হেৰাই যাব নেকি অসমৰ কৃষি সংস্কৃতি
লহৰজ্যোতি মৰাণ
অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াৰ প্ৰায় ৮০% জনসংখ্যাই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। এই কৃষিজীৱনৰ আধাৰ হ’ল গৰু-ম’হ হাল— যিটো কেৱল কৃষি কাৰ্য্যৰ উপকৰণ নহয়, বৰঞ্চ এক জীৱন্ত সংস্কৃতিৰ প্ৰতীক।
এসময়ত আহাৰ মাহৰ পৰা ভাদ মাহলৈকে অসমৰ পথাৰসমূহত কৃষকসকলৰ ব্যস্ততা হৈ পৰিছিল শালি ধানৰ খেতিৰ বাবে। দুকমোকালি পুৱাতে উঠি গাঁৱলীয়া কৃষকে কান্ধত নাঙল-সিয়নি, হাতত জুঁৱলি, মূৰত টকৌপাতৰ জাপি আৰু লগত গৰুৰ হাল লৈ পথাৰলৈ গ’লে— সেই দৃশ্যখনে যেন গ্ৰামীণ সৌন্দৰ্য্যৰ এক জীৱন্ত চিত্ৰ আঁকিছিল।
হাল বাই থাকোতে গৃহিণীয়ে চাহ-জলপান লৈ আলি পাৰ হৈ পথাৰলৈ আহি হালুৱালৈ খুৱাই দিয়া দৃশ্যও আছিল এক নান্দনিক মুহূর্ত। পথাৰৰ কাষত তামুল পাত টোপোলা, উলিওৱা বিড়ি ধোঁৱা, পানীৰ জোকৰ পৰা ৰক্ষা পাবলৈ চূণ ঘহি লোৱা কৌশল, আৰু মূৰত টকৌপাতৰ ছাঁত লোৱাৰ দৰে বহু কৌশলে সেই জীৱনক অধিক জীৱন্ত কৰি তুলিছিল।
তদুপৰি, হাল বাই থাকোতে কৃষকজনৰ মুখৰ পৰা ওলোৱা পুৰণি গীতৰ কলিত যেন মাটিৰ সৈতে এক কথোপকথন আছিল। শুৱলা গীতৰ ধেমেলীয়া সুৰ, পানীৰ তেজা, আৰু গৰুৰ গাৰ হিলহিলনি— এই সকলোয়ে মিলি পথাৰত এক সজীৱ দৃশ্য সৃষ্টি কৰিছিল।
কিন্তু দুঃখজনকভাৱে, আধুনিকতাৰ প্ৰবাহত সেই দৃশ্যবোৰ আজি হেৰাই গৈছে। গৰু-ম’হ বিক্ৰী কৰি কৃষকসকলে মেচিনচালিত ট্ৰেক্টৰ-পাৱাৰটিলাৰ ব্যৱহাৰ কৰি খেতি কৰা আৰম্ভ কৰিছে। যান্ত্ৰিক গাড়ীৰ হেৰহেৰণি আৰু ধপধপনিত আজি পথাৰ গুঞ্জৰি উঠে। আগৰ দৰে আলি দিয়া, পানী সিঁচা, ৰোঁৱনী, বা হাল বোৱাৰ বাবে নিৰ্দিষ্ট সময় থাকিবলৈ নিদিয়া পৰিস্থিতিয়ে গ্ৰামীণ জীৱনৰ সজীৱতা হ্ৰাস কৰিছে।
এই পৰিৱর্তন সময়ৰ প্ৰৱাহত স্বাভাৱিক হ’লেও, ইয়াৰ ফলত সমাজ-সংস্কৃতিৰ এক গভীৰ ক্ষয় ঘটিছে। গৰু-ম’হ হাল যদি কেৱল কৃষি উপকৰণ হিচাপে লৈ পাহৰি যোৱা হয়, তেন্তে গাঁওঘৰৰ বহু মূল্যৱান সংস্কৃতি, অভ্যাস আৰু জনজীৱনৰ আত্মিক মিতালীও হেৰাই যাব।
সেয়েহে, আজিৰ প্ৰেক্ষাপটত প্ৰয়োজন হৈছে—এই কৃষি সংস্কৃতিক দলিল ৰূপে সংৰক্ষণ কৰাৰ। সাহিত্য, নাটক, চলচ্চিত্ৰ তথা গৱেষণাৰ মাধ্যমেৰে ইয়াক পুনৰ উদঘাটন কৰি নতুন প্ৰজন্মৰ বাবে সংহতি, সচেতনতা আৰু গৌৰৱৰ বাতাবৰণ সৃষ্টি কৰাটো এক গম্ভীৰ দায়িত্ব।
লোক সংস্কৃতিৰ সাধকসকল আৰু চিন্তাশীল সমাজৰ মৌনতা এই ক্ষেত্ৰত অধিক দুখজনক। কেতিয়াবা, নিশ্চুপতা নিজেই ধ্বংসৰ বীজ হৈ পৰে।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment