তোমাৰ বাবে
জিতু ৰাজ
আমনি, নলবাৰী
উৰনীয়া তুমি এটি পখিলা
মই জানো ধৰিব পাৰিম ?
সন্মুখত চটিয়াইছোঁ ফুলৰ বীজ
তোমাৰ বাবে...।
মোৰ খৰাং পথাৰত তুমি
বিশ্বাসৰ বৰষুণ হৈ নামি আহা
মই তাত ভালপোৱাৰ কঠিয়া সিঁচিম।
গঁজালি মেলিব আমি দুয়োৰে
নতুন জীৱনৰ।
ৰৈ আছোঁ তোমাৰ বাবে।
ভেঁকুৰ লগা কলিজাত কৃষ্ণচূড়াৰ
ৰঙা সানিব পৰা প্ৰেমৰ প্ৰয়োজন।
ৰাধাচূড়া হৈ আহা তুমি
ৰৈ আছোঁ তোমাৰ বাবে।
শূন্য পকেটে বেৰঙী কৰা সপোনক
ৰঙীন কৰাব পৰা প্ৰেমৰ প্ৰয়োজন।
মোৰ সপোনৰ ৰানীজনী হৈ আহা
মই সদায় ৰৈ থাকিম তোমাৰ বাবে।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment