প্ৰজাপতি মন
জানমনি কুলি
জোনাই, ধেমাজি
মোৰ মন প্ৰজাপতি
উলাহেৰে দুটি পাখি মেলি
উৰি যাওঁ হাঁহি মুখে
নতুন দিগন্ত বিচাৰি।
নিতৌ বিচৰণ কৰোঁ নবীন ঠাইত
মন উৎফুল্লিত হয় ন-ন ঠাইৰ
ন ৰস পান কৰি
তথাপিতো নহওঁ ক্লান্ত....।
সময়ৰ খোজত খোজ মিলাই
আকৌ উৰি যাওঁ
আলোকময় অভিনৱ পথেৰে
অন্য এক ন-ঠাই বিচাৰি।
মোৰ প্ৰজাপতি মনে
দিহিঙে-দিপাঙে উৰি ফুৰে
প্ৰতিটো পুৱাই নতুনত্বই
মোক হাত-বাউল দি মাতে।
ক’ত যে উৰি ফুৰিছোঁ
ন বস্তুৰ মাদকতা বিচাৰি
কোনোবাই মোক ক’ব নেকি
“তুমি যাযাবৰ” বুলি....।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment