উদীপুৰ মেলা
নৱজ্যোতি বৰা
মাঘ বিহুৰ উৰুকাৰ পিছদিনা জনাৰ্দন পাটৰ মছৰঙে মৰিগাওঁ জিলাৰ ধৰমতুলৰ বিষ্ণু মন্দীৰৰ কাষত অনুষ্ঠিত হোৱা শিলচাং তিৱা খলা ৰজাৰ উদীপুৰ মেলা খন চাবলৈ নিমন্ত্ৰণ কৰিলে আৰু এই উদীপুৰ মেলা খন পুৱা ন-দহ বজাৰ ভিতৰত অনুষ্ঠিত হোৱা বুলি আমাক জানিব দিলে। গতিকে উক্ত মেলাখন চাবৰ বাবে মোৰ লগতে দৈনন্দিন ৰ্বাতা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াৰ সৈতে পুৱা ছয় বজাতে ঘৰৰ পৰা জনাৰ্দনৰ চৰাইবাহীত থকা ভাড়া ঘৰলৈ উলালো। জনাৰ্দনৰ ঘৰৰ পৰাই আমি তিনিও উদীপুৰ মেলা স্থলিলৈ আগ বাঢ়িলো। ঐতিহাসিক উদীপুৰ মেলা তিৱা জনগোষ্ঠিৰ সৈতে জড়িত য’ত অঞ্চলটোক পাহাৰ আৰু ভৈয়ামৰ জনগোষ্ঠীৰ মাজত প্ৰচলিত বিনিময় ব্যৱস্থা দেখিবলৈ পোৱা যায়। আমাৰ অসমত বসৱাস কৰা প্ৰতিখন সমাজৰ বিভিন্ন উৎসৱ আছে যিয়ে জনসাধাৰণৰ সংস্কৃতিক প্ৰতিফলিত কৰে। উওৰপূৱ ভাৰতৰ জনজাতি সমূহৰ মাজতো বছৰৰ বিভিন্ন ঋতুত বিভিন্ন উৎসৱ পালন কৰা হয়। উওৰ পূৰ্বাঞ্চলৰ লোকসকল মূলতঃ কৃষিজীৱী আৰু গাঁৱে-ভূঞে, পাহাৰে পৰ্বতে বসৱাস কৰে। গতিকে তেওঁলোকৰ উৎসৱবোৰ কৃষি কাৰ্য্যৰ লগত সংযোগ আছে। অসমত বসৱাস কৰা জনজাতিৰ ভিতৰত তিৱাসকৰ বিভিন্ন উৎসৱৰ ভিতৰত তেওঁলোকৰ বিনিময় প্ৰথাৰ উৎসৱটিও বৰ উলহ মালহেৰে আয়োজন কৰি আহিছে।
মৰিগাওঁ জিলাৰ ধমৰতুল বিষ্ণু মন্দিৰৰ কাষেৰে দক্ষীণ দিখে প্ৰায় দুই কিলোমিটাৰ মান সোমাই গ’লেই পোৱা যায় উদীপুৰ বিল। সেই উদীপুৰ বিলৰ কাষৰ বিশাল খেতি পথাৰখনতে বৰ উলহ মালহে ঐতিহাসিক শিলচাং তিৱা খলা দেউৰজাই ৰাজকীয় কৃষ্টি সংস্কৃতিৰে দুদিনৰ বাবে উৎযাপন কৰি আহিছে এই বিনিময় প্ৰথাৰ মেলাখন।
তাহানিৰ পৰা হৈ অহা এই উদীপুৰ মেলাখন মাঘ বিহুৰ উৰুকাৰ পিছদিনা সোমবাৰ আৰু মঙ্গলবাৰ (নহ’লে মঙ্গলবাৰ আৰু বুধবাৰে) অনুষ্ঠিত কৰে। এই উদীপুৰ মেলাৰ পাছতে আৰম্ভ হয় জোনবিল মেলাখনি। এই উদীপুৰ মেলালৈ পাহাৰৰ মামা-মামীসকলে জাকে জাকে 'হু' লৈ পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহে। উদীপুৰ মেলালৈ কাৰ্বি আংলং জিলাৰ উলুকুঞ্চি, আমচৈ, ভকচঙং, ডালিমবাৰী, বৰমাজং, আমচুৱাই, আমৰি, উমচৱাই আদিৰ লগতে ভৈয়ামৰ — নেলী, ফুলগুৰী, পশ্ছিম নগাওঁ, জাগীৰোড, পলাহগুৰী, ধৰমতুল, ৰহা, আহতগুৰী, কটহগুৰী, বাৰপুজীয়া আদি গাঁৱৰ তিৱা জনগোষ্ঠীয় লোকসকলে নিজ নিজ স্বকীয় সাজপাৰ পৰিধান কৰি নিজৰ লগত লৈ অনা– আদা, হালধি, কচু, কোমোৰা, লা, গন্ধক, আমলখি, শিমলুৰ আলু, কলডিল, ৰঙালাও, চিৰতা, ফুল ঝাডু, ধূনা, জালোক ঝু-লাওঁ, কন-জলকীয়া ইতাদি লৈ উদীপুৰ মেলা স্থলিলৈ আহে। উদীপুৰ মেলাখনি ৰাজকীয় পৰম্পৰা অনুযায়ী খলা দেওৰজাই আনুষ্ঠানিকভাবে উদ্ধোধন কৰাৰ পিছতে উক্ত মেলাখনত বিনিময় প্ৰথা অনুষ্ঠিত হয়। পাহাৰৰ মামি-মামী সকলৰ লগত ভৈয়ামৰ লোকসকলে বিনিময় ক’ৰে – বিভিন্ন ধৰণৰ পিঠা-পনা, জা-জলপান, সান্দহ গুৰি, শুকান মাছ আদি। যেতিয়া মেলাত সলনি কৰি পাহাৰৰ মামা-মামী সকল নিজ ঘৰলৈ ঘূৰি যায় তেতিয়া ঘৰত গৈ সেই সলনি কৰা বস্তুবোৰে নিজ দেৱ-দেৱীক পূজা-অৰ্চনা আগবঢ়াই নিজ বিহু অনুষ্ঠিত কৰা এক নিয়ম আছে।
বিনিময় প্ৰথাৰ পাছতে অনুষ্ঠিত হয় উদীপুৰ বিলত সমূহীয়া মৎস্য চিকাৰ কৰা পৰ্ব। হাতে হাতে জাল জুলুকি, পল, বৰ চালনী, জাকৈ লৈ উদীপুৰ বিলত নামে শত সহস্ৰজন। তিৱা ৰজা আৰু তেখেতৰ ডা-ডাঙৰীয়া সকলে পৰম্পৰাগত ৰীতি-নীতি মানি ঢাল, তৰোৱাল, জাঠী, ঢোল-পেপা লৈ বিলৰ পাৰলৈ আহে। বিলৰ পাৰত ৰজাৰ লগতে ৰাজ পৰিষদে স্বক্ৰীয় নীতি-নিয়মেৰে উদীপুৰ বিলত পূজা দিয়াৰ পিছতে পানী হিলৈ ফুটোৱাৰ পিছতে বিলত উপস্থিত থকা লোক সকলে আনন্দ কৰি মাছ ধৰিবলৈ ধৰে। সেই বিলৰ পাৰতে নাচ-গানো গাই আনন্দ কৰে মাছ ধৰা লোকসকলে। উদীপুৰ বিলত অকল মৎস্য চিকাৰ কৰাই নহয় ইয়াৰ লগতে মেলাস্থলিত অনুষ্ঠিত কৰা হয় পৰম্পৰাগত কুঁকুৰা যুঁজ। কুঁকুৰা যুঁজৰ খেলখন য’ত অনুষ্ঠিত কৰা হয় সেই খেল পথাৰত চাৰিওফালে কুঁকুৰাৰ মালিক সকলে ঘূৰনীয়াকৈ বহি কুঁকুৰাৰ জোৰ মিলিয় লয়। এই কুঁকুৰা খেলখন অনুষ্ঠিত কৰা আগত তিৱা সকলৰ পৰম্পৰাগত ৰীতি-নীতি মানি এভাগ পূজা আগ বঢ়োৱা হয়। যেতিয়া কুঁকুৰাৰ যোৰ মিলে তেতিয়া কুঁকুৰাৰ মালিক সকলে কুঁকুৰাৰ ভৰিত বিশেষ লোৰ জোঙা অস্ত্ৰ বান্ধি কুঁকুৰাক যুদ্ধৰ বাবে পথাৰত এৰি দিয়াৰ লগে লগে কুঁকুৰাটোৱে বিশেষ ভংগীত উপৰলৈ জাপ মাৰি এটাই আনটোক ভৰিত বন্ধা জোঙা অস্ত্ৰৰে আঘাট কৰা দৃশ্য সঁচাই চাবলগীয়া। এই যুঁজত মৃত্যু হোৱা কুঁকুৰাটো যুঁজত জিকা কুঁকুৰাৰ মালিকে লাভ কৰে। উদীপুৰ মেলা স্থলিত সমবেত হোৱা হাজাৰ হাজাৰ দৰ্শকৰ বাবে তিৱাসকলৰ পৰম্পৰাগত কৃষ্টি-সংষ্কৃতি লগতে বাৰেবহনীয়া সংষ্কৃতিৰো আয়োজন কৰা হয়। সেই মেলাস্থলিতে শিলচাং তিৱা খলা দেউৰজাৰ ৰাজদৰবাখনো অনুষ্ঠীত কৰা হয়। উদীপুৰ মেলাস্থলিতে মোৰ লগতে ডিম্পুল কুমাৰ চুতীয়াক তিৱা সকল এখন ফলিৰে (গামোচাৰে) আদৰণি জনোৱি হৈছিল। এই লেখাৰ মাজেৰে উদীপুৰ মেলাখন চোৱাত সহায় কৰা তিৱা সাহিত্য সভাৰ সহঃসম্পাদক জনাৰ্দন পাটৰ মচৰং’ক এই লেখাৰ মাজেৰে ধন্যবাদ জনালো।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫
No comments:
Post a Comment