তৰাৰ দেশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

তৰাৰ দেশ

 


তৰাৰ দেশ


                   চাহিদুল আলম চৌধুৰী

                        মুকালমুৱা, নলবাৰী


শুনাচোন শুনা কণমানিহঁত

তৰাৰ দেশলৈ যাম, 

ৰকেটেৰে গৈ গৈ আমি সকলোৱে

বাৰুকৈয়ে মজা পাম।


তৰাৰ দেশত আছে বহু তৰা

দেখিবলৈ যে ধুনীয়া,

ঢিমিক ঢামাক পোহৰ বিলাই

অতিশয় মোহনীয়া।


তৰাবোৰে হেনো ভিন্ন সাধু কয়

নিজ দেশৰ ভাষাৰে,

নোহোৱা-নোপোজা কাহিনী শুনিম

ৰ'লো যে বহু আশাৰে।


তৰাৰ দেশত তৰা ফুলবোৰ

সন্ধিয়া ফুলিব ধৰে,

স্নিগ্ধ পোহৰেৰে গোটেই আকাশ

সোণত সুৱগা চৰে।


কি যে বিতোপন তৰা ভৰা দেশ

দেখিলেই ভাল লাগে,

পোহৰেৰে দিয়ে অলেখ বতৰা

কাহানিও নাই চাগে।


Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages