বানপানী
মফিজুদ্দিন চৌধুৰী
নগাঁও
“ঐ বাবা, তই এনেকৈ কান্দিছ কিয় কোনে মাৰিলে কচোন।” আজিজে ৰিংকুক সুধিলে।
“কোনেও মাৰা নাই।” সি ফেকুৰি ফেকুৰি ক’লে, “মাহঁতে ভূৰত উঠি ঘূৰি ফুৰিছে। মোক নিয়া নাই।”
‘অ তাৰ দুখ সেই খিনিতহে।’
তথাপি আজিজে তাক শান্তনা দি ক’লে,
“হৈছে দে নাকান্দিবি আৰু। সৌৱা মাৰহঁত আহি পাবহিয়ে। এতিয়াই উঠিবলৈ পাবি।”
আজিজৰ অলপ খং উঠিল। মুখেৰে অবাইচ মাত এষাৰি ওলাই গ’ল। সি চিঞৰি চিঞৰি কবলৈ ধৰিলে –
''সৰু ল'ৰা ছোৱালীৱে কৰিলে দেখিবলৈ ভাল। এই বুঢ়াবোৰৰ উৎপাতখন চা। টেনচনত মানুহৰ অৱস্হা নাই, গৰু-গাই উটি গৈছে, মানুহৰ ঘৰৰ মজিয়াত আঠু পানী আৰু সিহঁতে ৰং মনেৰে ভূৰত উঠি ঢপলিয়াই ফুৰিছে।"
সঁচাকৈয়ে এইবাৰ বৰ আচৰিত কাণ্ড হ'ল।
জেঠৰ আগভাগতেই ডাঙৰ বানপানী এটা হৈ গ'ল। নতুন চুবুৰীৰ প্ৰায় ভাগ ঘৰতে পানী সোমাই মানুহবোৰক হাৰাশাস্তি কৰিলে। সেই পানীয়ে এতিয়াও পথাৰ এৰি যোৱা নাই। তথাপি হেঁপাহ নপলাল। মাহটো শেষ নৌহওঁতেই আকৌ হিলদল ভাগি পানী আহি থাওকতে গোটেই পথাৰখন সাগৰ কৰি পেলালে।
এইবাৰৰ পানীৰ গতিবেগ আৰু এখোপ চৰা। 'নীপকো'-ই কপিলী আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধবোৰ খুলি দিয়াত এনে ভয়ানক জলপ্ৰলয়ৰ সৃষ্টি হৈছে। চকুৰ পচাৰতে ইঞ্চি ইঞ্চিকৈ বাঢ়ি আছে।
নতুন চুবুৰীৰ আটাইবোৰ ঘৰতে পানী সোমাল। আগৰ বাৰ ওখ ওখ বাট পথবোৰ ওলাই আছিল। এইবাৰ পগলা পানীয়ে সকলো একাকাৰ কৰি পেলালে।
পুৰণি চুবুৰীটো ওখ। একেবাৰে আওপুৰণি— আহোম যুগৰো আগৰ। দুটা যোৰ পুখুৰী আৰু এটা বামুন পুখুৰীয়ে তাৰেই সাক্ষী বহন কৰে। মূল ঘিলানী গাওঁ বুলিলে পুৰণি চুবুৰীটোকে বুজায়।
তাত কোনোকালে পানী উঠা নাই। এইবাৰ পানী উঠাই নহয়, একেবাৰে ভেটি চুই চুই পিছপথাৰৰ লগত মিলি গৈছে। নিৰুপাই হৈ নতুন চুবুৰীৰ মানুহবোৰ গৈ সিহঁতৰ পুৰণি চুবুৰীৰ মূল পৰিয়ালবোৰৰ ঘৰত আশ্ৰয় লৈছে।
দুয়োটা চুবুৰীয়ে ৰাস্তাৰ ইফাল সিফাল। আগতে পুৰণি চুবুৰীটোয়ে আছিল। সিফালে গোটেখন পথাৰ। পৰিয়ালৰ সংখ্যা বাঢ়ি যোৱাত তাতে মাটি পেলাই নতুনকৈ ঘৰ বনাবলৈ ল'লে। যিমানেই মাটি নেপেলাওকনো কিয়, কেতিয়াও পুৰণি ভেটিৰ নিচিনা ওখ আৰু মজবুত হব নোৱাৰে। কেইবছৰমানৰ ভিতৰতে নতুন ভেটি বহি যায়।
ঘিলানী গাঁৱৰে এই অৱস্থা। কপিলীৰ সিপাৰে কামপুৰৰ অৱস্থাতো আৰু শোচনীয়। বজাৰৰ ভিতৰতেই পানী। কোনোদিনে নোহোৱা কাণ্ড। কঠিয়াতলীৰ পৰা ৰাঙলুলৈকে চব ঘৰ পানীৰ তলত। মানুহবোৰে ৰাস্তাত আশ্ৰয় লৈছে।
যোৱা ৰাতি প্ৰায় দুই বজাত কামপুৰৰ অ.চি.-য়ে আচামী ধৰিবলৈ যাঁওতে পানীয়ে উটাই লৈ গ'ল। লগতে পুলিচ এজনো উটি গ'ল।
এনে বাঘে-গৰুৱে একেলগে প্ৰাণ বচোৱাৰ সময়ত কিয় এই মাজ ৰাতিখন আচামী ধৰিবলৈ যাব লাগে? চফল অ.চি.-জনৰ বিয়া ঠিক হৈ আছিল বোলে..।
এনেও কামপুৰৰ এই বৃহৎ অঞ্চল জুৰি সদায় মানুহ উটি যোৱাৰ খবৰ আহিয়ে আছে।
সৌৱা মেটেকা এগাল আহি ৰাষ্টাটো আকৌ বন্ধ কৰি দিলেহি। তাৰ মাজতে এই ল'ৰা ছোৱালীবোৰৰ কি যে ৰং! ভূৰত এজাক ল'ৰা ছোৱালীৰ মাজত সেইজনী এলি নহয়নে!—কতে মৰো মই!— "ঐ এলি, ছোৱালী বিয়া দিবৰ বয়স হ'লহি। এতিয়াও তোৰ ভূৰত উঠাৰ ইমান চখনে!"
"কিয় নুঠিম মোহা?" এলিয়ে তপৰাই উত্তৰ দিলে," মই বানপানী নোহোৱা ঠাইৰ ছোৱালী। এই প্ৰথম বাৰ ইমান ডাঙৰ বানপানী দেখা পাইছোঁ। ভূৰতো প্ৰথম বাৰলৈ উঠিবলৈ পাইছোঁ।"
" অ হয় নেকি? ঠিকেই আছে তেতিয়াহলে! যা, গাঁৱৰ সিটো মূৰৰ পৰাও পাক এটা মাৰি আহগৈ।"
ইতিমধ্যে ভূৰখন তীব্ৰ গতিত ভালেমান দূৰ পালেগৈ।
সি মনে মনে ভোৰভোৰালে—
'এৰা চখ হবই, বানপানী নেদেখা ঠাইৰ ছোৱালী তো! আমাৰ সৰুকালটো বানপানীৰ মাজেদিয়েই পাৰ হ'ল। এতিয়া আৰু ভূৰ খেলাৰ চখ নাই। ল'ৰা ছোৱালী, নাতি-পুতিবোৰ যাতে অ.চি.-জনৰ দৰে উটি নাযায় তাকেহে পহৰা দি থাকিব লাগে।’
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment