সাম্প্ৰতিক যুৱ সমাজৰ উশৃঙ্খলতা
লহৰজ্যোতি মৰাণ
যুৱ সমাজ হৈছে ৰাষ্ট্ৰৰ মূখ্য চালিকা শক্তি। যুৱকৰ শক্তি, উদ্যম, চেতনা আৰু উৎসাহেই সমাজক আগবঢ়াই নিয়ে। যুৱকসকলে আগুৱাই যায় নতুন চিন্তা, নতুন দিশ, নতুন ভাৱনা। সেইবাবে কোৱা হয় – “যুৱক মানেই ভৱিষ্যৎ, যুৱক মানেই আশা।” কিন্তু আজিৰ বাস্তৱত ছবিখন অলপ ভিন্ন। আজিৰ দিনে দেখা গৈছে যে, যুৱ সমাজৰ এক বৃহৎ অংশে নিজৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰিব নোৱাৰি উশৃঙ্খলতাৰ পথত নামি পৰিছে। এই উশৃঙ্খলতাৰ সমস্যা কেৱল ব্যক্তিগত স্তৰত সীমাবদ্ধ নহয়, ই পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰকো ক্ষতিগ্ৰস্ত কৰি তুলিছে।
যুৱ সমাজৰ উশৃঙ্খলতাৰ মূলত একাধিক কাৰণ আছে।
আধুনিকতাৰ প্ৰভাৱঃ
আধুনিকতাৰ নামত পশ্চিমী সংস্কৃতিৰ অন্ধ অনুকৰণে আমাৰ যুৱ সমাজক গভীৰভাৱে প্ৰভাৱিত কৰিছে। পাৰম্পৰিক নীতি-নৈতিকতা, মূল্যবোধ আদি উপেক্ষা কৰি যুৱ সমাজে বাহ্যিক নীতি নিয়ম বেছি গুৰুত্ব দিবলৈ ধৰিছে।
আজিৰ সময়ত প্ৰযুক্তি আমাৰ জীৱনৰ অংশ। কিন্তু এই প্ৰযুক্তিৰ অপব্যৱহাৰে যুৱ সমাজৰ মাজত বিপদ সৃষ্টি কৰিছে। চচিয়েল মিডিয়াত অতিমাত্ৰা আসক্তি, অশ্লীল বিষয়বস্তু, অনলাইন গেম আদিয়ে সময় নষ্ট কৰাৰ লগতে যুৱকৰ মনোবলকো ক্ষয় কৰিছে।
শিক্ষিত বেকাৰৰ সংখ্যা বৃদ্ধি পাইছে। যুৱকসকলে নিজৰ যোগ্যতাৰ অনুযায়ী উপযুক্ত কাম নাপালেহে হতাশ হয়, আৰু এই হতাশাই তেওঁলোকক উশৃঙ্খলতাৰ পথলৈ ঠেলি দিয়ে।
পিতৃ-মাতৃৰ পৰা সঠিক দিশ নিৰ্ণয় নোপোৱাও এক গুৰুত্বপূৰ্ণ কাৰণ। অভিভাৱকৰ সঠিক স্নেহ আৰু সতৰ্কতাৰ অভাৱত সন্তান ভুল দিশত গ’লে সলনি কৰিব পৰা কঠিন হৈ পৰে।
মাদকদ্ৰব্য, মদ, গাঞ্জা, ড্ৰাগছ, কানি আদিৰ সহজলভ্যতাই যুৱ সমাজক ধ্বংসৰ পথত ঠেলি দিছে। এই নিচাই দেহ, মন, বুদ্ধি সকলো ধ্বংস কৰে।
বিদ্যালয়-কলেজত কেৱল পাঠ্যপুস্তকৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়, কিন্তু নৈতিক শিক্ষাৰ অভাৱত যুৱ সমাজে দায়িত্বশীল জীৱনৰ মূল্য উপলব্ধি কৰিব নোৱাৰে। যাৰ বাবে তেওঁলোকৰ পৰবৰ্তী জীৱন জটিল সমস্যাত পৰে।
সমাধান হিচাপে বিচাৰিলে বহুকেইটা কাৰণ উল্লেখ কৰিব লাগিব —
বিদ্যালয়-কলেজত কেৱল একাডেমিক শিক্ষা নহয়, নৈতিক শিক্ষা, জীৱনমূল্য শিক্ষা, সমাজসেৱা আদি সন্নিৱিষ্ট কৰিব লাগিব।
সন্তানৰ সৈতে অভিভাবক সকলে সময় কাটাব লাগিব, তেওঁলোকক বন্ধুস্বৰূপে আচৰণ কৰিব লাগিব। কঠোৰ শাসনৰ পৰা বেছি দিশনিৰ্ণয় আৰু ভালপোৱা প্ৰয়োজন।
যুৱকৰ সকলৰ বাবে উদ্যোগ, শিল্প-প্ৰতিষ্ঠান, প্ৰশিক্ষণ আদি সুযোগ বৃদ্ধি কৰিব লাগিব। কৰ্ম সংস্থাপন লাভ কৰিব পৰাকৈ।
মাদকৰ দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ আইন আৰু সামাজিক সচেতনতা দুয়োটাই একেলগে চলিব লাগিব।
যুৱ সমাজক নিজৰ ভাষা, সাহিত্য, সংগীত, নাটক, খেল-ধূলা আদি দিশলৈ আকৰ্ষণ কৰি সমাজৰ শৃঙ্খলা পুনৰুদ্ধাৰ কৰিব পাৰি।
সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে— যুৱকে নিজৰ ভিতৰত আত্মসংযম, দায়িত্ববোধ আৰু শৃঙ্খলা গঢ়ি তুলিব লাগিব। বাহিৰৰ সহায়েই সঁচাকৈ যথেষ্ট নহয়।
যুৱ সমাজ যদি উশৃঙ্খল হয়, তেন্তে দেশ বা ৰাষ্ট্ৰৰ ভৱিষ্যৎ বাবেও বিপদত পৰে। যুৱকসকলে যেতিয়া সঠিক পথত থাকে, তেতিয়াহে সমাজত শান্তি, সম্প্রীতি আৰু উন্নতি আহে। যুৱকক ধ্বংসৰ পৰা উদ্ধাৰ কৰাৰ দায়িত্ব কেৱল পিতৃ-মাতৃ বা শিক্ষককেই নহয়, সমাজৰ প্ৰতিজন সদস্যৰ। সেইবাবে, যুৱ সমাজে নিজৰ শক্তি সঠিক দিশত ব্যৱহাৰ কৰিব লাগিব। সাহিত্য, সংগীত, ক্ৰীড়া, সমাজসেৱা আদি দিশত যদি তেওঁলোকৰ উৎসাহ বঢ়োৱা যায়, তেন্তে উশৃঙ্খলতাৰ পৰা ৰক্ষা কৰা যাব।
শেষত ক’ব পাৰি—
“যুৱক মানেই আশা, যুৱক মানেই ভৱিষ্যৎ।”
যুৱকৰ উশৃঙ্খলতাৰ পৰা মুক্ত হৈ যদি সঠিক শৃঙ্খলা আৰু দায়িত্ববোধৰে জীৱন চলিব পাৰে, তেন্তে আমাৰ ৰাষ্ট্ৰ সঁচাকৈও এক সমৃদ্ধিশালী ৰাষ্ট্ৰ ৰূপে গঢ়ি উঠিব।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫
No comments:
Post a Comment