এৰ’নটিকেল ইঞ্জিনিয়াৰিং (Aeronautical Engineering) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 1, 2025

এৰ’নটিকেল ইঞ্জিনিয়াৰিং (Aeronautical Engineering)


 

এৰ’নটিকেল ইঞ্জিনিয়াৰিং (Aeronautical Engineering)


ড° বুলজিৎ বুঢ়াগোহাঁই


    ভাৰতত বিমান আৰু মহাকাশ খণ্ডই দ্ৰুতগতিত উন্নতি কৰি আছে, যাৰ ফলত এৰ’নটিকেল ইঞ্জিনিয়াৰিঙত কেৰিয়াৰৰ সুযোগ সৃষ্টি হৈছে। এৰ’নটিকেল ইঞ্জিনিয়াৰিং হৈছে পৃথিবীৰ বায়ুমণ্ডলৰ ভিতৰত চলাচল কৰা বিমান আৰু সংশ্লিষ্ট ব্যৱস্থাসমূহৰ ডিজাইন, উন্নয়ন, নিৰ্মাণ, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব  দিয়া এটা ইঞ্জিনিয়াৰিঙৰ শাখা। এই শাখাত এৰ’ডাইনামিক্স, প্ৰপালচন, মেটেৰিয়েল ছায়েন্স, এভিয়নিক্স  আদিৰ  নীতি প্ৰয়োগ কৰি নিৰাপদ, কাৰ্যকৰী আৰু উদ্ভাৱনী ক্ষমতাসম্পন্ন বিমান তৈয়াৰ কৰা হয়।  ভাৰতত বিমানচলাচল খণ্ড দ্ৰুতগতিত বিকাশ পাই আছে আৰু “মেক ইন ইণ্ডিয়া”ৰ দৰে চৰকাৰী উদ্যোগে দেশীয় বিমান আৰু ড্ৰোন উন্নয়নক উৎসাহিত কৰি থকা পৰিপ্ৰেক্ষিতত, দক্ষ এৰ’নটিকেল ইঞ্জিনিয়াৰৰ প্ৰয়োজনীয়তাও যথেষ্ট হাৰত বৃদ্ধি পাইছে।

        এৰ'নটিকেল ইঞ্জিনিয়াৰসকলৰ মুখ্য কাৰ্য্যসমূহ হ'ল- বিমানৰ ডিজাইন আৰু নিৰ্মাণ,  বিমানৰ কাৰ্যক্ষমতা আৰু নিৰাপত্তা পৰীক্ষা, বিমান সংৰক্ষণ আৰু মেৰামতি, নতুন প্ৰযুক্তিৰে বিমান উন্নয়ন, গৱেষণা আৰু অভিযান্ত্ৰিক সমাধান আদি।

         এৰ'নটিকেল  ইঞ্জিনিয়াৰ হিচাপে কেৰিয়াৰ গঢ়িব বিচৰা সকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – প্ৰযুক্তিগত দক্ষতা, চফটৱেৰ জ্ঞান, বিশ্লেষণাত্মক চিন্তাধাৰা, সূক্ষ্ম বিষয়ে মনোযোগ, দলগত কাম আৰু যোগাযোগ দক্ষতা, নতুন প্ৰযুক্তি শিকিবলৈ আগ্ৰহী, নিষ্ঠাবান; দায়িত্ববোধ আদি ।

        এৰ’নটিকেল ইঞ্জিনিয়াৰিঙত চাৰ্টিফিকেট, ডিপ্লমা ,স্নাতক , স্নাতকোত্তৰ,  পি.এইচ.ডি. আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে । এৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান,ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়সহ উত্তীৰ্ণ হ’ব লাগে । এৰ'নটিকেল ইঞ্জিনিয়াৰ হ'বলৈ সাধাৰণতে অভিযান্ত্ৰিক বিভাগত স্নাতক ডিগ্ৰী (B.Tech/BE) আৰু তাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰী (M.Tech/ME) বা ডক্টৰেট ডিগ্ৰী (PhD) হ'ব লাগে। ইয়াৰ উপৰিও, এই ক্ষেত্ৰত অভিজ্ঞতা আৰু দক্ষতাও অতি প্ৰয়োজনীয়। 

         এৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – হিন্দুস্তান ইনষ্টিটিউট  অৱ  টেকন’লজি এণ্ড চায়েন্স(https://hindustanuniv.ac.in/),ইনষ্টিটিউট অৱ এৰ’নটিকেল ইঞ্জিনিয়াৰিং (আই এ আৰ ই), হায়দৰাবাদ (https://www.iare.ac.in/),ইণ্ডিয়ান ইনষ্টিটিউট ফৰ এৰ'নটিকেল ইঞ্জিনিয়াৰিং এণ্ড ইনফৰ্মেচন টেকন’লজি, পুনে (https://iiaeit.org/),ৰাজাস্থান টেকনিকেল ইউনিভাৰ্ছিটি (https://rtu.ac.in/),মণিপাল ইনষ্টিটিউট অৱ টেকন'লজি (https://www.manipal.edu/),সত্যবামা ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজি ,চেন্নাই(https://www.sathyabama.ac.in/) ,কুমাৰগুৰু কলেজ অৱ টেকন'লজি (https://kct.ac.in/) ,ড° আম্বেদকাৰ ইনষ্টিটিউট অৱ টেকন'লজি , বেংগালুৰু (https://drait.edu.in/), নিত্তে মীনাক্ষী ইনষ্টিটিউট অৱ টেকন'লজি, বাংগালুৰু  (https://nitte.edu.in/),মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন’লজি (https://www.mitindia.edu/) আদি। এই শিক্ষানুষ্ঠানবোৰত এৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় । সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।

        এৰ'নটিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্রম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে বিশ্বৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠান আৰু বিমান উদ্যোগত বিভিন্ন পদ, যেনে-  এভিঅ’নিক্স ইঞ্জিনীয়া(Avionics Engineer), এৰ’ডাইনামিক্স ইঞ্জিনীয়াৰ(Aerodynamics Engineer), ষ্ট্ৰাকচাৰেল ইঞ্জিনীয়াৰ (Structural Engineer) , এয়াৰক্ৰাফ্ট মেইনটেনেন্স টেকনিচিয়ান  (Aircraft Maintenance Technician), ৰিচাৰ্চ  এণ্ড ডেভেলপমেণ্ট  ইঞ্জিনীয়াৰ (Research & DevelopmentEngineer), ফ্লাইট ইঞ্জিনীয়াৰ(Flight Engineer) আদিত কাম কৰাৰ সুযোগ লাভ কৰে। লগতে, এইসকল শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ বাবে আবেদন জনোৱাৰো সুযোগ থাকে। আনহাতে, GATE, IELTS, TOEFL, GRE আদি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ উত্তীৰ্ণ কৰি বহু শিক্ষাৰ্থীয়ে বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহত এৰ'নটিক্স আৰু সম্পৰ্কিত বিষয়সমূহত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পথত আগবাঢ়ি যাব পাৰে। তদুপৰি, উদ্যোগৰ ক্ষেত্ৰত, সাধাৰণতে শিক্ষাৰ্থীসকলে বিমানৰ মৰামতি, ৰক্ষণাবেক্ষণ আৰু নক্সা প্ৰস্তুত কৰা কোম্পানীসমূহত নিযুক্তি লাভ কৰে।

      এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বিশ্ব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ সৈতে  কাম কৰাৰ সুযোগ পায়। ইয়াৰ ভিতৰত চৰকাৰী সংস্থা, বেচৰকাৰী উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাও অন্তৰ্ভুক্ত। যেনে – ডি আৰ ডি অ’ (https://www.drdo.gov.in/),ইছৰ’ (https://www.isro.gov.in/),নেচনেল এৰ'স্পেচ লেবৰেটৰিছ (https://www.nal.res.in/),এইচ এ এল (https://hal-india.co.in/),অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (https://www.dgca.gov.in/digigov-portal/) আদি।

      এয়াৰ ইণ্ডিয়া, ইণ্ডিগো, স্পাইচজেট, গো ফাৰ্ষ্ট  আদি বাণিজ্যিক বিমানসংস্থাসমূহত বিমানৰ সংৰক্ষণ, নিৰাপত্তা পৰীক্ষা, উৰণ  পৰিচালনা আৰু আন বহুতো ক্ষেত্ৰত কৰ্মসংস্থাপন উপলব্ধ।

      এৰ'নটিকেল ইঞ্জিনিয়াৰসকলে বিমানবন্দৰৰ ডিজাইন, পৰিকল্পনা, পৰিচালনা আৰু বিমান যাতায়াত পৰিচালনা ৰ সৈতে জড়িত হৈ কাম কৰাৰ সুযোগ থাকে।


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com


বিঃ দ্রঃ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages