জানো ! - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

জানো !

 


জানো !


                 অংকুৰিতা ফুকন


আমি ইজনে আনজনক জানিবলৈ ল’লেই

জনাৰ আগ্ৰহ বাঢ়িবলৈ ধৰে


জানি জানি আমি

এনে এটি পৰ্যায়ত উপনীত হওঁ

য’ত ইজনে আনজনৰ সমুখত

নগ্ন ৰূপত ধৰা দিবলৈ ধৰে


এই জনাৰ প্ৰক্ৰিয়াত আমি

নিজকো জানিবলৈ লওঁ কিছু বেছিকৈ

নজনাখিনিক নিলগাই থওঁ নিজেই নজনাকৈ


সকলো জানি উঠাৰ পিছত 

যেতিয়া জানিবলৈ আৰু একো বাকী নাথাকে

তেতিয়াৰে পৰা ইজনৰ পৰা সিজনলৈ

দূৰত্বৰ এখন সাকোঁ গঢ়িবলৈ ধৰে…


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages