আপোনাক বিচাৰি ফুৰিছো
বিপ্লৱ গোস্বামী
আপোনাক বিচাৰি উলিওৱাত
নিজকে হেৰুৱাই পেলাইছো
ঠিক যেনেকৈ প্লুটো সৌৰজগতৰ পৰা নোহোৱা হৈ গৈছে।
আপোনাক বিচাৰি ফুৰিছো
নিজকে হেৰুৱাই পেলাইছো
ঠিক যেনেকৈ নদীৰ নিজৰ গতিপথ সলনি কৰিছে।
আপোনাক বিচাৰি উলিওৱাত
মই মোৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালক হেৰুৱাইছো, অকলে।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment