কামাখ্যাৰ অম্বুবাচী মেলা
মন্টুৰাম টাইদ
অসমৰ প্ৰাচীন লোকাচাৰসমূহৰ ভিতৰত অম্বুবাচী উৎসৱ অন্যতম। অম্বুবাচী বা আমতি এক ঋতুকালীন কৃষি উৎসৱ। আহাৰ মাহৰ সাত তাৰিখৰ পৰা এই উৎসৱ পালন কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, আহাৰ মাহত মৃগশিৰা নক্ষত্ৰ তিনিপাদ অতীত হ’লে চতুৰ্থপাদ আদ্ৰা নক্ষত্ৰৰ পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। এই সময়কে অম্বুবাচী বোলা হয় (সংস্কৃত ভাষাত ‘অম্বু’ মানে ‘পানী’ আৰু ‘বাচী’ শব্দই প্রস্ফুটিত হোৱা বুজায়। অর্থাৎ সংস্কৃত অম্বুবাচী শব্দই পানীৰ সঞ্চাৰ হোৱা বুজায়। নাৰী ঋতুমতী হোৱাৰ দৰে এই সময়তে আই বসুমতী শস্যসম্ভৱা হ’বৰ বাবে ঋতুমতী হয়। তিৰোতাক যিদৰে সন্তান জন্ম দিবৰ বাবে উৰ্বৰতাৰ প্ৰয়োজন, পৃথিৱীও শস্য শ্যামলা হ’বৰ বাবে উৰ্বৰতাৰ প্ৰয়োজন হয়। প্ৰকৃততে, প্ৰকৃতিৰ উৰ্বৰতাৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়। নামনি অসমত অম্বুবাচীক ‘আমতি’ বা ‘আমেতী’ আৰু উজনি অসমত ‘ষাঁঠ’ বুলি কোৱা হয়। এগৰাকী বিশিষ্ট লেখকে এই উৎসৱক অসমৰ উৰ্বৰতা কৃষ্টি বা শক্তিপূজাৰ বিকাশৰ সৰ্বোচ্চ বিকশিত ৰূপ বুলি মন্তব্য কৰিছে।
অম্বুবাচীৰ সময়ছোৱাত পৃথিৱীৰ বুকুত সকলোধৰণৰ কৃষিকৰ্ম নিষেধ কৰা থাকে। অর্থাৎ এইকেইদিন হাল বোৱা, মাটি খন্দা, গুটি সিঁচা আদি কাম কৰা নহয়। ঋতুমতী হোৱা নাৰী সকলো উপবাসে থাকে আৰু পৰাপক্ষত মাটি স্পর্শ নকৰে। অম্বুবাচী প্রবৃত্তিৰ আগতে মাটিৰ কলহত পানী আনি সেই পানী তিনিও দিন খাই থাকে। প্রত্যেকটো সামগ্রীকে পাতৰ ওপৰত থোৱা হয়। সন্ন্যাসী, ব্রাহ্মণ বিধৱা আৰু কিছুমান ব্রাহ্মণে সেইকেইদিন সিজোৱা বস্তু গ্ৰহণ নকৰে আৰু ফলাহাৰ, গাখীৰ আদিহে গ্রহণ কৰে। বহুলোকে বাকচ, আলমাৰি আদি খোলা-মেলা নকৰে। সেইকেইদিনৰ ভিতৰত কেঁচা গাখীৰ খালে সর্প দংশনৰ ভয় নাথাকে বুলি কিছু সংখ্যকে বিশ্বাস কৰে। সেইদৰে এই কেইদিন পাঠ্যকর্ম, অন্যান্য শুভকর্ম আৰু বিশেষ যাত্রা নিষেধ বুলি বিশ্বাস কৰা হয়।
অম্বুবাচী কেইদিন কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে। সমগ্ৰ উত্তৰ-পূব ভাৰততে অম্বুবাচী পালন কৰা হয় যদিও কামাখ্যাৰ অম্বুবাচী উৎসৱৰ এক সুকীয়া বৈশিষ্ট্য আছে। অম্বুবাচী প্রবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ কৰি দেৱী দর্শন নিষিদ্ধ কৰা হয়। সেইকেইদিন দেৱীৰ বাবে ভোগ ৰন্ধা কাৰ্য বন্ধ ৰাখি চিৰা, কল, কঁঠাল, গুড়, দৈ আদি দেৱীলৈ আগবঢ়োৱা হয়। এই সময়তে পৃথিৱীও ঋতুমতী হৈ শস্য ধাৰণ কৰিবৰ বাবে উপযোগী হৈ উঠে বুলি বিশ্বাস কৰা হয়। ১০ আহাৰৰ দিনা অম্বুবাচী নিবৃত্তিৰ লগে লগে মন্দিৰ খোলা হয় আৰু দেৱীৰ স্নান, পূজা কৰাৰ পাছত দশনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয়। সেইদিনা প্ৰতিঘৰ মানুহেই ঘৰ-দুৱাৰ মচি, কাপোৰ-কানি ধুই পৰিষ্কাৰ হয়।
কামাখ্যা মন্দিৰ ভাৰতৰ প্ৰধান হিন্দু তীর্থস্থানসমূহৰ ভিতৰত অন্যতম। অম্বুবাচী উৎসৱৰ মূল কেন্দ্ৰবিন্দু হ’ল মা কামাখ্যা। এই সময়তে কামাখ্যা দেৱী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। অর্থাৎ কামাখ্যা দেৱী প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ আধাৰ বুলি গণ্য কৰি কামাখ্যা ধামতে অম্বুবাচী উৎসৱ অতি ধুম-ধামেৰে উদযাপন কৰা হয়। উৎসৱ উপলক্ষে কামাখ্যাত এখন বিশাল মেলাও অনুষ্ঠিত হয়। কামাখ্যা মন্দিৰৰ পূজাৰ মাহাত্ম্য উপলব্ধি কৰি বৰ্তমান কেৱল ভাৰতৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ধর্মপ্রাণ লোক শক্তিপীঠ কামাখ্যালৈ আহে। তেওঁলোকৰ উদ্দেশ্য হ’ল শক্তিপূজাৰ অভিজ্ঞতা অর্জন কৰা আৰু অৰ্চনা কৰা। ধৰ্মপ্ৰাণসকলে পূজা সম্পন্ন কৰাৰ পাছত দান-দক্ষিণা কৰে বাবে চৌদিশৰ পৰা মন্দিৰ প্ৰাঙ্গণত ভিক্ষা প্রার্থী লোকৰো সমাগম ঘটে। আনহাতে, অম্বুবাচী উপলক্ষে অনুষ্ঠিত হোৱা মেলাখনেও হাজাৰ-বিজাৰ লোকক আকৰ্ষিত কৰে। চাৰিদিন ধৰি চলা এই মেলাখনত অসংখ্য দোকান-বজাৰ বহে আৰু সমবেতসকলক আকৰ্ষিত কৰে। মেলাখনক কেন্দ্ৰ কৰি অস্থায়ীভাৱে দিয়া এই দোকানবোৰত অসম তথা বহিঃৰাজ্যৰ পণ্য সামগ্ৰীৰে ভৰি থাকে আৰু ক্ৰমে ই এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। কুমাৰী ছোৱালীবোৰে অসংখ্য ফুলৰ মালা ভক্তসকলক বিক্ৰী কৰে আৰু অম্বুবাচী নিবৃত্তিৰ পাছত এই মালাবোৰেৰে কামাখ্যা দেৱীক পূজা দিয়ে।
অম্বুবাচী উপলক্ষে কামাখ্যা মন্দিৰত সমবেত হোৱা ভক্তসকলে এই কেইদিন মন্দিৰৰ ওচৰে-পাঁজৰে আশ্রয় লয় আৰু নাম-কীৰ্তন কৰি ৰজনজনাই থাকে। মন্দিৰৰ বাহিৰতে ধূপ-চাকি জ্বলাই দেৱীক প্রণাম কৰে। মন্দিৰৰ দুৱাৰ খোলাৰ পাছত ভক্তসকলে কামাখ্যা দেৱীক দৰ্শন কৰি আশীৰ্বাদ মাগে। মন্দিৰৰ পূজাৰীয়ে ভক্তসকলক ৰঙা বস্ত্ৰ দিয়ে। দেৱীৰ গাত তিনিদিন ধৰি থোৱা ৰঙা বস্তুবোৰ পীঠৰ পৰা আনি ভক্তসকলক দিয়া হয়। ধর্মপ্রাণসকলে বিশ্বাস কৰে যে এই ৰঙা বস্ত্ৰ পৰিধান কৰিলে অভীষ্ট সিদ্ধি হয় আৰু লগত ৰাখি আন ঠাইত জপ কৰিলে মনৰ কামনা পূৰণ হয়। সাধাৰণতে পুৰুষে সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাতত বা ডিঙিত পৰিধান কৰে।
সি যি নহওক, অম্বুবাচী মেলাত তান্ত্রিক ধৰ্মাৱলম্বীৰ বাহিৰেও অন্য সম্প্ৰদায়ৰ লোকো সমবেত হয়। ইয়াতে সমূহীয়া আৱেগ, আনুগত্য আদি প্রকাশ পায়। ৰুগ্ন লোকসকলেও আৰোগ্য আশা কৰি এই মেলালৈ আহে। বর্তমান এই মেলাই আন্তর্জাতিক আৰু ৰাষ্ট্ৰীয় সম্প্রীতিত ভালেখিনি অৰিহণা যোগাইছে। সুপৰিকল্পনাৰে এই মেলাক পৰিস্থিতি পর্যটন হিচাপে গঢ় দিব পৰা যায়। ইতিমধ্যে অসম চৰকাৰে ৰাজ্যখনৰ ঐতিহ্যমণ্ডিত এই ধর্মীয় উৎসৱৰ যোগেদি পৰ্যটনৰ ক্ষেত্ৰখনক অধিক বিকশিত কৰিবলৈ বিশেষ আঁচনি গ্রহণ কৰিছে। পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্যৰে নীলাচল পাহাৰক (য’ত কামাখ্যা মন্দিৰটো অৱস্থিত) নতুন ৰূপেৰে সজাই তুলিছে। মন্দিৰত আটকধুনীয়া আলোক সজ্জাৰে সু-সজ্জিত কৰিছে। ২০১৩ চনত প্রায় ২ কোটি টকা ব্যয়েৰে কুম্ভমেলাৰ দৰে অম্বুবাচী মেলাকো আকষর্ণীয় কৰি তোলাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল।
কামাখ্যা মন্দিৰত বছৰি অনুষ্ঠিত হোৱা ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত আহাৰ মাহত অম্বুবাচী মেলা, ভাদ মাহৰ মনসা পূজা, আৰু চ’ত মাহৰ বাসন্তী পূজা উল্লেখযোগ্য। ইয়াৰে অম্বুবাচী মেলা বৰ ধুমধামেৰে পতা হয়।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment