বানৰ পানীৰ এবাটি চাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

বানৰ পানীৰ এবাটি চাহ

 

বানৰ পানীৰ এবাটি চাহ….


ৰমেন বৰা

গহপুৰ


  বৈদ্যুতিক অথবা কাকত মাধ্যমৰ এগৰাকী মফচলীয়া সংবাদদাতাই নিজৰ কৰ্মক্ষেত্ৰত নানা সমস্যা, বাধা-বিঘিনি অতিক্ৰম কৰি কৰ্ম সম্পাদন কৰিব লগা হয়৷ তাৰ মাজতে একাংশ ৰাইজৰ ক্ষোভ আৰু চুড়ান্ত অৱহেলাৰো সন্মূখীন হ’ব লগা হয় পৰিস্থিতি সাপেক্ষে। ভাল-বেয়া সকলোবোৰ সামৰি এগৰাকী সংবাদদাতাই সীমিত সুবিধাৰ মাজেৰেই নিজৰ কৰ্ম নিষ্ঠা সহকাৰে পালন কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখা যায়। সংবাদিকতাৰ বৃত্তিত কোনোৱে হয়তো অপাৰ সফলতা লাভ কৰে আন কোনোৱে সংগ্ৰাম কৰি থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। এইবোৰৰ মাজতো আমাৰ দৰে অঞ্চলৰ বহু সংবাদদাতাই সংবাদ সংগ্ৰহৰ নামত বহুত মিঠা অথবা তিতা-কেঁহা অভিজ্ঞতাৰ সন্মূখীন হ’ব লগাত পৰে। যি অভিজ্ঞতাবোৰে সাংবাদিকতাৰ বৃত্তিটোক অধিক প্ৰত্যাহ্বানমূলক কৰি তুলাৰ লগতে নিজৰ কৰ্ম ক্ষেত্ৰত আগবাঢ়ি যোৱাটো যথেষ্ট অনুপ্ৰেৰণা যোগোয়।

  বিশ্বনাথ জিলাৰ এখন উল্লেখযোগ্য ঠাই গহপুৰ সমজিলা। বীৰাংগনা গাভৰু কনকলতা বৰুৱা আৰু চফল ডেকা মুকুন্দ কাকতিৰ বুকুৰ শোণিতেৰে ঐতিহ্যমণ্ডিত হোৱা তথা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নিৰ্মাণ স্থলী হিচাপে পৰিচিতি লাভ কৰা গহপুৰৰ দুখৰ প্ৰধান কাৰণ হৈছে বানপানী। মহাবাহু ব্ৰহ্মপুত্ৰৰ উপৰিও পাহাৰীয়া নৈ চেঁচা, মৰণৈ, ককিলা, চেংমৰা, সোলেঙী, কুকুৰজান, চত্ৰং, ব্ৰহ্মাজান আদিকে ধৰি বিভিন্ন নৈৰ ধাৰাবাহিক বানৰ তাণ্ডৱে গহপুৰবাসীক কোঙা কৰি আহিছে। বাৰিষাৰ আগমনে গহপুৰবাসীলৈ কঢ়িয়াই আনে বানৰ বিভিষিকা। এনে প্ৰাকৃতিক দুযোৰ্গৰ সময়ত গহপুৰৰ সংবাদদাতা সকলৰ কৰ্মব্যস্ততা দুগুনে বাঢ়ি যায়৷ কাৰণ বানৰ পানীয়ে প্লাৱিত কৰি তুলে গহপুৰৰ ১২০পৰা ১৫০খনলৈকে গাঁও। বিশেষকৈ বৈদ্যুতিন মাধ্যমৰ লগত জড়িত থকা সাংবাদিকসকলে খাৱন-শোৱন এৰি জীৱন বিপদাপন্ন কৰি হ’লেও বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ সংবাদ সংগ্ৰহ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাব লাগে। পাহাৰীয়া নৈ সমূহৰ বানতকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বানে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে গহপুৰীয়া সংবাদদাসকলৰ। ব্ৰহ্মপুত্ৰৰ বান মানে গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া অঞ্চল সমূহলৈ টুলুঙা নাঁৱেৰে যাত্ৰা কৰি সংবাদ সংগ্ৰহ কৰা। গহপুৰ বানপীড়িত অঞ্চল যদিও ইয়াৰ বহুকেইগৰাকী সংবাদদাতাই সাঁতুৰিব নজনাৰ ফলত মৰণত শৰণ দি টুলুঙা নাঁৱেৰে যাত্ৰা কৰি সংবাদ সংগ্ৰহ কৰি নিজৰ কৰ্তব্য পালন কৰি আহিছে৷ এজনে আনজনক সহায় কৰিব বুলি থকা দৃঢ় বিশ্বাসৰ বলতেই নিজৰ জীৱনক বিপদাপন্ন কৰি হ’লেও সংবাদ সংগ্ৰহ কৰাত অনুপ্ৰেৰণা যোগাই আহিছে।

   ২০১৭ চনৰ কথা। গহপুৰত সেইবাৰ চলিছিল পাহাৰীয়া নৈ চেঁচা, কুকুৰজান, চত্ৰং, ব্ৰহ্মাজান আদিৰ সমান্তৰালকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বানৰ বিভিষিকা৷ বৈদ্যুতিন মাধ্যমৰ এগৰাকী সংবাদদাতা হিচাপে নিজেও বানৰ সংবাদ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিব লগা হয়৷ ব্ৰহ্মপুত্ৰৰ বানৰ বিভিষিকাৰ সংবাদ সংগ্ৰহ বাবে এখন গাঁৱত আমি লাভ কৰা অভিজ্ঞতাই মোৰ লগতে সতীৰ্থ সাংবাদিক ৰাজীৱ বৰাৰ মনটো দোলা দি গ’ল।

  গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ লোহিতমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা ব্ৰহ্মপুত্ৰ নদীৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত্বত অৱস্থিত পুৰণি বালিগাঁৱলৈ টুলুঙা নাঁৱেৰে আমাৰ যাত্ৰা। খৰালিৰ সময়তে চাৰিওফালে পানীৰে আগুৰি থকা গাঁওখনলৈ ব্ৰহ্মপুত্ৰৰ বিশাল বাঢ়নী পানীৰ মাজেৰে মৰসাহ কৰি আমাৰ বিপদ সংকুল যাত্ৰা। প্ৰায় চাৰি কিলোমিটাৰ নাঁৱেৰে যাত্ৰা কৰাৰ অন্তত আমি পালোগৈ পুৰণি বালিগাঁও। আমাৰ যাত্ৰাপথৰ সংগী দুজন নাঁৱৰীয়া, দুজন স্থানীয় লোক৷ তেওঁলোকেই আমাৰ একমাত্ৰ সাহস। গাঁওখনত গৈ আমি দেখিলো চাৰিওফালে সাগৰ সদৃশ পানী। অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকৰ বসতিস্থল পুৰণি বালিগাঁৱৰ প্ৰায় পৰিয়ালৰে ছাংঘৰৰ ছাং চুই আছে বানৰ পানীয়ে। শতাধিক পৰিয়ালে বসবাস কৰা গাঁওখনৰ একমাত্ৰ বিদ্যালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ চিলিঙিয়েদি বৈ আছে পানী। গাঁওখনৰ বহুকেইটা পৰিয়ালৰ ছাংঘৰৰ ভিতৰত এঁকাঠু পৰ্যন্ত পানী। পৰিয়াল কেইটাই ছাঙৰ ওপৰত ছাঙ দি আশ্ৰয় গ্ৰহণ কৰাৰ লগতে ৰন্ধা-বঢ়া সকলো কৰ্ম কৰিব লগা হৈছে তাতে। এঁকাঠু পানীৰে ভৰি থকা এটি ছাংঘৰত আমি সোমাই সংবাদ পৰিৱেশন বাবে প্ৰয়োজনীয় ভিডিঅ’, তথ্য-পাতি সংগ্ৰহ কৰি ঘুৰিবলৈ লওঁতেও ঘৰখনৰ এগৰাকী আইতাই আমাক ক’লে - ৰ’দে বৰষুণে ইমান কষ্ট কৰি আমাৰ ওচৰলৈ আহিছ৷ আমাৰ ছাঙতে চাহ একাপ খাই যা। আইতা গৰাকীৰ আহ্বানক আমি নেওচিব নোৱাৰিলো কাৰণ তেওঁলোকৰ ইমান ভয়ংকৰ দুৰ্যোগৰ সময়তো আমাৰ দুখ-কষ্টৰ কথা অনুভৱ কৰি আন্তৰিকতাৰে চাহ খোৱাৰ কথা কৈছে। আমি সন্মতি প্ৰদান কৰাৰ লগে লগে আইতা গৰাকীয়ে বোৱাৰীয়েকক চাহ তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিলে৷ সতীৰ্থ সাংবাদিক ৰাজীৱ দা আৰু মোৰ মনত এটাই প্ৰশ্ন চাহ বনাবলৈ ভাল পানী পাব ক’ত। চাৰিওফালে কেৱল ব্ৰহ্মপুত্ৰৰ বানৰ পানীয়ে ভৰি আছে। আমি তেওঁলোকে নেদেখাকৈ নিৰীক্ষণ কৰিলো চাহ তৈয়াৰ কৰাৰ কাৰ্যত। আমি দেখিলো বোৱাৰীগৰাকীয়ে ছাংঘৰটো ডুব গৈ থকা বানৰ পানীকে সংগ্ৰহ কৰি বালিৰে আধাভৰ্ত্তি টিং এটাত ঢালি বিশুদ্ধ কৰি চাহ তৈয়াৰ কৰাত লাগিল। তেওঁলোকৰ বানৰ অতি লেতেৰা পানী বিশুদ্ধ কৰা এই পদ্ধতিটোত পানী কিমান বিশুদ্ধ হ’ল সেইয়া আমাৰ বোধগম্য নহ’ল। এনে পানীৰে তৈয়াৰ কৰা চাহ আগতে কোনোদিনে সেৱন কৰিবলৈ ভাগ্য হোৱা নাছিল বাবে আমি ইজনে সিজনৰ মুখলৈ চালো। অৱশেষত চাহ হ’ল, ডাঙৰ ডাঙৰ দুটা কাঁহৰ বাটিত দুবাটি ফিকা চাহ আমাক যাছিলে। আমাক চাহ অকন খোৱাবলৈ বানাক্ৰান্ত পৰিয়ালটোয়ে দেখুওৱা আন্তৰিকতাক শ্ৰদ্ধা জনাই আমি চাহ সেৱন কৰিবলৈ বাধ্য হ’লো। প্ৰথমাৱস্থাত মনলৈ অলপ বেয়া ভাৱ আহিছিল যদিও চাহবাটিত খোহা মৰাৰ লগে লগে মনৰ পৰা সকলো বেয়া ভাৱ আঁতৰি গ’ল। চাহ খোৱা পৰ্ব শেষ কৰি আমি পৰিয়ালটোৰ পৰা বিদায় ল’বলৈ বিচৰাৰ সময়ত আইতা গৰাকীয়ে আমাক পুণৰ ক’লে - বোপাইহঁত, ভাতকে খাব পৰিলি হেতেন। কিন্তু এতিয়া শুদা ভাতহে আছে। ল’ৰাটোৱে ই এন ডি মথাউৰিৰ পৰা ৰিলিফ আনিবলৈ গৈছে….


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages