স্বাৱলম্বিতাৰ দিশে এখোজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

স্বাৱলম্বিতাৰ দিশে এখোজ

 

স্বাৱলম্বিতাৰ দিশে এখোজ

পৱিত্ৰ কুমাৰ পাংগিং


 বুদ্ধদেৱে কৈছিল--

   “আত্ম দিপো ভৱ” যাৰ গূঢ়াৰ্থ “তুমি নিজেই নিজৰ পোহৰ হোৱা।” নিজেই যদি নিজৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, নিজেই যদি নিজক আলোকিত কৰিব পাৰে আৰু সেই কৰ্মই যদি আনকো প্ৰভাৱান্বিত কৰিব পাৰে তেন্তে তাতকৈ আৰু সুখৰ মূল্য থাকিব পাৰে বুলি আমাৰ মনে নকয়। তাতকৈ আৰু সফল জীৱনৰ দৃষ্টান্তৰো থাকিব পাৰে বুলি অৱকাশ থাকিব নোৱাৰে।

    যি নহওক  স্বাৱলম্বিতা বুলিলে মোৰ বোধে নিজৰ কৰ্মৰ বলত যিয়ে নিজৰ ভৰিত নিজে থিয় দিব পাৰে এয়াই হৈছে- স্বাৱলম্বিতা। যি আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কৰ্মস্পৃহা আৰু আত্মবিশ্বাসৰ বলত স্বাধীনভাৱে প্ৰগতিৰ খোজত এখোজ হ’লেও আগুৱাই যাব পাৰে এয়াই হৈছে আত্মনিৰ্ভৰশীল বা স্বাৱলম্বিতা। স্বাৱলম্বিতা  বা আত্মনিৰ্ভৰশীল লোকৰ বাবে কোনো কঠিন কামেই তেওঁলোকৰ জীৱন পথত হেঙাৰ সৃষ্টি  কৰিব নোৱাৰে। কিয়নো তেওঁলোকৰ জীৱনৰ মূল মন্ত্ৰই হৈছে কৰ্মই ধৰ্ম। স্বাৱলম্বীসকলে সেই কথাকে সাৰোগত কৰি জীৱনৰ কঠিনতম পথ অতিক্ৰম কৰিবলৈ সক্ষম হয়। যিহেতু কৰ্মই মানুহৰ জীৱন সলনি কৰে। কৰ্মই মানুহৰ ভাগ্য নিৰ্ণয় কৰে আৰু সফল জীৱনৰ চাবি-কাঠি হৈছে কৰ্ম আৰু ধৈৰ্য। সেই কথা তেওঁলোকে জানে আৰু বিশ্বাস কৰে। আনহাতে তাৰ বিপৰীতে সমাজত এচাম মানুহ থাকে যি নিজে কাম কৰিব নোখোজে  বা আনে কাম কৰি উন্নতি হোৱাকো কামনা নকৰে। বৰঞ্চ কামক লৈ ঠাট্টা-মস্কৰা কৰা দেখিবলৈ পোৱা যায়। কামক সৰু বৰ, উচ্চ নীচ বুলি বিভাজন কৰি, উঠি অহা নৱপ্ৰজন্মক প্ৰত্যক্ষ বা পৰোক্ষ বাবে হ’লেও এইবোৰে বিপথে পৰিচালনা কৰে। এনেবোৰ লোকৰ পৰাই সমাজত বিশৃঙ্খল সৃষ্টি হয় আৰু দিনক দিনে নিবনুৱা সমস্যাই বৃদ্ধি হোৱাত অৰিহণা যোগাই।

       স্বাৱলম্বিতা মানুহৰ বাবে এক মহান শক্তি বুলি ক'ব পাৰি। যাৰ ফলত নিজৰ ভৰিত নিজে থিয় দিয়াৰ উপৰি সমাজ তথা দেশৰ প্ৰগতিৰ খোজত এখোজ হ'লেও আগুৱাই যোৱাত অৰিহণা যোগাই। সেয়ে মানুহ স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হোৱাটো নিতান্তই প্ৰয়োজন। সমাজৰ বা দেশৰ প্ৰগতি নিৰ্ভৰ কৰে দেশৰ নাগৰিকসকলৰ স্বাৱলম্বিতাৰ ওপৰত। নাগৰিকসকলে অৰ্থনৈতিক বাবে টনকিয়াল হৈ নিজৰ ভৰিত নিজে থিয় দিব পৰিলে স্বাভাৱিকতে দেশৰ উন্নতি হোৱাটো প্ৰত্যক্ষ কৰিব পাৰি। চিন্তাবিদ কেলভিন ক’লিজৰ চিন্তাটো স্বাৱলম্বিতাৰ বিষয়ে প্ৰতিফলিত হোৱা দেখা যায়। তেওঁ কৈছিল--

     “কামৰ ওপৰতেই মানুহৰ উন্নতি নিৰ্ভৰ কৰে। চেষ্টাৰ অবিহনে মানুহৰ দৈহিক বা মানসিক উন্নতি সম্ভৱ নহয় আৰু চেষ্টা মানেই হ'ল কাম। কাম কেতিয়াও অভিশাপ নহয়। ই হ’ল বুদ্ধিৰ স্বকীয় অধিকাৰ, মনুষ্যত্ব লাভৰ একমাত্ৰ পথ আৰু সভ্যতাৰ মাপকাঠি।” ক’লিজৰ এই কথাষাৰ পৰাই স্পষ্ট বাবে ক’ব পাৰি যে স্বাৱলম্বিতা বা কামেই হৈছে সফল জীৱনৰ অন্যতম চাবি-কাঠি। পিছে ল'ৰা ছোৱালীক স্বাৱলম্বীমুখী কৰাৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ প্ৰয়োজন আছে আৰু নতুন চিন্তাধাৰাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ হ’লে দেশৰ শিক্ষা ব্যৱস্থা, আভিভাৱক আৰু সমাজ তথা চৰকাৰৰ কাৰ্যকৰী ভূমিকা অতীৱ প্ৰয়োজন। দেশৰ আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমত বৃত্তিমুখী শিক্ষা সংযোজন কৰি ল'ৰা ছোৱালীক স্বাৱলম্বিতাৰ দিশত পৰিচয় ঘটাই নিবনুৱা সমস্যাৰ পথ পৰিহাৰ কৰি দেশখনক আত্মনিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এখোজ হ'লেও আগুৱাই যাব পাৰিব বুলি আশা কৰিব পাৰি। পিছে সম্প্ৰতি দেশত বৃত্তিমুখী শিক্ষাৰ প্ৰচলন হৈছে যদিও এয়াই যথেষ্ট হৈছে বুলি ক'ব নোৱাৰি। কিয়নো দেশৰ শিক্ষা ব্যবস্থা বৃত্তিমুখী হোৱাৰ উপৰি অভিভাৱক তথা সমাজৰ কাৰ্যকৰী ভূমিকা অত্যন্ত প্ৰয়োজন আছে। অভিভাৱক তথা সমাজে ল'ৰা ছোৱালীক সৰুৰে পৰাই সচেতন কৰোৱাৰ প্ৰয়োজনবোধ কৰোঁ যে নিষ্কৰ্মাই যেনেকৈ জীৱনৰ বিফলতাৰ মূল কাৰণ ঠিক তেনেকৈ পৰিশ্ৰমেই হৈছে জীৱনত সফল হোৱাৰ মূল চাবি-কাঠি আৰু পৰিশ্ৰম যে শৰীৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী সেই কথা প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুভৱ কৰোৱাৰ প্ৰয়োজন আছে। অন্যথা নিবনুৱা আৰু নিবনুৱা সমস্যাই যে এদিন দেশক গ্ৰাস কৰি নেপেলাব তাত সন্দেহ থাকিব নোৱাৰে।

    কাম কামেই, কামৰ ক্ষেত্ৰত কোনো সৰু ডাঙৰ নাই। কামৰ ক্ষেত্ৰত উচ্চ নীচ বুলি বিচাৰ কৰাটো সমাজৰ বাবে এক ভ্ৰান্ত ধাৰণা আৰু নিবনুৱা সমস্যা বৃদ্ধি কৰাত এয়াও এক প্ৰধান কাৰণ। উচ্চ শিক্ষিত ল’ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ প্ৰতি অপেক্ষা নকৰি নিজাকৈ কিবা এটা কাম আৰম্ভ কৰিলে মানসিকভাৱে আঘাত হোৱাকৈ সমাজৰ এচামে ঠাট্টা কৰা শুনিবলৈ পাওঁ। যেনে- উচ্চ শিক্ষিত হৈ তোমালোক এইবোৰ কাম কৰে নেকি? তোমালোক পঢ়া শুনা কৰা ল’ৰা ছোৱালী চৰকাৰী চাকৰি কৰিব লাগে। ভাল চাকৰি। এইবোৰ কাম ফুট-ফাটৰ মানুহে কৰে। এনেবোৰ কথাই মানসিক বাবে আঘাত অনাটো স্বাভাৱিক। আকৌ একাংশ অভিভাৱকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত দাবী কৰাৰ জলন্ত উদাহৰণো নথকা নহয়। যেনে- তোমাক উচ্চ শিক্ষিত কৰিছোঁ। তুমি চাকৰি কৰিবই লাগিব। যেন চাকৰি ন'হলে জগতখনেই আন্ধাৰ হ'ব। এনেবোৰ চিন্তাধাৰাৰ বশৱৰ্তী হৈ সমাজখন এখোজ আগুৱাই যোৱাৰ পৰিৱৰ্তে দুখোজ পিছোৱাই যোৱাৰ দৃষ্টান্তৰহে বেছি। পিছে এনেবোৰ কথাৰ কিমান প্ৰাসংগিকতা আছে আৰু এইবোৰ অভিভাৱক তথা সমাজৰ নৈতিক দায়িত্বনে? এয়া এক বিচাৰ্যৰ বিষয়। অৱশ্যে সম্প্ৰতি এনেবোৰ কথাক মনৰ পৰা পৰিহাৰ কৰি আমাৰ চিন্তাধাৰাক উন্মেষ ঘটাই ন-চিন্তাধাৰাৰে ন-দিগন্ত সূচনা কৰি আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মক কামৰ প্ৰতি আকৰ্ষিত কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য। কাম যিয়ে নহওক প্ৰতিটো কামক সন্মান জনোৱা উচিত। মুঠৰ ওপৰত  কাম নকৰি আনৰ ওপৰত নিৰ্ভৰশীল হৈ চলাতো যে যন্ত্ৰণাদায়ক বা মৃত্যু সদৃশ এই কথা অভিভাৱক তথা সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিয়ে ল’ৰা ছোৱালীক শিক্ষা দিয়াটো উচিত। তেতিয়াহে স্বাৱলম্বিতাৰ দিশে এখোজ হ’লেও আগুৱাই যাব পাৰিব বুলি আশা কৰিব পাৰি।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages