ এক দায়িত্ব। এইখিনিতে দুটা বিশেষ দিশ আমাৰ হাতত আহি পৰে — ‘যুৱ প্ৰজন্ম’ আৰু ‘জনগোষ্ঠীয় সংগঠন’। কিন্তু  উক্ত দুই বিষয়ৰ সম্যক পৰিচয় দাঙি ধৰাৰ আগতে জনজাতি আচলতে কি তাৰ এক বিশদ বিৱৰণাত্মক তথ্য তলত উল্লেখ কৰা হ’ল।


জনজাতি কি ?


  ভাৰতৰ সংবিধানত ‘জনজাতি’ বুলি শব্দটোৰ নিৰ্দিষ্ট সংজ্ঞা নাই যদিও অনুচ্ছেদ ৩৪২ (i) ভিতৰত অনুসূচিত জনজাতিক মান্যতা প্ৰদান কৰাৰ উপাদান আছে। উক্ত ধাৰাৰ জৰিয়তে নিৰ্দিষ্ট বৈশিষ্ট্য আৰু জনসংখ্যাৰ ওপৰত ভিত্তি কৰি সাংবিধানিকভাৱে  ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা অধিসূচনা জাৰি কৰি  এটা জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে ঘোষণা কৰিব পাৰে ।

   সংবিধানৰ পঞ্চম অনুসূচী অনুসৰি জনজাতি এটাৰ    শৈক্ষিক আৰু সাংস্কৃতিক সুৰক্ষা তথা প্ৰশাসনিক আৰু ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত প্ৰতিখন ৰাজ্যত অনুসূচীত জাতিৰ অঞ্চলত “জনজাতি পৰামৰ্শদাতা পৰিষদ” গঠন কৰা হৈছে।

   অনুচ্ছেদ ১৫ (৪), ২৯, ৪৬, ২৪৩, ২৭৫, ৩৩০, ৩৩২, ৩৫০ৰ জৰিয়তে   অন্যান্য পিছপৰা শ্ৰেণীসকলৰ উন্নতিৰ বাবে বিশেষ ব্যৱস্থা কৰা তথা সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষা তথা শৈক্ষিক দিশটোৰ প্ৰসাৰিত কৰাৰ লগতে সুকীয়া ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অধিকাৰ লাভ কৰিছে। লোকসভা, বিধানসভাকে ধৰি প্ৰশাসনিক ক্ষেত্ৰখনত আছে অনুসূচিত জনজাতিৰ বাবে বিশেষ আসন সংৰক্ষণ ব্যৱস্থা। সংবিধানে প্ৰদান কৰা এইসমূহ বৈধ সুবিধা লাভ কৰিবলৈ জনগোষ্ঠীটোৰ থাকিব লাগিব সংবিধান উল্লেখিত জনজাতিকৰণৰ ভেটিগত বৈশিষ্ট্য। সেইসমূহৰ এক থূল-মূল আভাষ তলত দিয়া ধৰণৰ —


১)আদিম চাৰিত্ৰিক সমলসহিত স্বকীয়তাঃ

  এসময়ত জনজাতিসমূহৰ মাজতেই এখন সমাজে স্থিতি লৈছিল আৰু সেই জাতিটোৰ পৰম্পৰা, ভাষা, সংস্কৃতি, পিন্ধন-উৰণে আছিল জনগোষ্ঠীটোৰ স্বকীয় সমল। দোষ কৰোঁতাজনৰ শাস্তি তথা জৰিমনাৰ বাবে নিৰ্দিষ্ট পদবীৰ ব্যক্তিজনৰ মতামতটোত নিৰ্ভৰ কৰিছিল। আজিও জাতিগত বৈশিষ্ট্য অক্ষুন্ন ৰাখি কিছুমান সৰুসুৰা অথচ গুৰুত্বপূৰ্ণ কাৰ্যৰ সমাধান স্থানীয় অভিজ্ঞ ব্যক্তিৰ দ্বাৰা কৰোৱাৰ নজিৰ পাহাৰ- ভৈয়ামৰ জাতিবোৰত দেখা পোৱা যায়।


২) ভৌগোলিক প্ৰব্ৰজনকাৰিতাঃ

   সুগম স্থলৰ কাৰণেই হওঁক বা আৰ্থিক স্থিতিৰ বাবেই হওঁক প্ৰব্ৰজন কৰাটো জাতিসমূহৰ এক উমৈহতীয়া বৈশিষ্ট্য। বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত সিঁচৰতি হৈ পৰাৰ পিছত ও জন্মস্থলৰ তাগিদাত মানুহখিনিয়ে নিজৰ জাতীয় ধৰ্ম ভিন ভিন ক্ষেত্ৰত পালন কৰি আছে।



৩) নিজস্ব সংস্কৃতিকৰণঃ

   প্ৰত্যেক জাতিৰে আছে নিজস্ব এক সংস্কৃতি আছে নিজস্ব এক ভাষা। সংবিধান প্ৰদত্ত বৈশিষ্ট্যসমূহৰ উল্লেখনীয় এই জাতীয় দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। কাৰণ যি জাতিৰ নিজা ভাষা তথা সংস্কৃতি নাই ,সেই জাতিৰ কোনো স্থিতি নাই সেই জাতিৰ কোনো অস্তিত্ব নাই । গীত-নৃত্য, স্থাপত্য শৈলী, খাদ্য, বস্ত্ৰ আদিৰ যোগেৰে এটা জাতি জীয়াই থাকে । 


৪) অৰ্থনৈতিক অনগ্ৰসৰতাঃ

অৰ্থনৈতিক অনগ্ৰসৰতা জনজাতি এটাৰ মূখ্য লক্ষণ। অতীজৰে পৰা হাবি, পাহাৰ কাটি  ভিতৰুৱা অঞ্চলত বসবাস কৰাৰ কাৰণে জনজাতীয় লোকসকল এতিয়াও আৰ্থিকভাবে বহুত দুৰ্বল হৈ আছে।এনে ক্ষেত্ৰৰ বাবে ৰাজনৈতিক আৰু শৈক্ষিক দিশত বৰ্তমান যিসকল লোক আগবাঢ়ি আহিছে সেয়া অতি নিম্ন সংখ্যক। উদাহৰণস্বৰূপে বৰ্তমানলৈকে অসমৰ ভালেসংখ্যক আগশাৰীৰ বাবত এতিয়াও কমসংখ্যক জনজাতীয় সম্প্ৰদায়ৰ লোকে অধিষ্ঠিত হৈছে। সেয়ে চৰকাৰে সংবিধানৰ ধাৰাসমূহ ৰক্ষা কৰি জনগোষ্ঠীসমূহৰ ওপৰোক্ত বৈশিষ্ট্যসমূহ চালি-জাৰি চাই অনুসূচিত জনজাতিৰ অন্তৰ্গতকৰণৰ কাম হাতত লৈ আহিছে। বহুকেইটা জনজাতীয় ভাষা মূল বাইশটা সাংবিধানিক ভাষাৰ অন্তৰ্গত ও হৈছে । পূৰ্বে উল্লেখিত শব্দদুটাৰ এক সংশ্লেষাত্মক আভাষ তথা  যুৱ প্ৰজন্মৰ ওপৰত সম্যক ধাৰণা এটা থকাটো আমাৰ দৰকাৰ ।


যুৱ প্ৰজন্মত কোনসকল ?

   এখন সমাজ গঠনত মূখ্য ভূমিকা পালন কৰে সেই সময়ৰ একোটা যুৱ প্ৰজন্মৰ পীড়িয়ে । এইক্ষেত্ৰত যুৱ মানসিকতাৰ অন্তৰ্গত চিন্তা চেতনা, বিচাৰ আদৰ্শ, মূল্যবোধ, আৰু আচাৰ-আচৰণৰ সমষ্টিগত ধ্যান ধাৰণাৰ প্ৰক্ৰিয়াত্মক ৰূপ হিচাপে যুৱক যুৱতীক সৃজনশীল প্ৰাণীৰূপে অভিহিত কৰিব পাৰি। যুবপ্ৰজন্ম হৈছে দেশ এখনৰ বাহক, প্ৰগতিৰ জৰী ধৰা। অসীম শক্তি প্ৰাপ্ত এইটো বয়সতে আৰম্ভ হয় সমাজক ইতিবাচক দিশত পৰিৱৰ্তিত কৰাৰ সদৰ্থক উদ্যমিতা। এইটো বয়সতেই আহে বিৱৰ্তনশীল  পৃথিৱীৰ চাৰিওদিশে চলি থকা পৰিকল্পনাক   বাস্তৱায়িত কৰা সক্ৰিয় অংশগ্ৰহণৰ চিন্তা। এইসকল সেইসকল নতুন পুৰুষ যাৰ চিন্তাত থাকিব আধুনিকতা আৰু শিপাৰ থাকিব পৌৰাণিকতা। বৰ্তমান চলা এই সমাজৰ পৰা লাভ কৰা বা অৰ্জন কৰা মূল্যবোধ, বিচাৰ চিন্তা চেতনা আদৰ্শ  ইত্যাদি হস্তান্তৰ হয় যুৱপ্ৰজন্মলৈ আৰু নতুন সমাজ গঢ়ি উঠে সময়ৰ গতিত।


জনজাতীয় সংগঠনৰ কাৰ্যঃ

   জনজাতি এটাৰ ভিত্তিত গঢ়ি উঠে একোটা সংগঠন। সংগঠনত জড়িত থাকে সেই জাতিটোৰ তেজ প্ৰবাহিত বিশেষ কিছুমান উদ্যমী পুৰুষ। তেওঁলোকৰ মূখ্য উদ্দেশ্য জাতিটোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ চলোৱা বাহিৰা অপ সংস্কৃতিৰ পৰা জাতিটোৰ সমল ৰক্ষা কৰা ।

   এতিয়া আহোঁ মূল প্ৰশ্নটিলৈ — “যুৱ প্ৰজন্মৰ দৃষ্টিত জনজাতিকৰণৰ ক্ষেত্ৰত জনগোষ্ঠীয় সংগঠনৰ কাৰ্যপ্ৰণালী কেনেধৰণৰ হোৱা উচিত ?” যদি  সাংগঠনিক দিশৰ পৰা চাবলৈ যাওঁ তেন্তে দুটা উদ্দেশ্য দৃষ্টিগোচৰ হয় —

   ১) জাতি এটাৰ পৰিচয়ৰ চিৰ প্ৰবাহ গতি বৈ থাকে সেই জাতিৰ অস্তিত্বত, সেই জাতিৰ সত্তাত, সেই জাতিৰ সংস্কৃতিত । গতিকে জনগোষ্ঠীয় সংগঠন এটিৰ মূখ্য কাৰ্য হৈছে জাতিটোৰ সমলসদৃশ লোক আখ্যান, সেই জাতিৰ বীৰ গাঁথা, অমূল্য পুথি, সাজ-পাৰ, অলংকাৰ, খাদ্য আদিৰ সমন্বয় ঘটাই এক সংগ্ৰহালয়ৰ সৃষ্টি কৰা আৰু স্বজাতিৰ স্বাৰ্থত তাৰ সুৰক্ষাৰ ব্যৱস্থা লোৱা। এনে কাৰ্য্যভিত্তিক প্ৰকল্পই জাতিটোৰ গুৰিদণ্ড হৈ মান বৃদ্ধি কৰিব।

   ২) “স্বদেশ আৰু স্বজাতিৰ মঙ্গলমন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা” — অসমীয়া আধুনিক সাহিত্যৰ মূল কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কথাষাৰক সাৰোগত কৰি প্ৰত্যেক জাতি-জনজাতিয়ে নিজৰ নিজৰ স্বকীয় ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে বুলি মই ভাবোঁ। এনে ক্ষেত্ৰত মূখ্যত সহায়ৰ হাত জনগোষ্ঠীয় সংগঠনবোৰৰ ফালৰ পৰা প্ৰথমে আহিব লাগে। কিন্তু আগৰ দফাত উল্লেখ কৰা ধৰণে যিহেতু যুৱ প্ৰজন্ম আৰু জনজাতীয় সংগঠনৰ সম্পৰ্ক পাৰস্পৰিক,তেনেস্থলত মই যুৱ সমাজৰ এজন প্ৰতিনিধি হিচাপে সমাজখনৰ নেতৃত্ব লোৱা প্ৰজন্মটোৰ কিছু আসোঁৱাহৰ উপলব্ধি কৰিছোঁ। সমাজ সংস্কৰণৰ বাবে তেনে ধাৰণাবোৰ অত্যন্ত ক্ষতিকাৰক তথা ৰাজনৈতিক ক্ষেত্ৰখনক বেয়াকৈ প্ৰভাৱান্বিত কৰিব বুলি মই ডাঠি কওঁ ।সাম্প্ৰতিক সময়ৰ বিশ্বায়নৰ প্ৰযুক্তিগত নীতি আৰু ভোগ সৰ্বস্বতাৰ সামগ্ৰিক সমাহাৰত  বেছিকৈ আসক্ত হৈছে যুৱ সমাজ । সংগঠনৰ শক্তিৰে আনক হেয়   প্ৰতিপন্ন কৰোৱা, আৰ্থিক লাভালাভৰ খাতিৰত সংগঠনসমূহক লৈ আৰম্ভ হৈছে এক লেতেৰা ৰাজনৈতিক খেলা । যিসময়ত একাংশই পৰিশ্ৰম আৰু  জাতীয়তাবোধেৰে নৈতিক আদৰ্শৰ শিপা খামুচি জাতিটো তথা অসমৰ স্বাৰ্থত কাম কৰি আছে, সেই সময়তে  একাংশই অতি আধুনিকতাৰ নাম লৈ সুবিধাবাদীৰ চৰিত্ৰ ৰূপায়ন কৰি নীতি বিৰুদ্ধ নিয়মেৰে ধন অৰ্জনৰ দৰে কামত লিপ্ত হৈছে। একাংশই আকৌ কাৰ্যক্ষম বয়সটোত নিবনুৱতাৰ দৰে ভয়াবহ ৰূপৰ সন্মূখীন হৈ দুটকা  লাভৰ স্বাৰ্থত নিজক সুবিধাবাদীসকলৰ কামত বিলীন কৰি দিছে। আচলতে এনে অস্থিৰ পৰিৱৰ্তনে সৃষ্টি কৰিছে এখন ভাৰসাম্যহীন সমাজ, যাৰ চাকনৈয়াত উঠি অহা চাম বাৰুকৈয়ে আক্ৰান্ত হৈছে। যিটো সময়ত সমাজখনক বিশ্লেষণাত্মক দৃষ্টিৰে চোৱাৰ পৰামৰ্শ তথা সাহসকণ সমাজৰ অভিজ্ঞতালব্ধ ব্যক্তিসকলে দিব লাগিছিল, সেই সময়তে নিত্যনৈমিত্তিক কৰ্মৰ দোহাই দি বয়োজেষ্ঠ্যসকল সামাজিক উত্তৰণৰ পৰা আঁতৰত আছে ।


জনগোষ্ঠীয়কৰণৰ স্বাৰ্থত একত্ৰিকৰণঃ

    জনজাতি এটাক আন অপসংস্কৰণৰ ৰঘূমলাৰ পৰা দূৰত ৰাখিবলৈ সংগঠনসমূহে ল’ব লাগিব যুগান্তকাৰী ভূমিকা। এনে ক্ষেত্ৰত জনজাতীয় সংগঠনসমূহে চৰকাৰৰ সহায়ত নিজাকৈ ল'ব পৰা পদক্ষেপসমূহ—

    ১) ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত স্থানীয় ভাষাৰ  বিষয়ত  শিক্ষা প্ৰদান বাধ্যতামূলক কৰোৱাৰ ব্যবস্থা গ্ৰহণ কৰোৱা লগতে নিবনুৱা স্থানীয় ভাষিকভাৱে অভিজ্ঞ ব্যক্তিৰ নিয়োগৰ ব্যৱস্থা কৰোৱা ।

  ২) যিমান সম্ভৱ বিদ্যালয়-মহাবিদ্যালয়ৰ দৰে  ৰাজ্যিক ভিত্তিক অনুষ্ঠানসমূহত নিজাববীয়া উদ্যোগত জাতিগত ভাষাত পষেকীয়া-মাহেকীয়া অনুষ্ঠান অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰোৱা।

 ৩) চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত প্ৰত্যেক মাহটোত একোজন বিখ্যাত জনজাতীয় সাহিত্যিকৰ জীৱনীৰ ওপৰত কুইজ, ৰচনা, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰোৱা ।

   ৪) অসম লোকসেৱা পৰীক্ষাত বাতিল কৰা অসমীয়া ভাষাৰ  যোগ্যতা নিৰূপণকাৰী কাকতখনৰ পুনৰ প্ৰৱৰ্তনৰ লগতে আন আন জনজাতীয় ভাষাতো কাকত প্ৰৱৰ্তনৰ ব্যৱস্থা কৰাৰ বাবে ২০২৬ চনত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা ।

  ৫) জনজাতিটোৰ ভৱিষ্যত সুৰক্ষা তথা প্ৰয়োজনীয়তাৰ ওপৰত প্ৰত্যেক চৰকাৰী অনুষ্ঠানত এদিনীয়া গীত, নৃত্য, কবিতা আবৃত্তিৰ আয়োজন কৰোৱা। অন্ততঃ উল্লেখযোগ্য পদবীসমূহৰ নিৰ্বাচন পৰীক্ষাত জনজাতীয় মাধ্যমৰ কাকতৰ প্ৰচলনে সস্তীয়া সম্ভ্ৰান্ত পৰিয়ালৰ ভেমত জিলিকা পিতৃ-মাতৃক নিজ ভাষাৰ মূল্য বুজিবলৈ এক সুযোগ প্ৰদান কৰিব। এনেদৰে পদক্ষেপ ললে অসমক এখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিবলৈ ভাৰত চৰকাৰ বাধ্য হ’ব। যিসমূহ জনজাতীয় ৰাজ্যত অনুসূচিত জনজাতিৰ সংখ্যা ৪০% মানতকৈ ও কম থকাৰ পিছতো সেই অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে নিজক সংবিধানৰ অন্তৰ্ভুক্ত অনুসূচিত জাতিৰ মৰ্যাদা দি সুকলমে সুবিধাসমূহ ভোগ কৰিবলৈ সক্ষম হৈছে, তেনে ক্ষেত্ৰত অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা হ’লে অন্তৰ্ভুক্ত জনগোষ্ঠীকেইটাৰ লগতে সমূহ থলুৱা অসমীয়া ৰাইজৰ বহুতো সুবিধা হ’ব। জনজাতীয় ৰাজ্যই লাভ কৰা আৰ্থিক সা-সুবিধাবোৰৰ অংশীদাৰ হোৱাৰ লগতে বহিৰাগতই মাটি-বাৰী কিনাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। আজি যিটো গতিত অসমলৈ  বহিৰাগতসকলৰ আগ্ৰাসন ঘটি বাণিজ্যিক ক্ষেত্ৰখন আমাৰ হাতৰ পৰা লৈ গৈছে সেই অৱস্থালৈ চালে অসমখনক এখন জনজাতীয় ৰাজ্যৰ মৰ্য্যদা দিয়াটো অতি আৱশ্যক হৈ পৰিছে।অসমখনক জনজাতীয় ৰাজ্য ঘোষণা কৰাৰ ইতিবাচক ফলাফলৰূপে সংগঠনসমূহে তলত দিয়া ইতিবাচক দিশসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰিব পাৰে —


   ১) অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিলে স্থানীয় সন্ত্ৰাসবাদৰ দৰে সংবেদনশীল সমস্যা বহুখিনি হ্ৰাস পাব।

  ২) “কা” বলবৎ হোৱা সময়ত তথা অসমত নাগৰিকত্ব ভিত্তিবৰ্ষ ১৯৭১ চন বুলি ৰায়দানৰ পিছত আগমন ঘটা বহিৰাগতৰ পুলিয়ে পোখা মেলা ঠাইসমূহৰ পৰা তেওঁলোকক স্থানান্তৰকৰণত সুবিধা হ’ব ।

   ৩) অসম ৰাজ্যখন জনজাতীয় ৰাজ্যত পৰিণত হলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ইমান বছৰে মৰ্যাদাৰে বাবে যুঁজি থকা চুতীয়া জনগোষ্ঠীসহিত আন পাঁচ জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ মৰ্য্যদা পাব। যুৱ প্ৰজন্ম আৰু সংগঠনীয় কাৰ্য শ্বাশ্বত, ওতঃপ্ৰোত।এই সম্পৰ্কৰ ভূল-শুদ্ধৰ বিশ্লেষণাত্মক বিচাৰ কৰাৰ ধৃষ্টতা নাই। মাথো এই মহামিলনৰ দায়িত্ব, ক্ৰুটিসমূহৰ আলোচনা তথা তাৰ সমাধানৰ পথহে দাঙি ধৰিব পাৰোঁ । অসমীয়া জাতিটোৱে সাংগঠনিক কাৰু-কাৰ্যৰ অ আ ক খ মহাবিদ্যালয় বিশ্ববিদ্যালয় অৱস্থাতে জনাটো দৰকাৰ, জনাটো প্ৰয়োজনীয়। পৈণত অপৈণত শাৰীৰিক-মানসিক স্থিতিৰ এই সন্ধিবছৰ কেইটা যুৱপ্ৰজন্মৰ বাবে হাততে পোৱা সোনালী পথ। এক ভাল নেতৃত্বৰ জ্ঞানে পিছলৈ সমাজক একো একোজন নিকা সম্পদ দিব, যাৰ তত্বাৱধানত বাৰেৰহনীয়া বৰ অসমৰ সকলো জাতি সুৰক্ষিত হ’ব বুলি আমি আশাবাদী। যিহেতু বৰ্তমানৰ প্ৰজন্ম তথা সংগঠনৰ হাত ধৰা কিছুসংখ্যকৰ উদ্দেশ্য বৰ বিশেষ এটা মাতৃভূমিৰ সেৱাৰ্থে আগবঢ়া নাই, তেনে পৰিস্থিতিত অসমীয়া যুৱ প্ৰজন্মই যিমান পাৰে ইংৰাজী ভাষাত কথোপকথনৰ পৰা বিৰত থাকি নিজৰ জাতিগত ভাষাত প্ৰায়সম্ভৱ  শৈক্ষিক দিশটোৰ চৰ্চা কৰাৰ লগতে সামাজিক মাধ্যমত অসমীয়া ভাষাৰ লগতে নিজ নিজ মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব হাতত ল’ব লাগিব। জনজাতীয় সংগঠনসমূহে ধৰ্মীয় নীতিবোৰৰ বৈষম্য আৰু সংবেদনশীল বিষয়সমূহৰ টি.আৰ.পি. জড়িত বিষয়সমূহক একাষৰীয়া কৰি আইৰ ভাষা-সংস্কৃতিৰ ৰক্ষা কবচৰ কাম কৰিব লাগিব। আমাৰ জাতিটো ঘৰ সদৃশ, ভেটিটো মজবুত কৰিলেহে এখন চাদৰ ওপৰত এখন চাদ ঢলাৰ লেখীয়াকৈ বিশ্বপটত মৰ্যাদা পোৱাৰ লেখীয়া মনঃপূত কাৰ্যসমূহৰ ভাগীদাৰ হম। অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক বেজবৰুৱাদেৱৰ ভাষাৰে লিখনিটোৰ মোখনি মাৰিলো— “ঢেকীটোৰ এমূৰে তুমি উঠি ডক্তৰ আছা,সিমূৰে তোমাৰ মাতৃভূমি । তুমি ওপৰলৈ উঠিলে মাতৃভূমি তললৈ যাব । মাতৃভূমিক ওপৰলৈ তুলিব খুজিছা যদি, তুমি তোমাক সৰুটি কৰি তললৈ নিয়া ।”


দূৰাভাষঃ 6003301541

Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages