অসমীয়া প্ৰগতিশীল কাব্যধাৰাৰ যথাৰ্থ উত্তৰসূৰী নীলাভ সৌৰভ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

অসমীয়া প্ৰগতিশীল কাব্যধাৰাৰ যথাৰ্থ উত্তৰসূৰী নীলাভ সৌৰভ

 

অসমীয়া প্ৰগতিশীল কাব্যধাৰাৰ যথাৰ্থ উত্তৰসূৰী নীলাভ সৌৰভ


ৰুদ্ৰ সিংহ মটক


“Pity the nation whose leaders are liars, 

 whose sages

 are silenced, and whose bigots haunt the   airwaves.” (Lawrence Ferlinghetti)


  ‌ “আইৰ মুখৰ মাতটোৰ, ওপজা ভূমিৰ ভাষাটোৰ মোহ বা কালিকাই মোক কবিতাৰ দৰে শিল্পৰ চৰ্চাত নিমগ্ন হোৱাত সহায় কৰিলে।” (পাতনি, উত্তৰ আধুনিক ঘা)। নীলাভ সৌৰভক নজনা কবি অসমতে নাই। ভাল শিল্পী বুলিও তেওঁৰ এক পৰিচয় আছে। এজন সততে সচেতন, সমাজদৰ্শী কবি হিচাপে তেওঁৰ প্ৰতিভাৰ শেহতীয়া উত্তৰণে আমাক ভিতৰি ভিতৰি পুলকিত কৰিছিল। গড্ডলিকা প্ৰবাহত উটি যোৱা যশপ্ৰাৰ্থী কবি নহয় নীলাভ সৌৰভ। তেওঁৰ কবিসত্তাৰ উত্তৰণৰ মূলতে তেওঁৰ মৌলিক চিন্তা, ভাষিক স্বাভিমান, ঐকান্তিক নিষ্ঠা আৰু নিৰলস কাব্যসাধনা।সোঁতৰ বিপৰীতে সাঁতোৰা কবিজনে মৰ্মে মৰ্মে উপলব্ধি কৰে যে সমাজ মানস উদ্ভাসিত কৰিব পৰা বলিষ্ঠ সৃষ্টিৰ বাবে কবিৰ আবেগ বা কল্পনা শক্তিয়েই যথেষ্ট নহয়।তেনে সৃষ্টিৰ বাবে তীক্ষ্ণ অন্তৰ্দৃষ্টি, দীপ্ত ইতিহাস চেতনা আৰু অভিজ্ঞতাৰ লগতে কবিক লাগে দুস্কৃতিৰ বিৰুদ্ধে যুঁজিব পৰাকৈ অদম্য সাহস।


বেয়নেটৰ খোঁচা খোৱা মোৰ কলিজাটো

জৰী ছিঙি পৰা তেজ লগা পতাকা

                            (মাটিৰ কলিজা/উত্তৰ আধুনিক ঘা)


   ‌   বেছি দিন হোৱা নাই। ২০২০ৰ কথা। নীলাভৰ প্ৰথম কাব্যগ্ৰন্থ  “উত্তৰ আধুনিক ঘা”ত (প্ৰথম প্ৰকাশ, নবেম্বৰ ২০১৯, ক্ৰান্তিকাল প্ৰকাশন) সন্নিৱিষ্ট কবিতাবোৰ চকু ফুৰাই আমি মনৰ ভিতৰতে বাৰে বাৰে গুণ গুণাইছিলোঁ--তৰুণ কবি ভৰুণ ভৱিষ্যত। নতুন সম্ভাৱনাক সাহস আৰু উদ্গনি যোগোৱাৰ তাগিদতে আমাৰ কলমৰ আলচ—”উত্তৰ আধুনিক ঘা”। দৈনিক অসমত প্ৰকাশ পাইছিল। আমি আশা ৰাখিম, নীলাভ সৌৰভক ভালকৈ নজনা সকলে সময় উলিয়াই লেখাটো (আমাৰ ফেচবুকৰ টাইমলাইনত উপলব্ধ) নিশ্চয় পঢ়িব। বিগত তিনিটা বছৰত নীলাভৰ “কথাবোৰ কৈ থাকিব লাগিব”(২০২১) আৰু “নিৰান্নবৈ”(২০২২) শীৰ্ষক আন দুখন কবিতা পুথি প্ৰকাশ পাইছে। আমি জানো যে কাব্যচৰ্চা একেসময়তে মাতৃভাষাৰো চৰ্চা। ভাবি আচৰিত হওঁ ভাষাপ্ৰেম কিমান নিস্বাৰ্থ, কাব্যপ্ৰীতি কিমান গভীৰ হ’লে কবিৰ হাতৰ নীলকণ্ঠ কলম ইমান বেছি জাগ্ৰত আৰু শক্তিশালী হৈ উঠে।

      ধনতান্ত্রিক শোষণমুখী সমাজব্যবস্থা, সাম্ৰাজ্যবাদ আৰু তথাকথিত ছদ্মবেশী বিশ্বায়নে নমাই অনা প্ৰতাহ্বান আৰু ঘনীভূত অন্ধকাৰত বাৰুকৈয়ে ভিতৰি ভিতৰি ভীত-শংকিত, বিপন্ন উত্তৰ আধুনিক মানুহৰ মন, প্রাণ সমস্ত সত্ত্বা।– “জেগেলা ঠাইত বীজ পৰিল/ পোহৰত বিচাৰিছো ধান'”। সমাজ ৰূপান্তৰৰ বুনীয়াদৰূপী অৰ্থনীতি আৰু সংস্কৃতিৰ প্ৰতি অহা ভাবুকিয়ে ডেকা কবি নীলাভ সৌৰভক দিছে সহজ আত্মসমৰ্পনৰ বিপৰীতে আত্মসমালোচনাৰ লগতে ৰূপান্তৰৰ এক নতুন, গতিশীল চেতনাবোধ আৰু উত্তৰণক্ষম এক উজ্বল কাব্যদৃষ্টি। সমাজ জীৱনৰ স্খলন-অৱক্ষয় দেখিও মৌন হৈ থকাসকলৰ শিলীভূত বিবেক আৰু মগজুৰ চেৰিব্ৰামত কবিৰ satire বা হাতুৰীৰ কোব মন কৰিবলগীয়া।—


বহুদিন চুলি দাঢ়ি কটা নাই


এখন অৰণ্যত বাস কৰিব খুজিছোঁ

লতাই ঢাকি ধৰক চকু নাক কাণ


মুদি থাকি চকুৰ বিষ উঠিছে

নাক গলি গৈছে

তাল মাৰিছে কাণ


ভোক, যৌনতা অথবা উশাহ থকালৈকে

লৈ ঘূৰি ফুৰিবলৈ মানুহক এখন অৰণ্য লাগে


তুমি তোমাক ৰ’দৰ আঁৰ কৰি

মই মোক পানীত ডুবাই

জীয়ন দি থৈছোঁ


হাত-ভৰিত শিল বান্ধি

মন্ত্ৰ-মুগ্ধ মৌনতাৰে খহনীয়া চাই আছোঁ


কি ভাল নাজানো

দীঘল চুলিৰ অৰণ্যত হাত বুলাই আছোঁ

                                                  (অৰণ্য)


     তৰাং, সংকীৰ্ণ জীৱনদৃষ্টিৰ লোকে নিজকে ফাকি দিব নজনা, সততে সৎ, সংবেদনশীল কবি নীলাভৰ ভিতৰৰ জগতখন হয়তো কাহানিও দেখা নেপাব।— “মই লিখা কথাবোৰ মই দেখা, শুনা বা মোৰ উপলব্ধিৰ।  মই নিজৰ বিচাৰ বুদ্ধিৰে ভালক ভাল, বেয়াক বেয়া বোলো। যদিহে মোৰ বিচাৰ-বুদ্ধি ভুল তেন্তে মোক জ্ঞান দিয়ক, ইতিকিং নকৰিব। মই সামৰ্থ অনুসৰি নিজা সমৃদ্ধিৰ বাবে কিবাকিবি কৰি থাকোঁ। হয়তো একো সমৃদ্ধ হ’বই পৰা নাই, হয়তো মই যোগ্যও নহওঁ মানুহ হিচাপে, মোক যদি ভালপায় মোক যুক্তি দি বুজাওক, কিতাপ-পত্ৰ দিয়ক, তথ্য দিয়ক, মোৰ অজ্ঞানতাৰ বাবে মই তলমূৰ কৰাত অকণো আপত্তি নাই, কিন্তু মোৰ পূৰ্বপুৰুষৰ, মোৰ তেজৰ কথা কৈ প্ৰসংগসমূহক বিভ্ৰান্ত নকৰিলেই মই ভালপাম, যিহেতু মই কোনো ধৰ্মৰ প্ৰচাৰক বা প্ৰসাৰক নহয়, ধৰ্ম মোৰ ইছ্যু/এজেণ্ডা নহয়, ধৰ্ম মোৰ উপাৰ্জনৰ কাৰক নহয়, কোনো ধৰ্মৰ এজেন্ট নহয়, বিশ্ব ৰাজনীতিয়ে সৃষ্টি কৰা কোনো ধৰ্মৰ নাম লৈ কৰা সুবিধাবাদী উগ্ৰপন্থী সংগঠনৰ সদস্য নহয়, মই কেৱল মই। মোক যুক্তিৰে ফঁহিয়াই বিচাৰ কৰক। মই এটা জীৱ, এঘৰত জন্মিছোঁ, এদিন মৰিম ইমানেই মোৰ দৰ্শন।” (কবিৰ টাইমলাইন, ১৬ অক্টোবৰ, ২০২৩) আন এটি পোষ্টত কবি নীলাভে জীৱন আৰু সমাজবোধ সম্পৃক্ত নিজস্ব ভিছন সম্পৰ্কে এনেদৰে কৈছে,--- শান্তি আৰু স্বাধীনতা ভালপাওঁ বুলিলেও মানুহে মোৰ ধৰ্মক সাঙুৰি আনি কথা ক'লে সঁচাকৈয়ে মৰি যাবৰ মন যায়, অন্তৰৰে যিখন দেশক ভালপাওঁ, যি দেশৰ নাম লৈ ভুল কৰে তাক বেয়া পাওঁ, দেশৰ ভাষা, সাহিত্য, সংস্কৃতি আদিক লৈ গৌৰৱ কৰোঁ, মোৰ সামৰ্থ অনুসৰি সমাজৰ ভালৰ বাবে সেৱা কৰোঁ (without any registered NGO), কাৰোৰেপৰা দৰমহা নোলোৱাকৈ কেৱল মানসিক শান্তিৰ বাবে কিছুমান মানুহৰ বাবে ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সেৱা আগবঢ়াওঁ, মই দিনটোত এবাৰো  কি ধৰ্মৰ মানুহনো মই? বুলি মনত নেপেলাওঁ, এবাৰো নাভাবো নিৰ্দিষ্ট ধৰ্ম অনুসৰিহে মই কবিতা লিখিম বা কাৰোবাৰ বিৰোধ কৰিম, যেনিবা ভাবিলোঁৱেই যে মই মোৰ ধৰ্মটো সঠিককৈ পালন কৰিম বা নকৰোঁ, সেইটো মানে ধৰ্মটো মোৰ অন্তৰৰ বস্তু  তাতে ইমান অসুবিধা কিহৰ? দিনটোৰ ভিতৰত এটা নহয় এটা মাধ্যমৰ জড়িয়তে মোক মনত পেলাই দিয়া হয় যে তুমি অমুক ধৰ্মৰ মানুহ…. গতিকেহে অমুক ধৰ্মৰ মানুহৰ ভুল দেখা পোৱা…. তুমি অমুক ধৰ্ম বেয়া পোৱা, তুমি আমাৰ বিৰোধ কৰিবাই ইত্যাদি। যেনেঃ মই টোলগেটৰ বিৰোধ কৰিলে, সকলো ধৰ্মৰ মানুহ পাৰ হোৱা টোলগেটৰ কথা কওঁ, হিন্দুৰ বিৰোধ কৰিবলৈ নকওঁ। (কবিৰ টাইমলাইন, ১৬ অক্টোবৰ, ২০২৩)।


‌     উদ্বেগৰ কথা হ’ল এইজন মুক্ত, উদাৰ মননৰ, সমাজপ্ৰেমী, সংস্কৃতিপ্ৰেমী, মানবতাবাদী কবি নীলাভ সৌৰভে (আমি খুব পলমকৈ জানিব পৰা মতে তেওঁৰ আচল নাম ৰাকিব উদ্দিন আহমেদ) দুমাহ ধৰি আত্মগোপন কৰাৰ পিছত সদ্যহতে উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰিছে। কবিতা লিখাটোৱেই যদি ডেকা কবিৰ অপৰাধ তেন্তে  চিৰ চেনেহী ভাষা-জননীৰ বাবেই এয়া অত্যন্ত দুৰ্ভাগ্যজনক। আমি জনামতে যোৱা ২২জানুৱাৰীত (সিদিনাই অযোধ্যাত ৰাম মন্দিৰৰ প্ৰতিষ্ঠাপন হৈছিল। সচেতন বৌদ্ধিক সমাজৰ দৃষ্টিত সেয়া আছিল এছামৰ বাবে তেওঁলোকৰ ঈশ্বৰ পুৰুষ ৰামৰ নামত ধৰ্মীয় উন্মাদনাৰ‌ দিন) নীলাভ সৌৰভে তেওঁৰ টাইমলাইনত আপলোড কৰা‌ “ৰাম” শীৰ্ষক কবিতাটো পঢ়ি অসন্তুষ্ট এমুঠিমান পাঠকে কবিক তেনে কবিতা লিখা বাবে কটু বাক্যবাণৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল। কথা বিষম দেখি নীলাভ সৌৰভে  ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱাভাবেই ক্ষমা খুজিছিল এনেদৰে।–

   “মই ভাৰতীয় প্ৰবাদপুৰুষ ৰাম ভগৱানক বা তেখেতৰ ধৰ্মপত্নী সীতাক লৈ বা তেওঁলোকৰ গৰিমাক আঘাত হানিবলৈ কবিতা লিখা নাছিলোঁ। লিখিছিলো এই দেশৰ দৰিদ্ৰ জনগণৰ অৱস্থাক লৈ এইদেশৰ বহু সাধাৰণ মানুহৰ নাম ৰাম, সীতা। সেইসকলৰ প্ৰতি অনুকম্পা আৰু আবেগত মই ভুলবশতঃ কবিতাটো লিখা বাবে আত্মগ্লানিত ভুগিছোঁ। যদিওবা মোৰ মানসিকতা ৰাম ভগৱানক আঘাত হনা উদ্দেশ্যেৰে নাছিল, যিহেতু বহুতেই ৰাম নামে দেৱতাৰ সৈতে কথাটো সাঙুৰিছে, মোৰ কবিতাটো পঢ়ি যদি আপোনালোকে বেয়া পাইছে, মনত আঘাত পাইছে, সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ৷ মোক ক্ষমা কৰি দিব৷ ৰামৰ গৰিমা অটুট থাকক৷ ৰাম মোৰ দেশৰ মাইথ'লজিৰ নায়ক, মই সেই ঐতিহ্যক সন্মান কৰোঁ।”

    ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰাৰ পিছতো কবিৰ বিৰুদ্ধে কেবাখনো আৰক্ষী চকীত অভিযোগ ৰুজু হয়। প্ৰশ্ন হ'ল সেই বিশেষ কবিতাটোৰ বিষয়বস্তু (text) সমাজ, সংস্কৃতি, মানবিক কিম্বা  ধৰ্মীয় দৃষ্টিকোণৰ পৰা আপত্তিজনক আছিল জানো? কাব্যামোদী ৰসগ্ৰাহী পাঠকৰ কথা নকওঁৱেই, কবিতাটো মন দি পঢ়া সাধাৰন পাঠকেও প্ৰত্যক্ষ কৰিছে যে ভাৰতীয় মাইথ’লজিৰ নায়ক ৰামৰ প্ৰতি অন্তৰত তিলমানো ভক্তিভাৱ নথকা ভিতৰি ফোঁপোলা এছাম লোকক কবিয়ে পৰোক্ষভাৱে কটাক্ষ নকৰাকৈ থকা নাই। কবিতা যিহেতু সমাজ আৰু জীৱন জগতৰ সূক্ষ্ম সমালোচনা এনে ব্যঙ্গই (satire) নীলাভ সৌৰভৰ কাব্যচেতনাক তিলমানো কলুষিত কৰা নাই; বৰং  এক নতুন মাত্ৰা দান কৰিছে।—


ৰামৰ নামত মন্দিৰ গঢ়া মানুহবোৰেও

সন্তানৰ নাম ৰাম নাৰাখে

সীতা নাৰাখে


   লেখা বা কবিতা এটা পাঠ কৰা ব্যক্তি এজনৰ মত বা আদৰ্শ বহু সময়ত লেখকজনৰ লগত নিমিলিব পাৰে। কবিতা, গল্প বা উপন্যাস যিয়েই নহওক পাঠকৰ বিচাৰধাৰা নিৰ্ভৰ কৰে তেওঁৰ নিজস্ব ভিছন অথবা শ্ৰেণী অৱস্থানৰ ওপৰত। নীলাভে নিজেই স্পষ্ট কৰি দিছে যে তেওঁ কবিতাটো লিখিছে দেশৰ দৰিদ্ৰ জনগণক লৈ। কিন্তু তেওঁ কাহানিও ভবা নাছিল একদেশদৰ্শিতা বা ধৰ্মীয় সংকীৰ্ণতাৰে কবিতাটোৰ প্ৰতি অবিচাৰ কৰাৰ ওপৰিও কবি নিজেও অপবাদ আৰু আক্ৰমণৰ বলি হ’ব। অনাহুত, অবাঞ্চিত পৰিস্থিতিৰ মুখামুখি হৈ নীলাভে কবিতাটি তেওঁৰ টাইমলাইনৰ পৰা আঁতৰাবলৈ বাধ্য হৈছিল। আমাৰ বোধেৰে মুকলি মনৰ কবিজনে ভিতৰি আহত, ব্যথিত হ’লেও ৰোষমুক্ত হোৱাৰ অভিপ্ৰায়েৰেই তেনে কৰিছিল।  কিন্তু আমি পাহৰিলে নহ'ব নীলাভ সৌৰভ শোষিত, বঞ্চিত জনগণৰ পক্ষত থিয় দিয়া গণদৰদী এজন সাহসী কবি। তেওঁৰ কবিতাটিৰ বহল আলোচনালৈ নগৈয়ো আমি কওঁ যে উক্ত কবিতাটিত নীলাভ সৌৰভে অশিক্ষা, দাৰিদ্ৰ, শোষণৰ দৰে বিষয়বস্তুৰ যথাৰ্থ উপস্থাপনৰ দাবীতে আন কিছু প্ৰসঙ্গ-অনুষঙ্গৰ লগতে ৰাম আৰু সীতা চৰিত্ৰ দুটা  ব্যৱহাৰ কৰিছে। সেয়া বুজিবলৈ কবিতাটোৰ তলৰ উদ্ধৃতিসমূহেই যথেষ্ট। মহাবিদ্যালয়, উচ্চ বিদ্যালয়ৰ ছাত্ৰই এই স্তৱককেইটা প্ৰথম পাঠতে বুজি পাব। (কবি নীলাভে ছচিয়েল মিডিয়াৰপৰা উঠাই ল’লেও অসমীয়া প্ৰগতিশীল কাব্যধাৰাৰ এক বলিষ্ঠ সৃষ্টি হিচাপে উক্ত কবিতাটোক ন্যায় দিয়াৰ স্বাৰ্থতে আমি কেইটামান পংক্তি উল্লেখ কৰিবলগীয়া হ'ল। )


ৰামৰ কাহটো ইমান বেছি

চৰকাৰী লাইনত থিয় হৈ থাকিব নোৱাৰে


খিচিৰি স্কুলৰ দশম পাছ ৰামৰ পুতেক

আধাৰ কাৰ্ড উলিয়াবলৈ গৈ ফচি যায়

বেংকৰ ঋণ নাপায়

**********

ৰামৰ জীয়েকৰ বুকুখনৰ বাদে বেচিবলৈ

একো নাই


জাক জাক চকুৰ পৰা বচাই ৰখা বুকুখন

ঔষধৰ বাবে কেনেকৈ বেচে

তেজ পৰীক্ষা এটাৰ বাবে কেনেকৈ বেচে        

                     

   নীলাভৰ কবিতাটোত ধৰ্মীয় ঐতিহ্য পৰম্পৰাৰ ওপৰত অনাস্থা প্ৰকাশ, আক্ৰমণাত্মক কটু উক্তি বা উগ্ৰ জাতিবাদৰ নাম-গোন্ধেই নাই। মহাকাব্যৰ আদৰ্শ চৰিত্ৰ ৰাম আৰু সীতাৰ প্ৰতিও ঘৃণা কিম্বা বিদ্ৰূপ সূচক তেনে কোনো ইংগিত ব্যঞ্জিত হোৱা নাই। সেয়া সততে উদাৰ, সৰলমনা কবি নীলাভৰ উদ্দেশ্যও নহয়। কবিয়ে ৰাম আৰু সীতাক চিত্ৰিত কৰিছে সমাজ জীৱনৰ সাধাৰণ চৰিত্ৰ হিচাপেহে--যি নেকি আজি পদে পদে নি:সীম দাৰিদ্ৰ্য আৰু লাঞ্ছনা-বঞ্চনাৰ বলি হ'বলগীয়া হৈছে।

 

ৰাম কাৰ নাম—

ৰাম হৰি যদু মধু ঘটিৰাম বাতিৰাম

ৰাম এটা লগুৱাৰ নাম

মালিকে মৰমতে ৰামু বুলি মাতে

    *********

ৰামে নাজানে

কেলেংকাৰীবোৰত তাৰ কি আহে যায়

ৰাম আন্দোলনলৈ নাযায়

ৰামে ৰাজনীতি বুজি নাপায়

জানে কেৱল সি তেৰাৰ নামত ভোট এটা দিব লাগে

ফ্ৰীতে এবটল মদ খাব লাগে

বুকুৰ বিষত কি খাব লাগে নাজানে


      দৰাচলতে ৰাজনীতি, আন্দোলন, ধৰ্মীয় মেৰুকৰণ, কৰ্পোৰেট অৰ্থনীতি, নিৰ্বাচনী ব'ণ্ড কেলেঙ্কাৰীৰ ভূ-ভা‌ নোপোৱা মেহনতী মানুহৰ প্ৰতিহে সংবেদনশীল কবিৰ দৰদ আৰু সমবেদনা ফুটি উঠিছে কবিতাটোত। সমাজৰ নিম্নস্তৰৰ ৰাম বা সীতা, কৃষ্ণ, শিৱ বা পাৰ্বতী নামৰ চৰিত্ৰও যিকোনো কবিৰ কবিতাৰ, গল্প-উপন্যাসৰ প্ৰসঙ্গ বা অনুষঙ্গ হ'ব পাৰে। নাটকৰ হিৰো বা ভিলেইন হ’ব পাৰে। সেয়া নাট্যাকাৰৰ, কবিৰ বা কথকৰ দোষ হ'ব নোৱাৰে। সাহিত্যৰ ইতিহাসলে চকু দিলেই  দীক্ষিত পাঠকে সহজেই অনুধাৱন কৰিব পাৰে। আমি আটায়ে জানো কবিতাৰ দৰে সূক্ষ্ম কলাৰ চমজদাৰ পাঠক‌ স্বাভাৱিকতেই কম। গল্প‌ বা উপন্যাসৰ পাঠকৰ দৰে বেছি নহয়। কিন্তু  আপাতঃ কঠিন বুলিয়েই কবিতা বুজিবলৈ কাহানিও চেষ্টা নকৰাসকলক, অন্তৰ্দৃষ্টি নথকাসকলক কোনোবাই কবিতাৰ দৰে সূক্ষ্ম কলাৰ সম্যক জ্ঞান দিব পাৰিব বুলি ভবাটো সমীচিন নহয়।  


    আধুনিক কবিতা বহুসময়ত জটিল যদিও নীলাভ সৌৰভৰ “ৰাম” কবিতাটো তেওঁৰ আনবোৰ কবিতাৰ দৰেই সহজবোধ্য, মুঠেও দুৰ্বোধ্য নহয়। কোনো কোনো কবিৰ দৰে তেওঁৰ কবিতাৰ উপস্থাপনত কোনো দুৰূঢ় শিল্প-চাতুৰ্য নাই, নাই ভাষাৰ কৃত্ৰিম বাগাড়ম্বৰ। তৎসত্বেও তেওঁৰ কবিতাটোৰ প্ৰতি অবিচাৰ, আক্ৰমণ জাতীয় ভাষা, সাহিত্যৰ প্ৰতি এক অশনি সংকেত। সুস্থ প্ৰগতিশীল কবিতাৰ ধাৰাটো প্ৰবাহিত কৰি ৰখাৰ স্বাৰ্থতে “ৰাম” কবিতাটোৰ লগতে নীলাভৰ কলমৰ সৃষ্টিৰাজীৰ ব্যাপক চৰ্চা-আলোচনা হ’ব লাগে। আশা ৰাখিম আমাৰ সাহিত্যৰ তীক্ষ্ণধী সমালোচকসকলে অসমীয়া কবি আৰু কবিতাক জীয়াই ৰখাৰ আন্দোলনত হোঁহকা পিছলা নকৰি সাহসেৰে নিজকে চামিল কৰিব। আমি পাহৰা অনুচিত সাহিত্য, শিল্পকৰ্ম বা কবিতাৰ ওপৰত অহা যিকোনো ধৰণৰ ফটোৱা বা আক্ৰমণ মূলতঃ বাক-স্বাধীনতা আৰু সংস্কৃতিৰ চালিকা শক্তিস্বৰূপ চিৰ গতিশীল মানবীয় প্ৰমূল্যৰাজীৰ ওপৰতে আক্ৰমণ। আমি প্ৰত্যক্ষ কৰিছোঁ যে বহুসময়ত ৰাষ্ট্ৰশক্তিৰ গণবিৰোধী মতাদৰ্শত পোনে পোনে আঘাত হানিব পৰা প্ৰগতিশীল লেখক, কবি, নাট্যকাৰ অথবা ৰাজনৈতিক কৰ্মীৰ ওপৰতে চলে ফেচিষ্টহঁতৰ সুপৰিকল্পিত আক্ৰমণ। আৰোপ কৰা হয় সমাজ দ্ৰোহীতা, দেশদ্ৰোহিতাৰ দৰে নিন্দনীয় অপৰাধ। জীৱনকালত ৰজাঘৰীয়া ৰেডহাউণ্ডহঁতৰ চিকাৰ হোৱা ছফদৰ হাছমী, বিষ্ণুপ্ৰসাদ ৰাভা, ফৈজ আহমদ ফৈজ, গৌৰী লংকেশ, নাজিম হিকমৎ, ব্ৰডস্কি বা লৰ্কাৰ দৰে কবি, লেখকসকলৰ অন্তহীন দুখ-দুৰ্দশা, আপোচহীন সংগ্ৰাম আৰু আত্মবলিদানৰ উজ্বল গাথা কথা আমি আজিও পাহৰা নাই।

    কলাৰ বাবেহে কলা মতত বিশ্বাসী ৰজাঘৰীয়া লেখক দলে একো নুবুজাৰ ভাও ধৰি এনেবোৰ কথালৈ পিঠি দিয়াই স্বাভাৱিক। এই প্ৰসঙ্গতে আৰু এটা কথা ক'ব লাগিব। “ৰাম” কবিতাটো পঢ়ি ক্ষুব্ধ হোৱা এজন পাঠকে নীলাভ সৌৰভক ৰামৰ পৰিবৰ্তে হজৰত মহম্মদৰ ওপৰতহে কবিতা লিখাৰ ছুপাৰিছ কৰিছিল। তেওঁ নিশ্চয় পক্ষপাতদুষ্ট এক সংকীৰ্ণ ধৰ্মীয় দৃষ্টিভংগীৰে কবিতাটোত ওপৰে ওপৰেহে চকু ফুৰাইছিল। কবিতাটোৰ বিষয়বস্তু বা ভাৱমণ্ডলৰ আঁৰৰ সমাজ বাস্তৱ আৰু সাহিত্যৰ সত্য উপলব্ধি কৰাটো মুঠেও তেওঁৰ উদ্দেশ্য নাছিল। একাংশ পাঠকে ভবাৰ দৰে নীলাভ সৌৰভ (আচল নাম ৰেকিবু- দ্দিন আহমেদ) মুছলমান সম্প্ৰদায়ৰ নোহোৱা হ’লে আৰু ছদ্মনামত নিলিখা হ'লে তেওঁৰ কবিতাৰ ওপৰত তেনে আক্ৰমণ নহ’লহেঁতেন। কিন্তু এই ধাৰণা যদি সত্য প্ৰতিপন্ন হয় তেন্তে সেয়া হ’ব জাতীয় ঐক্য-সংহতিৰ চহকী পৰম্পৰাৰ প্ৰতি ভাবুকিস্বৰূপ। লগতে ই হ’ব মাতৃভাষাৰ সংকট কালত অসমীয়া কবিতাৰ নিৰৱচ্ছিন্ন সৃষ্টি, চৰ্চা-অনুশীলন আৰু উত্তৰণৰ অন্তৰায়। আমি আশা ৰাখিলোঁ অসমৰ সাহিত্য জগতৰ প্ৰহৰী স্বৰূপ অগ্ৰজ কবি, সমালোচক আৰু বুদ্ধিজীৱীসকলে এই বিষয়ত তেওঁলোকৰ দৃষ্টিভংগী আগবঢ়াব।


    চাপৰিলে মেঘ নাতৰে। সাহিত্যৰ বৰঘৰৰ ৰখীয়া, মংগল মন্দিৰৰ পুৰোহিত, জাতিৰ বিবেক প্ৰবীণ-নবীন কাপ-সৈনিকসকল সংঘবদ্ধ ও জাগ্ৰত হ'বৰ‌‌ হ'ল।‌ প্ৰথম কথা তেওঁলোকে অধ্যয়ন, অভিজ্ঞতা আৰু সাধনাৰে এক বৈপ্লৱিক জীৱনদৃষ্টি আহৰণ কৰিব লাগিব। জীৱন আৰু জীৱনৰ চৌপাশ, সমাজ আৰু সমাজ ব্যৱস্থা, দেশ আৰু দেশৰ নাড়ী-নক্ষত্ৰ, ইতিহাস আৰু সভ্যতা-সংস্কৃতিৰ গতিধাৰাৰ স’তেও গভীৰভাৱে পৰিচিত হ’ব লাগিব। সমাজ বাস্তৱ, ইতিহাস জিজ্ঞাসা, ৰাজনৈতিক চেতনাৰ লগতে পৰিবৰ্তন অভীপ্সাৰে সংহত আৰু উদ্ভাসিত হ’ব লাগিব কবিৰ ভিছন বা  শিল্পবীক্ষা। আমি আজি নিজকে বাৰে বাৰে প্ৰশ্ন কৰিব লাগিব— ঘনীভূত পূজিবাদৰ অভিঘাত, উগ্ৰ জাতিবাদ, ধৰ্মীয় উন্নাসিকতা, অৰ্থনৈতিক বৈষম্য আৰু সামাজিক অবদমনত পিষ্ট— কবি নীলাভে ভৰ যৌৱনতে আশংকা কৰা— আমাৰ সমাজ দেহৰ সেই উত্তৰ আধুনিক ঘাবোৰ, বুকুৰ ভিতৰৰ দেগদেগীয়া ক্ষতবোৰ বাৰু কেতিয়া শুকাব? সেইবোৰৰ বিৰুদ্ধেইতো নীলাভ সৌৰভৰ দৰে তৰুণ তেজৰ বিস্ফোৰিত প্ৰতিবাদ। হয়, নীলাভ মানেই নিজৰ উৰিব নোৱাৰা প্ৰাচীন ডেউকাদুখন জ্বলাই দিয়া সেই স্ফীংক্স পখী– “তেজত প্ৰতিবাদ, সত্ত্বাত বিপ্লৱ”। অসমীয়া প্ৰগতিশীল কবিতাৰ ধ্বজাবাহক সনন্ত তাঁতি, জ্ঞান পূজাৰী, সমীৰ তাঁতি, ৰবীন্দ্ৰ সৰকাৰ, বিপুল দত্তৰ যথাৰ্থ উত্তৰসূৰী নীলাভ সৌৰভ।  তেওঁৰ জুই-কলমৰ জীয়া স্তৱক এটি ইয়াতে তুলি দিবৰ মন গ’ল; যাৰ ৰক্তাভ শিখাই উমি উমি জ্বলি উঠা নীলাভৰ বুকুৰ ভিতৰখন জুমি চাবলে, কবিৰ কাষত থিয় দিবলে কলিজা নথকা আমাক কিঞ্চিৎ হ’লেও সাহস যোগাব।—


      যদি আপোনাৰ কাণৰ কাষেদি গৰম বতাহ পাৰ হৈ    

                                     যোৱা নাই

      ঘপিয়াইছে ঘপিয়াওক— বলিশালৰ ছাগলী

      মৰিয়াইছে মাৰক— পদপথৰ ছাগলী

                                                  (যদি/পৃষ্ঠা, ৬৮)

                        _____________

ঠিকনাঃ

লাৰিকা গ্ৰীনভেলী, আজাৰা,

হাটখোৱাপাৰা, গুৱাহাটী,

কামৰূপ (মেট্ৰো),

পিন-৭৮১০১৭,

ফোন ৭০০২৩০৩৮৮২

ইমেইল--rsmatak@gmail.com



Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages