শেৱালি ফুল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

শেৱালি ফুল

 

শেৱালি ফুল


                             চন্দনা ভাগৱতী      


ৰাতিফুলা ফুল মই শেৱালি অভিসাৰিকা

প্ৰতিটো মুহূর্তত বিৰাজমান এক বোবা অস্থিৰতা 

তুমি জানা,

হাউলি পৰা তোমাৰ টোপনিলৈ শাৰদী নিশা

মই নামি আহো আৰু

ওৰে ৰাতি ৰোমাঞ্চিত সপোন এটাৰ    

দুৱাৰডলিত ৰৈ থাকো

সপোনত তোমাৰ বিয়পি থাকে 

এখন আকাশ।


কিন্তু কি জানা,

বিচ্ছেদৰ যন্ত্ৰণাৰে মোৰ একাকী জীৱন 

গলি যোৱা যাতনাৰ তলত মোৰ ভাঙি যোৱা  সপোন

আপাতত অভিশাপত ভ্রষ্টা, সূৰ্যৰ প্ৰতাৰণাৰে মই ছাই 

মোৰেই শপত নাচাও মই সূৰ্যৰ মুখ দুনাই

ইয়াত সেয়ে ৰ'দৰ বাবে অকনো ঠাই নাই।


মই এনেদৰে মৰি মৰি জী থাকো 

নিদ্ৰাৰ অৰণ্যত আৰু

তুমি সাৰে থাকা ৰ’দৰ চহৰত।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages