দুখ
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা
দুখ কেতিয়া লাগে আমাৰ?
যেতিয়া অন্তৰ ভৰি হুমুনিয়াহ থাকে
অলেখ ভাৱনাই আগুৰে কলিজা
তেতিয়াই মনৰ নিজানত দুৰু দুৰুকৈ এটি হেঁপাহ জাগে তোমাক পোৱাৰ....।
নাজানো এই অনুৰাগৰ কি নাম
কি হেঁপাহ লুকাই থাকে
তোমাৰ দুচকুৰ পতাত
তথাপি তোমাৰ বাবেই জী উঠিবৰ মন যায় আকৌ এবাৰ
জিৰাব মন যায় তোমাৰ শীতল অনুভৱ দলিচাত
পাহৰি ভাগৰ জীৱন দোমোজাৰ।
দৰীয়লিত ৰৈ আছোঁ
চাই আছোঁ দূৰৰ পৰা তোমালৈ
কওঁ বুলিয়ে কব নোৱাৰা কথাবোৰ
নকওঁ বুলিও যে সাঁচি ৰাখিব নোৱাৰি
তথাপি জীৱন ধুনীয়া
ধুনীয়া আমাৰ সপোন বোৰ
সেইবাবেইটো বাৰে বাৰে আমি
জীৱনৰ প্ৰেমত পৰো
জীয়াই থকাৰ কথা ভাবো!
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment