সমাজ
মাধুৰ্য বৰা
এই খন কি সমাজ বন্ধু?
য'ত আছে মাথোঁ মানুহৰ
অফূৰন্ত অহংকাৰ।
আৰু আছে ইজনে সিজনৰ
প্ৰতি থকা এক গুপণ ঘিণা।
এইখন সমাজ সেইখন হয়নে
য'ত আমাৰ গুৰু দুজনাই
আমাক জ্ঞানৰ পাঠ পঢ়াইছিল।
হয়নে সেইখন সমাজ
য'ত সমাজ প্ৰেমি মাদ্ৰাৰ টেইছাৰৰ
দৰে এজন মহান স্ত্ৰী আছিল ?
আজিৰ মানুহৰ কি হৈছে ?
মাথোঁ টকা আৰু টকা।
কি টকাই সকলো ?
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment