প্ৰশ্নবোধক
ড° মীনা দেৱী বৰুৱা
তিনিচুকীয়া
অনুভূতিবোৰে যেন সাজু কৰি ৰাখে
দুখনি ডেউকা
সুৰুঙা পালেই মেলি দিব খোজে
বান্ধোনেৰে বন্ধা দুখনি পাখি
ভেটা ভাঙি সংগোপনে
পৰশ দিবলৈ আহে
এছাটি সুগন্ধি মলযা
নহা হ'লেওতো মলয়াছাটি
নাছিল কোনো ক্ষতি
অজানা হৈয়েই ৰ’লহেঁতেন
কি আকুলতাত সমৰ্পিত হয়
ভালপোৱাৰ প্ৰাৰ্থনা ।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment