ঈস্পিত এটি প্ৰাণোচ্ছল হাঁহি
অশোক ৰাম ভট্টাচাৰ্য্য
(মাতৃ স্বৰ্গীয় সৌজন্যময়ী ভট্টাচাৰ্য্যৰ হাতত কবিতাটো উৎসৰ্গিত কৰিলো)
আতঙ্কিত, বেদনাময় এক সময়
সময় যে গতিশীল অতিকৈ নিষ্ঠুৰ
একাত্মাৰ দৰে কনিষ্ঠ সন্তানক লৈ
মাতৃৰ চিন্তা সদায়েই বেছি
কিজানিবা দহে বুজি নাপায়
কিজানিবা নেপায় স্বীকৃতি গুণৰ,
জোৰকৈ বতাহ বৰিলে
প্ৰবল শীতত কিম্বা গ্ৰীষ্ম প্ৰৱাহত
আইক দেখোঁ থৰ লাগি আছে
সন্তান যে আহি নাই কাষলৈ
চাই থাকে জনাকীৰ্ণ ৰাজপথলৈ;
আই তুমি দেখিছানে আজি
তোমাৰ অপত্যক আজি আদৰিছে সৱে
অকণিৰ ৰহঘৰা আৰু আহিছে নেগেৰা,
ককালৈ চিঠি, কম্পিত চৰাচৰ
তুমি দিয়া আশীষেৰে
বোৱাৰীৰ ৰূপমহলো আছে
দেৱশিশুৰ নিৰ্দোষ হাঁহি, নটৰাজলৈ চাই
নিগৰিছে নেকি আনন্দ অশ্ৰু,
তোমাৰ উজ্জ্বল, সৰল মুখৰ
এটি হাঁহিৰ অপেক্ষাত আমি
আচম্বিতে বলা মলয়াজাকতে দেখোঁ
ঈস্পিত প্ৰাণোচ্ছল সেই সৰগীয় হাঁহি।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment