ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ বন্ধ হ’ব নেকি
অনুজ য়েইন
এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ হ'লে কি কি নথি পত্ৰ প্ৰয়োজন হয়। ইয়াৰ আঁৰত থকা কিছুমান যাবতীয় নথি পত্ৰ সমুহ সময় মতে সংগ্ৰহ কৰিব নোৱাৰিলে হয়তো বহু কেইখন ব্যক্তিগত ৰাজহুৱা শিক্ষানুষ্ঠান বন্ধ হৈ যাব পাৰি। কাৰণ এখন শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশৰ বৈশিষ্ট্য সমুহ অটুট অক্ষুণ্ণ থকাটো নিশ্চিত।
প্ৰথমতে শিক্ষা বিভাগৰ জড়িয়তে ইউ -ডাইজ কোড তথা অতি প্ৰয়োজনীয় নথি পত্ৰ অবিহনে কোনো শিক্ষানুষ্ঠান শিক্ষা গ্ৰহণ কৰা বা পাঠদানৰ কাৰ্য সূচী সম্পন্ন কৰিব নোৱাৰি। চৰকাৰী শিক্ষা নীতিৰ অনুযায়ী এই নীতি নিৰ্দেশনা ঘোষণা কৰা হৈছে।
শিক্ষানুষ্ঠান হৈছে এক পবিত্ৰ জ্ঞানৰ তীৰ্থস্থান। যিটো কাৰখানাত মানৱ সম্পদ গঢ় দিয়া হয়। য'ত এটা পৰিবেশ শৃংখলাবদ্ধ ভাৱে তথা শিক্ষাৰ কেঢ়িয়াৰ গঢ় দিয়াৰ মহৎ উদেশ্য আৰোগত কৰি নিয়মানুযায়ী কণ কণ, মইনা মাইনী তথা ছাত্ৰ ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰা হয়। প্ৰাথমিক পৰ্যায়ৰ পৰা টোল,গুৰু কুল, বিদ্যালয় বা পঢ়াশালি আনকি পৰ্যায় ক্ৰমে উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ বিদ্যালয়ৰ, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বিভিন্ন ধৰণৰ নামেৰে নামাকৰণ কৰা হয়। এখন গাঁৱৰ সমাজত তথা চহৰৰ আশে-পাশে সামাজিক দায়বদ্ধতাৰ মাজেদিয়েই এখন শিক্ষানুষ্ঠান গঢ় লৈ উঠে। চৰকাৰী শিক্ষানুষ্ঠান হিচাপে তথা শিক্ষা বিভাগৰ ৰীতি-নীতি অনুযায়ী এখন শিক্ষানুষ্ঠানৰ নামত:- (১) (Permission) অনুমতি প্ৰদান কৰা, (২) (Recognization) স্বীকৃতি প্ৰদান কৰা, (৩) (U-dise code) ইউ ডাইজ কোড পাব লাগিব, (৪) (School- Passbook)পাচবুক একাউণ্ট খুলা, (৫) (pan card) পেন কাৰ্ড থাকিব লাগিবই (৬) বিদ্যালয়ৰ নামত নিৰ্দিষ্ট মাটিৰ পট্টা থাকিব লাগিব আৰু এখন বিশ্ববিদ্যালয় নামত চাৰি বিঘাৰ খেল পথাৰৰ প্ৰয়োজনৰ কথা ও সন্নিৱিষ্ট কৰা হয়।
উক্ত যাবতীয় নথি পত্ৰ সমুহ অবিহনে চৰকাৰৰ পৰা কোনো অনুদান লাভ কৰিবলৈ সক্ষম নহয়। পিছে, শিক্ষানুষ্ঠান চলাই নিব পাৰি।
আনহাতে, সাম্প্ৰতিক কালত শিক্ষানুষ্ঠান কেইপ্ৰকাৰৰ বুলি ক'লে, উত্তৰত আমি জনাত তিনি বা চাৰি প্ৰকাৰৰ বুলি অৱতাৰণা কৰিব লাগিব।
প্ৰথমতে (১) চৰাকাৰী শিক্ষানুষ্ঠান, (২) বে- চৰকাৰী শিক্ষানুষ্ঠান (৩) ব্যক্তিগত ৰাজহুৱা শিক্ষানুষ্ঠান আৰু (৪) ঘৰুৱা শিক্ষানুষ্ঠান।
আনহাতে, বিদ্যালয়ৰ প্ৰয়োজনীয়তা নীতি নিৰ্দেশনা মতে, শিক্ষাৰ অধিকাৰ আইন অনুসৰি (RTE) 2009 অনুযায়ী
১/ এখন শিক্ষানুষ্ঠানত ৩০ জন ছাত্ৰ ছাত্ৰী অনুপাতে এজন শিক্ষক নিযুক্তি প্ৰদান কৰা হয়। (৩০ঃ১)
২/এখন শিক্ষানুষ্ঠানৰ দূৰত্বৰ ব্যৱধানত প্ৰায় নূন্যতম ১ কি:মি: নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত বিশেষভাবে সঠিক ভাবে সিদ্ধান্ত লোৱা হৈছে।
৩/ ছাত্ৰ ছাত্ৰী সংখ্যা নূন্যতম ৩০ জন (অৱশ্যে নিদিষ্ট সংখ্যক নাই) প্ৰয়োজন সাপেক্ষে। ৩০জনতকৈ ছাত্ৰ ছাত্ৰীৰ জনসংখ্যা Anorlement যদিহে কম হয় আন এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে বা মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিত অৰ্থাৎ সংযুক্ত (Amalgamation) হৈ পাঠদানৰ কাৰ্য সূচী সম্পন্ন কৰা হয়।
৪) বিদ্যালয়খনৰ U- Dise code থকাটো বাধ্যতামূলক, নহলে পৰৱৰ্ত্তী সময়ত যথেষ্ট অসুবিধা হয়। ডাইচ ক'ড নাথাকিলে ছাত্র ছাত্রীৰ APAAR ID নহয়। PAN card বিদ্যালয়ৰ নামত বনাব লাগিবই ।
৫) Clusterহৈছে প্ৰয়োজন সাপেক্ষে শৈক্ষিক প্ৰশাসনিক সুবিধা হোৱাকৈ নূন্যতম ১০ খন বিদ্যালয় লৈ এটা cluster গঠন কৰিব পাৰে।
৬) চৰকাৰী বিধি ব্যৱস্থা মাজৰে অনুমতি বা স্বীকৃতি লাভ কৰা বেচৰকাৰী অথবা ব্যক্তিগত বিদ্যালয়টো শিক্ষা গ্রহণ কৰা ছাত্র ছাত্রীৰ শৈক্ষিক বৈধ্যতা থাকিব লাগিবই। ইয়াত বিশেষ Amalgamation মানে আমি চমুকৈ বুজি পালোঁ যে এখন বিদ্যালয় ছাত্ৰ ছাত্ৰী প্ৰায় ৩০জনতকৈ কম হ’লে আন এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে সংযুক্ত এনেমাইলেগছন কৰা সকলোৰে দৃষ্টিগোচৰ হৈছে। মোৰ এটি প্ৰশ্ন য'ত এখন বিশ্ববিদ্যালয় আৰু এখন গাঁৱৰ সমাজৰ বাসিন্দা সকলৰ ল'ৰা ছোৱালী জন্ম হাৰ কমি যায়। যেনে উদাহৰণস্বৰূপে এঘৰত মাত্ৰ সন্তান এটি পৰিস্থিতি সাপেক্ষে হয়তো কাৰোবাৰ দুটা সন্তান। কাৰোবাৰ ল'ৰা সন্তান জন্মই দিব পৰা নাই। হয় আমি মানি লৈছোঁ শিক্ষা নীতিৰ ২০০৯ এক্ট আঁচনি ৰুপায়ণ মতে প্ৰায় ৬/৮বছৰ ১০ বছৰ ল’ৰা ছোৱালীক ধৰি আনি বিদ্যালয়ত পঢ়োৱা দায়িত্ব পালন কৰা হৈছিল। এইয়া শুভ লক্ষণ। কিন্তু গাওঁ অঞ্চলত ল'ৰা ছোৱালী জন্ম হাৰ একেবাৰে নিম্ন। তেনে স্থলত এখন শিক্ষানুষ্ঠান শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। উক্ত বিশ্ববিদ্যালয়খন বন্ধ হ'ব লগীয়া হৈছে। এইখিনি কাক দুখ দিব পাৰি। এইয়াই হৈছে সময়ৰ তাগিদাত সময়ৰ প্ৰতিশ্ৰুতি। সময়ৰ প্ৰতি ফলন। তেনে স্থলত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সংখ্যা কম হোৱাৰ বাবে এনেকৈ নীতি নিৰ্দেশনা অনুসাৰে (private school) সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। মোৰ বোধেৰে, ব্যক্তিগত ৰাজহুৱা শিক্ষানুষ্ঠানৰ আপাৰ আই ডি,পেন কাৰ্ড আদি নাথাকিলে ছাত্ৰ ছাত্ৰী সকলৰ বাবে চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সুবিধা বঞ্চিত হ'ব বুলি ঘোষণা কৰা হৈছে। তেতিয়াই চৰকাৰী বিদ্যালয়ত প্ৰাথমিক অংগণ বাৰীত নামভৰ্তিৰ সুবিধা খিনি লাভ কৰিবলৈ সক্ষম হ’ব।
সাম্প্ৰতিক কালত ইউটিউবত বা ফেচবুকত ভাইৰেল হোৱা বিশেষকৈ উত্তৰৰ পাৰৰ ধেমাজি জিলাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ কথাহে নহয় বহু কেইখন জিলাৰ অন্তৰ্গত নগৰ চহৰে বিশেষকৈ গুৱাহাটী নগৰত থকা বিদ্যালয়ত ইউ -ডাইজ কোড নথকা বিদ্যালয়ৰ বন্ধ কৰাৰ কথা সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ইয়াৰ আধাৰতে ক’ব বিচাৰোঁ যে- শিক্ষানুষ্ঠান,শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক বদনাম দিব নোৱাৰি। যিহেতু এখন শিক্ষানুষ্ঠান শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত বিশেষভাবে সঠিক ভাৱে নিয়মানুবৰ্তীতাৰে পৰিচালিত কৰা হয়। ইয়াত অভিভাৱক, শিক্ষক গোট আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে নিৰ্ণয় কৰা হয়। এইয়া সকলোৰে জ্ঞাতাৰ্থে অবগত আৰু দৃষ্টিগোচৰ হয়। ল’ৰা ছোৱালী ভবিষ্যতৰ শিক্ষাৰ কেঢ়িয়াৰ এনেকৈ গঢ় লোৱা দেখা যায়।কেৱল বে-চৰকাৰী বা ব্যক্তিগত ৰাজহুৱা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে নহয়। চৰকাৰী বিদ্যালয়তো একে কাৰ্য্য সুচী অব্যাহত আছে।
বিশেষকৈ, বিভিন্ন কৌশল আঁচনি ৰুপায়ণৰ আধাৰতে বৰ্তমান অসম চৰকাৰৰ আসনকালত ৰাজহুৱা শিক্ষানুষ্ঠান সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰৰ ৰীতি-নীতি ৰচনা কৰা হৈছে। আজিৰ তাৰিখত ক'ত ৰাজহুৱা শিক্ষানুষ্ঠান বন্ধ হোৱাৰ কথা ঘোষণা কৰা হৈছে। উক্ত যাবতীয় নথি পত্ৰ সমুহ শিক্ষা নীতিৰ পৰিকল্পনা অনুসৰি উক্ত বিচৰা ইউ ডাইজ কোড, অনুমতি, স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা দৃষ্টিগোচৰ হৈছে। ইয়াৰ ফলস্বৰূপে হয়তো বন্ধ হ'ব পাৰি। আজিৰ তাৰিখত শিক্ষাৰ মানদণ্ড উন্নত মানৰ পৰিবেশত শিক্ষানুষ্ঠান আছে যেনে:--অসম জাতীয় বিদ্যালয়, শংকৰদেৱৰ শিশু নিকেতন, গুৰু কুল বিদ্যালয়, জুনিয়ৰ বা চিনিয়ৰ বিদ্যালয় আদি বিদ্যালয় সমূহ সুস্থ শৈক্ষিক পৰিৱেশত অভিভাৱক সকলে সদায় শুভাকাংক্ষী মতামত ব্যক্ত কৰে। উৎসাহিত কৰে বে -চৰকাৰী বা ৰাজহুৱা শিক্ষানুষ্ঠানৰ নীতি নিৰ্দেশনা বোৰ শলাগ লৈছে। মোৰ এটি আক্ষেপ আছে য'ত নিজৰ ৰুচি অভিৰুচি অনুসৰি জীৱনৰ পৰিক্ৰমাৰ ক্ষেত্ৰত বিশেষভাবে শিক্ষিত হৈ জীৱন নিৰ্বাহৰ এক পথ নিৰ্বাচিত কৰি জীৱনটি সংগ্ৰাম অব্যাহত ৰাখিছে। ইয়াত কোনো হেতালী খেলাৰ কোনো ৰাজনৈতিক শেল পৰিব নালাগে। তেওঁ লোকে জীৱন বিত্তি হিচাপে গ্ৰহণ কৰি সংস্থাপন বুলি গণ্য কৰা হয়। তেওঁলোকৰ এচামে পেছাদাৰী শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা হৈছে। ইয়াত সাংবিধানিক মতে সকলোৰে শিক্ষা গ্ৰহণ কৰা আৰু শিক্ষানুষ্ঠান গঢ় দিয়াৰ মৌলিক অধিকাৰ আছে। আমাৰ শিক্ষা সমাজত উক্ত শিক্ষানুষ্ঠানসমূহ জীয়াই থাকক আৰু শিক্ষিত নিবনুৱা সকলে সংস্থাপন লাভ কৰিবলৈ সুবিধাখিনি পাওঁক, তাৰেই কামনা কৰিলোঁ।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment